নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ এপ্রিলত ভাৰতলৈ আহিব ডেনমার্কৰ প্রধানমন্ত্রী ফ্রেডেৰিকছেন

ক’ভিড–১৯ মহামাৰীৰ মাজত প্রথমবাৰলৈ ডেনমার্কৰ প্রধানমন্ত্রী মেট্টে ফ্রেডেৰিকছেনে অহা মাহত ভাৰত ভ্রমণ কৰিব৷ ক’ভিড মহামাৰীৰ মাজত কোনো দেশৰ চৰকাৰৰ প্রথমগৰাকী মুৰব্বী হিচাপে মেট্টেই ভাৰতত উপস্থিত হ’ব৷ আগন্তুক ১৫ এপ্রিলত প্রধানমন্ত্রীগৰাকীয়্ আহি নতুন দিল্লীত উপস্থিত হ’ব বুলি দুয়োখন দেশৰ চৰকাৰী সূত্রই সদৰী কৰিছে৷ নতুন দিল্লীৰ সৈতে স্কেণ্ডেনিয়ান বা নর্ডিক দেশসমূহৰ মাজত ক্রমাৎ সম্পর্ক সুদৃঢ় হৈ আহিছে৷ নর্ডিক দেশ ডেনমার্কৰ সৈতেও ভাৰতৰ আছে মৈত্রীৰ সম্পর্ক৷ যোৱা বছৰ এক ভার্চুৱেল সন্মিলনত ডেনমার্কৰ প্রধানমন্ত্রী মেট্টেৰ সৈতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আলোচনাত মিলিত হৈছিল৷ কোনো নর্ডিক দেশৰ চৰকাৰৰ মুৰব্বীৰ সৈতে ভাৰতৰ প্রধানমন্ত্রীৰ এয়া আছিল প্রথম এনেধৰণৰ সন্মিলন৷ লক্ষণীয়ভাৱে দুয়োখন দেশে গ্রীন ষ্ট্রেটেজিক পার্টনাৰশ্বিপত গুৰুত্ব প্রদান কৰি আহিছে৷

You might also like