নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত অগপৰ প্ৰাৰ্থীৰ আৰম্ভ হৈছে হাতে-  বাটে প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৮২ নং ৰহা বিধান সভা সমষ্টিৰ বাবে ৭ গৰাকী প্ৰাৰ্থীয়ে সমষ্টি টোৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে যদিও বিজেপি – অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিষ্ণু দাসে সমষ্টিটোৰ ২৭ খন পঞ্চায়তৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী ঢৌ বোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে । সমষ্ঠিটোৰ ৰহা পৌৰসভা এলেকাৰ ৭ ৱাৰ্ডতেই অনুষ্ঠিত কৰিছে সাতখনকৈ নিৰ্বাচনী সভা । ইয়াৰ লগতে দীঘলদৰি, ৰণথলি, ফুলগুৰি গাওঁ পঞ্চায়ত , ঘাহী গাওঁ পঞ্চায়ত , দক্ষিণ জাগীয়াল গাওঁ পঞ্চায়ত , চাংচকী গাওঁ পঞ্চায়ত, গাৰুখুণ্ডা গাওঁ পঞ্চায়ত, বকুলগুৰি গাওঁ পঞ্চায়ত, গেৰজাই পাম গাওঁ পঞ্চায়ত , কচুৱা গাওঁ পঞ্চায়তৰ বহু স্হানত নিৰ্বাচনী সভাপাতি অগপৰ ব্যাপক প্ৰচাৰ চলাইছে  ।

উল্লেখ্য যে, এক শৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক  আচাৰ্য্য ইলাৰাম দাসৰ পুত্ৰ হোৱাৰ সুবাদতেই  ৰাজনৈতিক ক্ষেত্ৰখনতো খুপনি পুতিবলৈ চেষ্টা চলাইছে বিষ্ণু দাসে ।সমষ্টিটোৰ ১১ খন পঞ্চায়তৰে গঠিত গৰুবাট মৌজাতো চলিছে জোৰদাৰ প্ৰচাৰ ।গৰুবাট মৌজাত বিজেপিৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ উত্তম চন্দ্ৰ দাসে সংগ দিছে প্ৰাৰ্থী গৰাকীক । বিজেপিৰ অন্য টিকট দাবীদাৰ মনজ্যোতি বৰা , ড.শ্যামল শইকীয়া, সঞ্জীৱ হাজৰিকা আদিয়ে দিনে নিশাই প্ৰাৰ্থী গৰাকীৰ লগত ঘুৰি মিত্ৰদলৰ সপক্ষে বতাহ বলাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ।

You might also like