নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ড০ শর্মাৰ পদযাত্রাত পাৰভগা উছাহ

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ  মৰিগাঁও সমষ্টিৰ বিজেপি প্রার্থী ৰমাকান্ত দেউৰীৰ সমর্থকৰ মাজত শুকুৰবাৰে মৰিগাঁও নগৰত প্রত্যক্ষ কৰা হ’ল পাৰভগা উলাহ৷ এই উলাহক অধিক কৰি তুলিলে ড০ হিমন্ত বিশ্ব শর্মাৰ আগমনে৷ বিয়লি ৪ বজাত ড০ শর্মাই ৰমাকান্ত দেউৰীৰ সমর্থনত মৰিগাঁও নগৰত পদযাত্রা কৰা বার্তাই উৎফুল্লিত কৰিলে বজেপি নেতা–কর্মী আৰু সমর্থকসকলক৷ আদৰৰ নেতাগৰাকীক একেবাৰে কাষৰ পৰা প্রত্যক্ষ কৰাৰ হেঁপাহ মনত পুহি বিয়লি ২ বজা মানৰ পৰা মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ চাৰিওকাষে লোক সমৱেত হয়৷ হেলিকপ্টাৰ অৱতৰণৰ বাবে আৰক্ষীয়ে ক্ষীৰোদ বৰুৱা ষ্টেডিয়াম কটকটীয় নিৰাপত্তা আবেষ্টনীৰে সংৰক্ষিত কৰে৷

ইফালে, জালুকবাৰী সমষ্টিত নিজৰ মনোনয়ন পত্র দাখিল কৰি বিয়লি ৫ বজাৰ আগে আগে ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত ড০ শর্মাৰ হেলিকপ্টাৰ অৱতৰণৰ লগে লগে সমর্থকৰ ধ্বনিৰে মুখৰ হয় ষ্টেডিয়ামৰ চৌপাশ৷ মন্ত্রী পীয়ূষ হাজৰিকা, প্রার্থী তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে ড০ শর্মাক আদৰি আনি মূল পদযাত্রাৰ শুভাৰম্ভ কৰে৷ ষ্টেডিয়ামৰ পৰা পদযাত্রা পছতীয়া, মৰিমুছলমান গাঁও হৈ চিভিল হাস্পতালৰ কাষেৰে গৈ গছবাৰী, বাকৰিগাঁও, ৰজাগাঁও হৈ মূল ৰাজপথেৰে প্রায় ৮ কিলোমিটাৰ পথ পৰিক্রমা কৰে৷ নৃত্য–গীতেৰে মুখৰ পদযাত্রাটো আগবাঢ়ি যোৱাৰ সময়ত পথৰ দুয়োকাষে শুভাকাংক্ষী, সমর্থকৰ দীঘলীয়া শাৰীৰ সৃষ্টি হয়৷

লক্ষণীয় যে ‘আহিছে আহিছে হিমন্ত আহিছে, আশাৰ বতৰা লৈ’, দিল্লীত আদৰৰ নৰেন্দ্র, অসমত আদৰৰ সর্বানন্দ–হিমন্ত, মৰিগাঁৱত মৰমৰ ৰমাকান্ত’ শীর্ষক নির্বাচনকেন্দ্রিক গীতৰ তালে তালে নৃত্য কৰি পদযাত্রাকাৰী কেইবাহাজাৰো লোক সমৱেত হয় মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত৷ সমৱেত জনতাক প্রবল হর্ষোল্লাসৰ মাজত ড০ হিমন্ত বিশ্ব শর্মাই কয়– অসমত পুনৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈছে, কাৰণ প্রতিদিনেই ৰাইজৰ সমর্থন বাঢ়িছে বিজেপিৰ প্রতি৷ সেইবাবেই আগন্তুক পাঁচ বছৰ হ’ব চৰকাৰৰ বিকাশৰ যাত্রা৷ ৭০ বছৰ শাসন কৰা কংগ্রেছে দোকানীৰ দৰে পাঁচটা গেৰাণ্টী দি হাঁহিয়াতৰ পাত্র হৈছে৷ সুতা, কম্বল, ধুতী দিয়া কংগ্রেছে কি উন্নয়ন কৰিব৷ ক্ষমতাৰ বাবে ৰকিবুল হুছেইন উঠিছে হাতীত, আন এজন উঠিছে ঘোঁৰাত, ৰিপুণ বৰা উঠিছে আজমলৰ বোকোচাত৷ তেওঁ চিপিআই প্রমুখ্যে বামপন্থী দলসমূহক কটাক্ষ কৰি কয়– চিপিআইক শাকত দিয়ে নে ভাতত দিয়ে নে পানীত দিয়ে ৰাইজে নাজানে৷ কংগ্রেছেহে বিচাৰি আনিছে৷ তেওঁ বিজেপি চৰকাৰে কৰা জনকল্যাণমূলক আঁচনিসমূহ উল্লেখ কৰি কয়– এই উন্নয়ন যাত্রা অব্যাহত ৰখাৰ বাবে বিজেপিক বিজয়ী কৰিবলৈ আহ্বান জনায়৷ মৰিগাঁৱত এখন মেডিকেল কলেজ স্থাপন কৰা আৰু ২০২৪ চনৰ ভিতৰত সম্পূর্ণ কৰাৰ কথাও ঘোষণা কৰি তাৰ বাবে ৰমাকান্ত দেউৰীক ভোট প্রদান কৰিবলৈ তেওঁ আহ্বান জনায়৷ ৰমাকান্ত দেউৰীয়ে সংক্ষিপ্ত ভাষণত কয়– বিজেপিৰ সপক্ষে ৰাইজে জয়ধ্বনি আৰু আশীর্বাদ দিছে৷ তেওঁ কয় মহাজোঁট বান্ধোতে বান্ধোতে মহাজঁটহে লাগিছে৷ বর্তমান বিজেপিৰ কোনো বিকল্প নাই৷ সভাত মন্ত্রী পীয়ূষ হাজৰিকায়ো অংশ লয়৷
২০২২ চনৰ মার্চৰ পূর্বে ১ লাখ চাকৰিঃ জাগীৰোডত ড০ শর্মা
আজমলৰ হাতত অসম পৰিলে ধ্বংস হ’ব৷ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি নিশা আঠ বজাত জাগীৰোডৰ পালিগুৰি তৰঙাপাৰত এক নির্বাচনী কার্যালয়ত ড০ হিমন্ত বিশ্ব শর্মাই কয়– বিজেপি প্রার্থীক বিপুল ভোটত জয়ী কৰিব লাগিব৷ সমষ্টিটোৰ পৰা বাহিৰত থকা সকলোকে জাগীৰোডলৈ আহি ভোট দিবলৈ তেওঁ আহ্বন জনায়৷ কাইলৈৰ পৰা অসমৰ বাহিৰত থকা যুৱকসকলৰ তালিকা প্রস্তুত কৰি তেওঁলোকক ভোটদানৰ বাবে ঘৰলৈ অহাৰ বাবে দলীয় কার্যকর্তাক অনুৰোধ জনাবলৈ আহ্বান জনাম৷ তেওঁ লগতে কয় যে বিজেপি শাসনলৈ আহিলে ২০২২ চনৰ মার্চ মাহৰ ভিতৰত এক লাখ নিবনুৱাক চাকৰি দিয়া হ’ব৷ সভাত মন্ত্রী পীয়ূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীও উপস্থিত থাকে৷

You might also like