নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্রমণসূচীৰে ২২ মার্চত অসমত নির্বাচন আয়োগ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ আগন্তুক অসম বিধানসভা নির্বাচনৰ প্রস্তুতি সম্পর্কত বুজ লোৱাৰ অর্থে ভাৰতৰ নির্বাচন আয়োগ অহা ২২ মার্চত গুৱাহাটীত উপস্থিত হ’ব৷ দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হ’বলগীয়া আয়োগৰ এই দলটিত আয়োগৰ সচিবপ্রধান উমেশ সিন্হা, সঞ্চালকপ্রধান ধর্মেন্দ্র শর্মা, প্রেছ ইন্ফ’ৰমেচন ব্যুৰ’ৰ অতিৰিক্ত সঞ্চালকপ্রধান তথা মুখপাত্র শেফালী বি চৰণ আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকিব৷

অহা ২২ মার্চত গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই আয়োগৰ দলটি তেজপুৰলৈ যাত্রা কৰিব আৰু প্রথম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ লগত এক পর্যালোচনা সভাত মিলিত হ’ব৷

এই সভাত অসমৰ বাবে নিযুক্ত বিশেষ–সাধাৰণ, আৰক্ষী আৰু ব্যয় পর্যবেক্ষক ক্রমে ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া সুদর্শনম শ্রীনিৱাসন, ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া অশোক কুমাৰ আৰু ভাৰতীয় ৰাজহ সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া নীনা নিগম, অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়ে, অসম আৰক্ষীৰ নডেল বিষয়া দীপক কেডিয়া, কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ সমন্বয়ক, উজনি অসম আৰু উত্তৰ অসম সংমণ্ডলৰ আয়ুক্তদ্বয় আৰু উত্তৰ–পূব, উত্তৰ, পূব, মধ্য আৰু মধ্য পশ্চিম মণ্ডলৰ আৰক্ষী উপ–মহাপৰিদর্শকসকল উপস্থিত থাকিব৷

‘অসম বিধানসভা নির্বাচন–২১’ স্বচ্ছ, নিকা আৰু সুৰক্ষিত ৰূপত অনুষ্ঠিত কৰাৰ বাবে লোৱা পদক্ষেপসমূহৰ অগ্রগতিৰ বিষয়ে সভাত বুজ লোৱাৰ পিছতে আয়োগৰ দলটি পুনৰ গুৱাহাটীলৈ উভতি অসমৰ মুখ্য নির্বাচনী বিষয়াৰ সৈতে এক বৈঠকত মিলিত হ’ব৷

You might also like