নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ প্রচাৰ সভাত বিজেপি কর্মীৰ মুর্দাবাদ ধ্বনি

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ চৰাইদেউ নির্বাচনী জিলাৰ অন্তর্গত ১০৫নং মাহমৰা বিধানসভা সমষ্টিত এক নির্বাচনী হিংসাৰ ঘটনা সংঘটিত হোৱাক কেন্দ্র কৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সমষ্টিটোত কংগ্রেছে প্রক্ষেপ কৰা প্রার্থী সূৰুয দিহিঙীয়াই কালি সন্ধিয়া দিৰৈ–ৰাঙলীৰ চকলীয়া গাঁৱত এখন প্রচাৰ সভাৰ আয়োজন কৰিছিল৷

সভাখনত প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনক প্রার্থী সূৰুয দিহিঙীয়াৰ হৈ প্রচাৰ চলাবলৈ আমন্ত্রণ জনোৱা হৈছিল৷ কিন্তু প্রাক্তন মন্ত্রীজনে প্রার্থী সূৰুয দিহিঙীয়াৰ নির্বাচনী সভাখনত যথেষ্ট পলমকৈ উপস্থিত হয়৷ নিশা প্রায় ৯.৪৫ বজাত সভাখনত উপস্থিত হৈ প্রাক্তন মন্ত্রী হুছেইনে ভাষণ দিবলৈ আৰম্ভ কৰাৰ সময়তে এখন বাহনত মাইক লৈ মিলন গাঁও পঞ্চায়তৰ অন্তর্গত একাংশ বিজেপি কর্মী–সমর্থক সভাস্থলীৰ কাষতে অৱস্থান কৰি কংগ্রেছ মুর্দাবাদ, সূৰুয দিহিঙীয়া মুর্দাবাদ, ৰকিবুল হুছেইন মুর্দাবাদ আদি শ্লোগান দিয়াত সভাস্থলীত উপস্থিত থকা যুৱ কংগ্রেছীসকল উত্তেজিত হৈ পৰে৷ লগে লগে একাংশ যুৱ কংগ্রেছীয়ে বিজেপি কর্মী–সমর্থক উঠি অহা বাহনখনলৈ চোঁচা লোৱাত বিজেপি কর্মীসকলে ওলোটাই কংগ্রেছ কর্মীসকললৈ লক্ষ্য কৰি গাডীৰ ভিতৰৰ পৰা শিলগুটি নিক্ষেপ কৰে৷ ফলত নবিউল আলী নামৰ যুৱ কংগ্রেছৰ কর্মীজন গুৰুতৰভাৱে আহত হয় ৷

আনহাতে, ইয়াৰ প্রত্যুত্তৰত যুৱ কংগ্রেছৰ কর্মীসকলেও ওলোটাই শিলগুটি নিক্ষেপ কৰাত বিজেপি কর্মীসকল অহা এ এছ–০৪ বিচি–৩০৮৬ নম্বৰৰ মেজিকখনৰ আইনা ভাগি যায়৷ পৰৱর্তী সময়ত সভাস্থলীত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হয়৷ ইফালে, ইয়াৰ পূর্বে সভাস্থলীলৈ প্রাক্তন মন্ত্রী হুছেইনৰ কনভয়ৰ সৈতে অহা কংগ্রেছ প্রার্থী সূৰুয দিহিঙীয়াৰ কন্যা নিমিষা দিহিঙীয়াৰ (এ এছ–০৪ জেড–৭১৭৫) বাহনখন বিজেপি কর্মীয়ে আগচি ধৰি শিলগুটি দলিয়াই সন্মুখৰ গ্লাছ ভাঙি পেলায়৷ ইফালে, সমগ্র ঘটনা সন্দর্ভত কালি নিশাই কংগ্রেছ দলৰ তৰফৰ পৰা মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত বিজেপি কর্মী–সমর্থকসকল্ যোৱা বাহনখন আৰক্ষীয়ে জব্দ কৰিছে৷

You might also like