নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ, পুনৰ লকডাউন ফ্রান্সত

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ ক’ভিড–১৯ মহামাৰীয়ে বিশ্বৰ বিভিন্ন দেশত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিবলৈ লৈছে৷ ইউৰোপৰ কেইবাখনো দেশত মহামাৰীৰ সংক্রমণৰ দ্বিতীয় তথা তৃতীয় জোৱাৰ আৰম্ভ হৈছে৷ লগে লগে এই দেশসমূহে ক’ভিড মহামাৰী প্রতিৰোধৰ কঠোৰ প্রট’কল জাৰি কৰিছে৷ ফ্রান্সে পেৰিছ আৰু নিচ অঞ্চলকে ধৰি বিভিন্ন স্থানত আগন্তুক চাৰি সপ্তাহলৈ জাৰি কৰিছে লকডাউন৷

অৱশ্যে যোৱা মার্চৰ পৰা নৱেম্বৰলৈ যিধৰণৰ কঠোৰ লকডাউন জাৰি কৰিছিল, এইবাৰ সেয়া কিছু শিথিল কৰিছে ফ্রান্সে৷ চিএনএনৰ প্রতিবেদন অনুসৰি লকডাউনৰ সময়ত কঠোৰ প্রট’কল মানি জনসাধাৰণে ঘৰৰ বাহিৰলৈ ওলাব পাৰিব ফ্রান্সত৷ এইবাৰ লকডাউনত সম্পূর্ণৰূপে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকাৰ নীতি পৰিহাৰ কৰিছে দেশখনে৷

You might also like