গুৱাহাটীৰ চাৰি সমষ্টিৰ কোনো প্রার্থীয়ে প্রত্যাহাৰ নকৰিলে মনোনয়ন
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ কামৰূপ মহানগৰ জিলাৰ চাৰি সমষ্টিৰ নির্বাচনত ১৩টা ৰাজনৈতিক দল আৰু নির্দলীয় প্রার্থী মিলি সর্বমুঠ ৪৩গৰাকী প্রার্থী অৱতীর্ণ হ’ব৷ সোমবাৰে মনোনয়ন পত্র প্রত্যাহাৰৰ দিন আছিল যদিও মনোনয়ন পত্র গৃহীত হোৱা ৪৩গৰাকী প্রার্থীৰ এজনেও মনোনয়ন পত্র প্রত্যাহাৰ নকৰিলে৷
উল্লেখযোগ্য যে জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী সমষ্টিত মুঠ ৪৬জনে প্রার্থিত্ব আগবঢ়াইছিল যদিও ৩জনৰ প্রার্থিত্ব নাকচ হয় আৰু নাকচ হোৱা তিনিওগৰাকীয়েই হ’ল নির্দলীয় প্রার্থী৷ কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা দলসমূহৰ প্রার্থীৰ সংখ্যা হ’ল– ভাৰতীয় জাতীয় কংগ্রেছৰ ৪গৰাকী, ভাৰতীয় জনতা পার্টীৰ ৩গৰাকী, অসম গণ পৰিষদৰ ১গৰাকী, নেচনেলিষ্ট কংগ্রেছ পার্টীৰ ১গৰাকী, লোক জন শক্তি পার্টীৰ ৩গৰাকী, জনতা দল ইউনাইটেডৰ ২গৰাকী, অসম জাতীয় পৰিষদৰ ৩গৰাকী, ভাৰতীয় গণ পৰিষদৰ ২গৰাকী, অল ইণ্ডিয়া ফৰৱার্ড ব্লকৰ ১গৰাকী, নেচনেল পিপ্লছ্ পার্টীৰ ১গৰাকী, ৰিপাব্লিকান পার্টী অৱ ইণ্ডিয়াৰ ২গৰাকী, পলিটিকেল জাষ্টিচ পার্টীৰ ১গৰাকী, স্বর্ণ ভাৰত পার্টীৰ ১গৰাকী৷ আনহাতে, চাৰিওটা সমষ্টিত মুঠ ১৮গৰাকী নির্দলীয় প্রার্থী নির্বাচনৰ প্রতিদ্বন্দ্বিতাত অৱর্তীর্ণ হ’ব৷