অসমত মাস্ক পৰিধান বাধ্যতামূলক; অন্যথা ১০০০ টকা পর্যন্ত জৰিমনা
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ক’ৰোনাৰ বর্ধিত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি পুনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিছে কেতবোৰ নীতি–নির্দেশনা৷
এতিয়াৰে পৰা ৰাজহুৱা স্থানত সকলো লোকেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব৷ অন্যথা এহেজাৰ টকা পর্যন্ত জৰিমনা ভৰিব লাগিব৷
ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে লোৱা এই সতর্কতামূলক ব্যৱস্থা কার্যকৰী কৰি কামৰূপ জিলাৰ উপায়ুক্তই এক নির্দেশনাত কয় যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা ৰক্ষা পাবৰ বাবে কেতবোৰ নতুন নির্দেশনা জাৰি কৰা হৈছে৷
সেই অনুসৰি ঘৰৰ বাহিৰত ঘূৰা–ফুৰা কৰা সকলো লোকেই তিনিতৰপীয়া মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ মাস্কৰ পৰিৱর্তে গামোচা বা অন্য পৰম্পৰাগত কাপোৰো মুখ ঢাকিবলৈ ব্যৱহাৰ কৰিব পাৰিব৷
ৰাজহুৱা সভা–সমিতি, বজাৰ, ৰাজহুৱা যান–বাহন, চৰকাৰী–বেচৰকাৰী কার্যালয় সকলোতেই এই নির্দেশনা বলৱৎ হ’ব৷ এই নির্দেশনা উলংঘা কৰিলে প্রথমবাৰ ৫০০ টকা জৰিমনা বিহা হ’ব৷ ইয়াৰ পাছতো যদি কোনো লোকে মাস্ক পৰিধান নকৰে, তেনেহ’লে তেওঁলোকে এহাজাৰ টকা জৰিমনা ভৰিব লাগিব৷
উল্লেখ্য যে সমগ্র দেশৰ লগতে অসমতো ক’ভিডৰ নতুন পর্যায়ৰ সংক্রমণ আৰম্ভ হৈছে৷ নির্বাচনৰ বতৰত বিভিন্ন সভা–সমিতিত মুকলিকৈ ক’ভিড বিধি উলংঘা কৰা দেখা গৈছে৷ যাৰ বাবে সতর্কতামূলক ব্যৱস্থা হিচাপে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে৷