নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলিৰ চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবি ‘লাইফ ইন এ পাপেট’

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ দক্ষিণ আমেৰিকাৰ ক্রীডা আৰু সাংস্কৃতিক ক্ষেত্রৰ আগৰণুৱা ৰাষ্ট্র চিলিত অনুষ্ঠিত ছাউথ ফিল্ম এণ্ড আর্টছ একাডেমী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত (এছ এফ এ এ এফ) অসম সন্তান ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–এ তথ্য–কাহিনীমূলক পূর্ণদৈর্ঘ্যৰ চলচ্চিত্র শাখাত অর্জন কৰিছে শ্রেষ্ঠ ছবিৰ সন্মান৷ শ্রেষ্ঠ ছবিৰ লগতে পৰিচালক ৰাজেন দাসে লাভ কৰিছে শ্রেষ্ঠ কাহিনী–চিত্রনাট্যৰ বঁটা৷ আনহাতে, অসমৰ বিশিষ্ট সংগীত শিল্পী তৰালি শর্মাই ‘লাইফ ইন এ পাপেট’ত কৰা সংগীত পৰিচালনাৰ বাবে এই মহোৎসৱত লাভ কৰিছে শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা৷ চিলিত অনুষ্ঠিত চতুর্থ বার্ষিক আগশাৰীৰSFAAF আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ‘লাইফ ইন এ পাপেট’–এ শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰি অসমলৈ কঢ়িয়াই অনা এই সংবাদ  মহোৎসৱৰ অফিচিয়েল ৱেৱছাইটত প্রকাশ হোৱাত ‘লাইফ ইন এ পাপেট’ পৰিয়ালৰ লগতে অসমৰ বিলুপ্তপ্রায় পুতলা নাচৰ শিল্পীসকলৰ মাজত আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে৷

আনহাতে, শুকুৰবাৰে ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসকSFAAF আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ মুখ্য কার্যবাহী বিষায়া গুষ্টভো এলফছঁ’ৱে এক মেইল বার্তাযোগে এই শুভসংবাদ প্রেৰণ কৰি অভিনন্দন জ্ঞাপন কৰে৷

উল্লেখ্য যে চিলিত অনুষ্ঠিত এই আন্তঃৰাষ্ট্রীয় মহোৎসৱত অসমৰ ‘লাইফ ইন এ পাপেট’–এ দেশ–বিদেশৰ বহুসংখ্যক ছবিৰ মাজৰ পৰা জুৰীৰ বাছনিত মনোনীত হোৱাৰ খবৰ অসমৰ সংবাদ–পত্রত প্রকাশ পাইছিল যোৱা ৬ মার্চত৷ প্রায় এপষেক ধৰি জুৰীৰ কঠিন নিৰীক্ষণৰ অন্তত অৱশেষত কালি মহোৎসৱ কর্তৃপক্ষই আনুষ্ঠানিক ফলাফল ঘোষণা কৰে, য’ত ফিচাৰ ফিল্ম শাখাত শ্রেষ্ঠ তথ্য–কাহিনীমূলক চলচ্চিত্র শিতানত ভাৰতক প্রতিনিধিত্ব কৰা অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–এ লাভ কৰে শ্রেষ্ঠ ছবিৰ সন্মান৷ আন তিনিটা শাখাত শ্রেষ্ঠ নির্বাচিত হয় আমেৰিকা যুক্তৰাষ্ট্রৰColors Never Lie, অষ্ট্রিয়াৰIn Just A Few Minutes, গ্রেট ব্রিটেইনৰParis’s Apple নামৰ ছবি তিনিখনে৷

উল্লেখ্য যে ভাৰতৰ ‘লাইফ ইন এ পাপেট’ৰ লগতে মহোৎসৱৰ পূর্ণদৈর্ঘ্য আৰু চুটি ছবি বিভাগৰ বিভিন্ন শাখাত ইটালী, ব্রাজিল, কানাডা, চীন, স্পেইন, বুলগেৰিয়া, অষ্ট্রেলিয়া আদি ২৫খন ৰাষ্ট্রৰ ছবিয়ে বিভিন্ন শিতানত পুৰস্কাৰ লাভ কৰে৷ ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসে কয় যে এই স্বীকৃতি অসমৰ চলচ্চিত্র জগতৰ বাবে অত্যন্ত আশাপ্রদ খবৰ৷ অসমৰ বিলুপ্তপ্রায় পুতলা নাচক উপজীব্য হিচাপে লৈ নির্মাণ কৰা চলচ্চিত্রখনৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত পুতলা নাচক আদৰি লোৱা কথাটো যথেষ্ট তাৎপর্যপূর্ণ বুলি পৰিচালক ৰাজেন দাসে মন্তব্য আগবঢ়ায়৷

আনহাতে, সংগীত পৰিচালক তৰালি শর্মাই এইবঁটা প্রাপ্তিৰ বাবে যথেষ্ট আনন্দিত বুলি মত প্রকাশ কৰে৷ পুতলা নাচৰ দৰে বিলুপ্তপ্রায় লোকশিল্পই চলচ্চিত্রৰ মাধ্যমত অসমক পুনৰ এবাৰ বিশ্ব প্রেক্ষাপটত গৌৰৱান্বিত কৰিলে বুলি মত প্রকাশ কৰে বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে৷

উল্লেখ্য যে আশা বৰদলৈ, দীপান্বিতা দাস, পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকা অভিনীত আৰু মীনাক্ষি দাসৰ সহঃ প্রযোজনাত নির্মাণ কৰা ৰাজেন দাস প্রযোজিত–পৰিচালিত ‘লাইফ ইন এ পাপেট’ৰ বিশ্বমুখী যাত্রাক শুভকামনা জনাইছে বহুসংখ্যক দল–সংগঠন, অনুষ্ঠান–প্রতিষ্ঠানে৷

আনহাতে, চলচ্চিত্রখনৰ মূল অভিকেন্দ্র পৰিচালক ৰাজেন দাসৰ ওপজা গাঁও ভালুকীত এই সাফল্যৰ সংবাদ অহাৰ লগে লগেই এক আবতৰীয়া দীপাৱলীৰ পৰিৱেশ সৃষ্টি হৈছে৷

You might also like