নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূর্য কুমাৰৰ বাট মুকলি কৰিবলৈ অ’পেনিং কৰিব কোহলিয়ে

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ ভাৰতৰ মাটিত অহা অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপত ৰোহিত শর্মাৰ সৈতে ইনিংছ মুকলি কৰিবলৈ ইচ্ছুক বুলি প্রকাশ কৰাৰ এদিন পিছতে অধিনায়ক বিৰাট কোহলিয়ে কয় যে সূর্য কুমাৰ যাদৱৰ দৰে প্রতিভাৱান বেটছমেনৰ বাবে বাট মুকলি কৰিবলৈ তেওঁ টি–২০ত অ’পেনিঙৰ চিন্তা–চর্চা কৰিছে৷ কাইলৈৰ পৰা পুনেত আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাৰ পূর্বে এক সংবাদ মেলত অধিনায়ক কোহলিয়ে কয় যে টীম ইণ্ডিয়াৰ মিডল অর্ডাৰ এতিয়া যথেষ্ট শক্তিশালী হৈ উঠিছে আৰু কেইবাগৰাকীও প্রতিভাৱান বেটছমেনেৰে মিডল অর্ডাৰ ভৰি পৰিছে৷ সেয়ে তেওঁ সূর্য কুমাৰ যাদৱৰ দৰে মিডল অর্ডাৰ বেটছমেনক বাট মুকলি কৰি দিবলৈ টি–২০ ক্রিকেটত ৰোহিত শর্মাৰ সৈতে ইনিংছ মুকলি কৰাৰ পৰিকল্পনা কৰিছে৷

‘এইবাৰৰ আই পি এলত মই অ’পেনাৰৰ ৰূপত খেলপথাৰত নামিম৷ দীঘলীয়া কেৰিয়াৰত মই তিনি নম্বৰ আৰু চাৰি নম্বৰ স্থানত বেটিং কৰি আহিছোঁ যদিও এতিয়া অ’পেনাৰ হিচাপে মোৰ ভূমিকা উপলব্ধি কৰিব বিচাৰোঁ৷ ইংলেণ্ডৰ বিৰুদ্ধে নির্ণায়ক টি–২০ত ইতিমধ্যে মই সফলতা অর্জন কৰিছোঁ আৰু ইয়ে দলক উপকৃত কৰিছে৷ মই ইনিংছ মুকলি কৰিলে সূর্য কুমাৰৰ দৰে মিডল অর্ডাৰ বেটছমেনৰ বাবে দলত স্থান মুকলি হ’ব৷’ কোহলিয়ে এইদৰে কয়৷

You might also like