নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্বাচনী সভা

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকা অৱস্থাত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ আজি মাৰ্ঘেৰিটাত বিজেপিৰ মনোনীত প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷ বিয়লী ৩ বজাত লিডুৰ ৰেলৱে ৰঙ্গমঞ্চত আয়োজিত নিৰ্বাচনী সভাত উপস্থিত হৈ ৰঞ্জিত দাসে মাৰ্ঘেৰিটাত বিজেপি জয়ী হোৱাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰে ৷ কংগ্ৰেছ আৰু নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদক তীব্ৰ ভাৱে কটাক্ষ কৰে।তেখেতে অসম জাতীয় পৰিষদৰ জাহাজখন টাইটানিক জাহাজৰ দৰে ভাগি পৰিব বুলিও কটাক্ষ কৰে ।

ৰঞ্জিত দাসে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ শাসনৰ কালছোৱাত সংখ্যালঘূ লোক সকলৰ বাসগৃহ সমূহ ভাঙি পেলোৱা হৈছিল বা জ্বলাই দিয়াৰ যথেষ্ট উদাহৰণ আছে ।কিন্ত আমাৰ চৰকাৰে সংখ্যালঘূ লোক সকলৰ বাবে এক লাখ উনসত্তৰ হাজাৰ প্ৰধান মন্ত্ৰীআবাসগৃহ প্ৰদান কৰাৰ কথা ব্যক্ত কৰে । মাথোঁ সেয়ে নহয় অৰুনোদয় আচনিকে ধৰি সমগ্ৰ অসমৰ জনতাৰ বাবে সীমাহীন আচনিৰে অসমৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ কথাও কয়। অনাগত বিধান সভা নিৰ্বাচনত তিনিচুকীয়া জিলাৰ পাচোখন বিধান সভাৰ আসন বি জে পি দলে লাভ কৰিব বুলিও ৰাজ্যিক সভাপতিগৰাকীয়ে দৃঢ়তাৰে কয়। সভাত ভাস্কৰ শৰ্মাও ভাষণ প্ৰদান কৰে। সভাৰ শেষত ৰঞ্জিত দাস হেলিকপ্টাৰে উৰা মাৰে আৰু লিডুত এক পদযাত্ৰাত অংশগ্ৰহণ কৰে বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই। 

You might also like