নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱা দেশত প্রতিদিনে বৃদ্ধি পাই আছে ক’ৰোনা সংক্রমণৰ মাত্রা৷ বিগত ২৪ ঘণ্টাত ৪০,৯৭৩ লোক মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কালিৰ তুলনাত ১,০০০ আক্রান্ত বৃদ্ধি পাইছে৷ মহাৰাষ্ট্রৰ পাছত দেশৰ ৰাজধানী নতুন দিল্লীতো সংক্রমণৰ মাত্রা বৃদ্ধি পাইছে৷ আজিৰ দিনটোত ৰাজধানী দিল্লীত ৮১৩জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ চলিত বর্ষত প্রথমবাৰৰ বাবে দিল্লীত ক’ৰোনা পজিটিভৰ হাৰ এক শতাংশ অতিক্রম কৰিছে৷ ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ তালিকাত দেশৰ ভিতৰত শীর্ষস্থানত থকা মহাৰাষ্ট্রত ক’ভিড–১৯ৰ সংক্রমণ প্রতিদিনে বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত ক’ভিড–১৯ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰাৰ নির্দেশ দিয়া হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২৭ সহস্রাধিক লোক ক’ভিডত আক্রান্ত হৈছে৷ কালিৰ তুলনাত আক্রান্তৰ সংখ্যা ২,০০০ বৃদ্ধি হৈছে৷ ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি কেইবাখনো চহৰত সপ্তাহান্তিক লকডাউন আৰু নৈশ সন্ধ্যা আইন বলৱৎ কৰা হৈছে৷
মুম্বাই চহৰত পূর্বৰ সকলো অভিলেখ ভংগৰে সংক্রমণৰ মাত্রা বৃদ্ধি পাই থকাত চহৰখনৰ জনসমাগমস্থলীত নাগৰিকৰ অনুমতি অবিহনে ক’ভিড–১৯ পৰীক্ষণ চলাব প্রশাসনে৷ বৃহত্তৰ মুম্বাই পৌৰ নিগমে নির্দেশ দিয়া মতে, চহৰখনৰ জনসমাগমস্থলীত ব্যক্তিৰ অনুমতি নোলোৱাকৈ ৰেপিড এণ্টিজেন টেষ্ট কৰিব৷ যদি কিবা কাৰণত কোনো ব্যক্তিয়ে এই পৰীক্ষণ কৰিবলৈ সাজু নহয়, তেতিয়াহ’লে তেওঁৰ বিৰুদ্ধে মহামাৰী আইন, ১৮৯৭ৰ অধীনত অপৰাধ হিচাপে গোচৰ ৰুজু কৰা হ’ব৷ তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷
ইপিনে, মহাৰাষ্ট্র চৰকাৰৰ কেবিনেট মন্ত্রী তথা মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেৰ পুত্র আদিত্য থাক্ৰে ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত মন্ত্রী আদিত্য থাক্ৰেই নিজকে গৃহত আইছ’লেচন কৰাৰ লগতে তেওঁৰ সংস্পর্শলৈ অহা লোকসকলক ক’ভিড–১৯ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে৷ লক্ষণীয় যে মহাৰাষ্ট্র চৰকাৰে সকলো থিয়েটাৰ গৃহ অথবা ৰাজহুৱা কার্যসূচীত ৫০ শতাংশ লোকৰ অংশগ্রহণেৰে আয়োজন কৰিবলৈ নির্দেশ দিছে৷ এই নির্দেশ অহা ৩১ মার্চলৈকে বলৱৎ হৈ থাকিব৷ আনহাতে, গুজৰাট, পঞ্জাব, মধ্যপ্রদেশ আদি ৰাজ্যতো ক’ৰোনাৰ প্রকোপ বৃদ্ধি পোৱাত আটাইকেইখন ৰাজ্যৰ গুৰুত্বপূর্ণ চহৰত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷