নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন মন্ত্রী তথা বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক গৌতম বৰাৰ কংগ্ৰেছ ত্যাগ

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ  প্ৰাক্তন কংগ্ৰেছী ড০ অৰ্ধেন্দু দেৰ পিছতেই এইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন মন্ত্রী তথা বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক  গৌতম বৰাই । প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতেই নিজৰ কেইজনমান সমৰ্থকক লগত লৈ কংগ্ৰেছ ত্যাগ কৰিলে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই । শনিবাৰে এক সংবাদমেল আয়োজন কৰি দলত্যাগৰ কথা ঘোষণা কৰিলে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে, বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিও বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাৰ হাতত পৰাজিত হৈছিল গৌতম বৰা । দলীয় নেতৃত্বৰ অভাৱ আৰু লবীকেন্দ্রিক ৰাজনীতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰে দলত্যাগী গৌতম বৰাই । ৰাষ্ট্ৰীয় দলত যোগদান কৰিব বুলি সংবাদ মাধ্যমক জনায় গৌতম বৰাই । অসমত মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব নোৱাৰে বুলিও কটাক্ষ কৰে গৌতম বৰাই । কংগ্ৰেছ ত্যাগ কৰা গৌতম বৰাৰ বিজেপিত যোগদান কৰাৰ সম্ভাৱনা অধিক ।

You might also like