পুঁজিপতিক ধনৱন্ত কৰাৰ চিন্তাতহে মগ্ন প্রধানমন্ত্রী মোদীঃ ৰাহুল গান্ধী
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ নাগপুৰৰ নির্দেশত বিজেপিয়ে অসমৰ বুৰঞ্জী, ভাষা–সংস্কৃতিক আক্রমণ কৰি নিঃশেষ কৰাৰ ষড়যন্ত্র কৰিছে৷ অসমত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীৰ স্বকীয় একোটা চিনাকি থকাৰ পাছতো সেইসমূহক ধূলিসাৎ কৰি একগোট কৰাৰ যি পৰিকল্পনা কৰিছে, সেয়া অতি নিন্দনীয়৷ –এই মন্তব্য ৰাহুল গান্ধীৰ৷
তেওঁ কয় যে কংগ্রেছ দলে প্রতিটো জাতি–জনগোষ্ঠীক লগত লৈ আগবাঢ়ি গৈছিল আৰু ভৱিষ্যতৰ দিনতো আগবাঢ়ি যাব৷ ভাৰতীয় জাতীয় কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে ডুমডুমা নগৰ খেলপথাৰত দহ সহস্রাধিক লোকৰ সন্মুখত আজি বিয়লি ১২৫নং ডুমডুমা সমষ্টিৰ কংগ্রেছ দলৰ প্রার্থী দুর্গা ভূমিজৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ তেওঁ কয় যে মিথ্যাচাৰৰ আশ্রয় লৈ শাসন চলাই থকা নৰেন্দ্র মোদীয়ে জনসাধাৰণক দিয়া প্রতিশ্রুতিসমূহ পালন কৰাৰ পৰিৱর্তে নির্দিষ্ট কেইজনমান পুঁজিপতিক কিদৰে আৰু অধিক ধনৱন্ত কৰিব পাৰি, তাৰ চিন্তাতহে মগ্ন হৈ থাকে৷ কিন্তু মোদীৰ দৰে ৰাহুল গান্ধীয়ে কেতিয়াও মিছা কথা নকয় বুলি উল্লেখ কৰি কংগ্রেছ দলে চৰকাৰ গঠন কৰাৰ পাছতেই ছত্তিশগডত কৃষকৰ ঋণ মাফ কৰাৰ দৰে অসমতো চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰাৰ লগতে জাতিধ্বংসী ‘কা’ বাতিল, ৫ লাখ চৰকাৰী চাকৰি, প্রতিটো পৰিয়ালক প্রতিমাহে ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়া আৰু প্রতিগৰাকী গৃহিণীলৈ মাহে ২,০০০ টকাকৈ প্রদান কৰাৰ গেৰাণ্টীৰে প্রতিশ্রুতি প্রদান কৰে৷
ইয়াৰ উপৰি প্রতিটো ক্ষেত্রতে সাধাৰণ শ্রেণীৰ ৰাইজে দুর্ভোগ ভুগিবলগীয়া হোৱা বিষয়টোত ক্ষোভ প্রকাশ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে৷ আনহাতে, ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে কয় যে বিজেপিয়ে এক্সপ্রেছ হাইৱে’, বাংলাদেশ বর্ডাৰ ছীল কৰাৰ প্রতিশ্রুতি দি অসমৰ সকলো ৰাইজৰ আনন্দ সর্বানন্দক মুখ্যমন্ত্রী হিচাপে অধিষ্ঠিত কৰিছিল যদিও সর্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হোৱাৰ পাছত সাধাৰণ ৰাইজৰ আনন্দ হোৱাৰ পৰিৱর্তে চোৰাং গৰু, কয়লা, কাঠ, চুপাৰি আদিৰ চোৰাং বেপাৰীৰ বাবেহে আনন্দৰ দিন হৈ পৰিছে৷ মোদী চৰকাৰে অসমৰ লগতে দেশৰ অন্যান্য ঠাইৰ ৰাজহুৱা সম্পত্তিসমূহ যিদৰে বিক্রী কৰিবলৈ লৈছে, সেয়া সোনকালে বন্ধ কৰক৷ কিয়নো এই সম্পত্তিসমূহ বিজেপিৰ পৈতৃক সম্পত্তি নহয়৷ ছত্তিশগড়ত ৰাইজে যিদৰে বিশ্বাসত লৈ কংগ্রেছ দলৰ চৰকাৰ গঠন কৰি ৰাইজৰ সেৱা আগবঢ়াবলৈ সুযোগ দিছে, সেইদৰে অসমতো কংগ্রেছ দলক ৰাইজে বিশ্বাস কৰক বুলি মুখ্যমন্ত্রীগৰাকীয়ে কয়৷
শুকুৰবাৰৰ এই সভাত অসমৰ পর্যবেক্ষক জিতেন্দ্র সিং, নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়, নিখিল ভাৰত কংগ্রেছ কমিটীৰ সম্পাদক তথা সাংসদ প্রদ্যুৎ বৰদলৈ উপস্থিত থাকে৷ কংগ্রেছ দলৰ ডুমডুমা সমষ্টিৰ প্রার্থী দুর্গা ভূমিজ, ডিগবৈ সমষ্টিৰ প্রার্থী শিৱনাথ চেতিয়া আৰু মিত্রজোঁট আৰজেডিৰ তিনিচুকীয়া সমষ্টিৰ প্রার্থী হীৰাদেৱী চৌধুৰীক জয়যুক্ত কৰাবলৈ সকলোকে ৰাহুলে আহ্বান জনায়৷