বিজনীত বিপিএফ নেতা কমলছিং নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ চিৰাং জিলাৰ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত আজি জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত ৩৩নম্বৰ বিজনী বিধানসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী কমলছিং নাৰ্জাৰীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে |
কংগ্ৰেছ, এ আই ইউ ডি এফ, চিপিএম, চিপিআই, চিপিআই এম এল, আঞ্চলিক গণমৰ্চা সমৰ্থিত মহাজোঁটৰ প্ৰাৰ্থী কমলছিং নাৰ্জাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত পূৰ্বৰ দৰে বিজনী সমষ্টিৰ জনগণে তেওঁক জয়ী বুলি আশা ব্যক্ত কৰে |
তেওঁ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চিৰাং জিলাত বিগত বিটিচি নিৰ্বাচনত বিপিএফে ভাল ফল লাভ কৰাত এইবাৰ কেইবাটাও দলৰ স’তে বিপিএফে একেলগে যুঁজ দিয়াত তেওঁ বিপুল ভোটৰ নিকটতম প্ৰাৰ্থীতকৈ জয়ী হ’ব বুলি ব্যক্ত কৰে | উল্লেখ্য যে বিজনী বিধানসভা সমষ্টিত তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত কমলছিং নাৰ্জাৰীয়ে চতুৰ্থবাৰৰ বাবে আজি তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অসম বিধান সভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে |
আজি মনোনয়ন পত্ৰ প্ৰদান উপলক্ষে বিপিএফৰ পৰা বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক সভাৰ আয়োজন কৰে | সভাত বিপিএফৰ জ্যেষ্ঠ নেতা, মন্ত্ৰী চন্দন ব্ৰহ্মই ভাষণত সমৱেত ৰাইজক অহা ৬ এপ্ৰিলত বিপিএফৰ প্ৰাৰ্থী সকলক জয়ী কৰিলেই অহা ১০ মে’ত বিটিচি পৰিষদ বিপিএফে গঠন কৰিব বুলি মত ব্যক্ত কৰে |
একেদৰে বিপিএফৰ ১২ জন প্ৰাৰ্থীয়ে জয়ী হোৱাৰ লগতে ৰাজ্যত মহাজোঁটৰ চৰকাৰ গঠন হব বুলি ব্যক্ত কৰে | বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক খেল পথাৰৰ সভাত কংগ্ৰেছ, এ আই ইউ ডি এফ, চিপিআই (এম)ৰ নেতৃত্বৰ লগতে বিপিএফৰ প্ৰাৰ্থী কমলছিং নাৰ্জাৰীসহ বিপিএফৰ নেতা, কৰ্মী আৰু মহাজোঁটৰ সহস্ৰাধিক সমৰ্থকে অংশগ্ৰহণ কৰে | সভাস্থলীৰ পৰা পাছত সমদলেৰে বিজনী বজাৰ হৈ বিপিএফ প্ৰাৰ্থী কমলছিং নাৰ্জাৰীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে |