আকর্ষণীয় হ’ব পশ্চিম গুৱাহাটীৰ নির্বাচনী যুঁজ; নির্বাচনী মহাযুঁজত অগপ–কংগ্রেছকে ধৰি ১৭গৰাকী প্রার্থীৰ মনোনয়ন পত্র দাখিল
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ দিছপুৰৰ পাছতেই ৰাজ্যৰ দ্বিতীয় সর্ববৃহৎ বিধানসভা সমষ্টি হিচাপে পৰিগণিত হোৱা ৫৪নং পশ্চিম গুৱাহাটীৰ নির্বাচনী যুঁজখন অধিক আকর্ষণীয় হৈ পৰিব বুলি ৰাজনৈতিক সমীক্ষকসকলে মত ব্যক্ত কৰিছে৷ কালি মনোনয়ন পত্র দাখিলৰ অন্তিম দিনটোলৈ সমষ্টিটোত মুঠ ১৭জন প্রার্থীয়ে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন পত্র দাখিল কৰিছে৷ ই কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিৰ ভিতৰতে সর্বাধিক৷
জিলা নির্বাচন বিষয়াৰ সূত্রই সদৰী কৰা অনুসৰি পশ্চিম গুৱাহাটীত মনোনয়ন পত্র দাখিল কৰা ১৭জন প্রার্থীৰ ভিতৰত ১০জনেই হ’ল নির্দলীয়৷ দলীয় প্রার্থীসকল হ’ল ক্রমে অগপৰ ৰমেন্দ্র নাৰায়ণ কলিতা, কংগ্রেছৰ মীৰা বৰঠাকুৰ, জনতা দল ইউনাইটেডৰ দেৱকেশ মল্ল বুজৰবৰুৱা, স্বর্ণ ভাৰত পার্টীৰ পংকজ দাস, আৰ পি আই (এ)ৰ কল্যাণ কুমাৰ শর্মা, লোক জনশক্তি পার্টীৰ কিশোৰ কুমাৰ দাস আৰু অসম জাতীয় পৰিষদৰ ৰুণা লাইলা৷ তেনেদৰে নির্দলীয় প্রার্থীসকল হ’ল ক্রমে– বলেশ্বৰ ৰংপী, স্বপ্ণালী দাস, ধনঞ্জয় কলিতা, ড০ অভিজিৎ চক্রৱর্তী, কাজী নেকিব আহমেদ, নেচাৰউদ্দিন আহমেদ, বিপুল দেৱনাথ, মহেন্দ্র চন্দ্র দাস, ৰক্তিমাভা স্বামী আৰু অমিতাভ শর্মা৷ অৱশ্যে ২২ মার্চৰ বিয়লি মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিনটোত কোনোবা প্রার্থীয়ে যদি মনোনয়ন পত্র প্রত্যাহাৰ কৰে তাৰ পাছতহে নির্বাচনৰ ছবিখন পৰিষ্কাৰ হৈ পৰিব৷
ইফালে, ৰাজনৈতিক সমীক্ষকসকলৰ মতে মূল প্রতিদ্বন্দ্বিতা মিত্রজোঁটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতা আৰু মহাজোঁটৰ প্রার্থী মীৰা বৰঠাকুৰৰ মাজতে সীমাবদ্ধ থাকিব যদিও নির্দলীয় প্রার্থীৰ ভিতৰত সমষ্টিটোত এজন জনপ্রিয় সমাজসেৱক হিচাপে পৰিচিত আৰু বিজেপিৰ গুৱাহাটী জিলা কমিটীৰ সম্পাদকৰ পদত থকা বলেশ্বৰ ৰংপীয়ে মিত্রজোঁট আৰু মহাজোঁটৰ প্রার্থী দুগৰাকীলৈ প্রত্যাহ্বান জনাব পাৰে৷ কিয়নো আজাৰাৰ বাসিন্দা জনপ্রিয় সংগীত শিল্পী কুমুদ বৰুৱা ওৰফে বাবুক কংগ্রেছ দলে টিকটৰ পৰা বঞ্চিত কৰাত বাবুৰ বেছিভাগ অনুগামী আৰু সমর্থকৰ বেছিভাগেই ইতিমধ্যে বলেশ্বৰ ৰংপীৰ শিবিৰত অৱস্থান কৰিছে৷ যাৰ বাবে শেষমুহূর্তত সংগীত শিল্পী বাবুক টিকটৰ পৰা বঞ্চিত কৰাৰ ফল কংগ্রেছ দলে ভুগিব লগা হ’ব পাৰে বুলি ৰাজনৈতিক সমীক্ষকসকলে মত ব্যক্ত কৰিছে৷