নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত মাতৃৰ দুগ্ধপান কক্ষ মুকলি

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ নিৰাময়তকৈ প্রতিৰোধেই উত্তম৷ চিকিৎসা বিজ্ঞানৰ এই আপ্তবাক্যশাৰী হূদৰোগৰ ক্ষেত্রত সমানেই প্রযোজ্য৷ নিজকে সুস্থ ৰাখিবলৈ ৰোগ প্রতিৰোধেই উত্তম উপায়৷ শনিবাৰে গুৱাহাটী প্রেছ ক্লাবৰ সাংবাদিকৰে হোৱা বার্তালাপত হূদৰোগ সম্পর্কে এইদৰে মন্তব্য কৰে উত্তৰ–পূর্বাঞ্চল তথা ভাৰতৰ অন্যতম সফল হূদ শল্যৰোগ বিশেষজ্ঞ ডাঃ ভবানন্দ দাসে৷

গুৱাহাটী প্রেছ ক্লাবত হেলথ চিটী হাস্পতালে অনুষ্ঠিত কৰা বিনামূলীয়া হূদৰোগ পৰীক্ষা শিবিৰত অংশ লৈ হাস্পতালখনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ ভবানন্দ দাসে তাৎপর্যপূর্ণ মন্তব্য কৰি পুনৰ কয়– আধুনিকতাৰ ধামখুমীয়াত আমাৰ পাৰস্পৰিক খাদ্যাভ্যাস সলনি হৈছে৷ একেদৰে যান্ত্রিক সভ্যতাই জীৱনশৈলীকো প্রভাৱিত কৰিছে৷ সর্বোপৰি সাম্প্রতিক সময়ত নানা কাৰণত বিভিন্ন পেছাৰ মানুহৰ মানসিক চাপ অকল্পনীয়ভাৱে বৃদ্ধি পাইছে৷ সাংবাদিকসকলো এনে চাপৰ পৰা মুক্ত নহয়৷

উল্লেখ্য যে প্রথিতযশা শিল্পী দ্বীপেন বৰুৱা আৰু সমৰ হাজৰিকাৰ হূদৰোগ পৰীক্ষা কৰাৰ মাজেৰে হূদৰোগ পৰীক্ষা শিবিৰ মুকলি কৰে ডাঃ ভবানন্দ দাসে৷ ইয়াৰ পূর্বে প্রেছ ক্লাবৰ দীর্ঘদিনীয়া সপোন দিঠকত পৰিণত কৰি হেল্থ চিটী হাস্পতাল আৰু ডাঃ ভব দাস ফাউণ্ডেচনৰ অর্থ সহযোগিতাত নির্মিত ব্রেষ্ট ফিডিং কক্ষটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷

ব্রেষ্ট ফিডিং কক্ষ উন্মোচনী অনুষ্ঠানত ডাঃ ভৱানন্দ দাসৰ লগতে শিল্পী দ্বীপেন বৰুৱা, সমৰ হাজৰিকা, গুৱাহাটী প্রেছ ক্লাবৰ সমূহ বিষয়ববীয়াৰ লগতে সদস্য–সদস্যা, হেল্থ চিটী হাস্পতালৰ চিকিৎসা সঞ্চালক অধ্যাপক ডাঃ বি পি চক্রৱর্তী, সঞ্চালক মেডিকেল ছার্ভিচ ডাঃ অতনু বৰঠাকুৰ, অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰ, ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্ত প্রমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ শনিবাৰৰ শিবিৰত ৭৫গৰাকী সাংবাদিক–সংবাদকৰ্মী বিনামূলীয়া হূদৰোগৰ পৰীক্ষা কৰা হয়৷

You might also like