বটদ্রৱাক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিম বুলি নির্বাচনৰ সময়ত প্রায়বোৰ প্রার্থীয়ে কয়৷ বিশ্ব দৰবাৰখন ক’ত আমাৰ দৰে সাধাৰণ মগজুৰ প্রাণীয়ে আজিলৈকে বিচাৰি পোৱা নাই৷ বটদ্রৱাক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিব নালাগে৷ মহাপুৰুষ শ্রীমন্ত শংকৰ গুৰুজনাৰো সেই হাবিয়াস নাছিল৷ থকা হ’লে তেওঁ সেইসময়তে কেৱল সংস্কৃত ভাষাতহে পুথি ৰচনা কৰিলেহেঁতেন আৰু অসমৰ পৰা গুচি গৈ ভাৰতবর্ষৰ এগৰাকী বিশিষ্ট সংস্কৃত পণ্ডিত হিচাপে নিজকে প্রতিষ্ঠা কৰিব পাৰিলেহেঁতেন৷ ভাৰতৰ বিভিন্ন তীর্থস্থানসমূহ ভ্রমণ কৰি আহি তেওঁ অসমৰ চহাৰ সহজবোধ্য ব্রজাৱলী ভাষাহে তেওঁৰ সৃষ্টি প্রকাশৰ মাধ্যম কৰি লৈছিল৷ গতিকে প্রথমে অসম আৰু অসমীয়াৰ হূদয়ত বৰদোৱা প্রতিষ্ঠাৰ কথা চিন্তা কৰা ভাল৷ অসম আৰু অসমীয়াই ভালকৈ ল’লেই জাতিটোও বাচি থাকিব৷ বিধায়িকা আঙুৰলতা ডেকাই তেওঁৰ কার্যকালত বৰদোৱা সত্রৰ মাটি বেদখলমুক্ত কৰিছে বুলি কৈছে৷ ই অত্যন্ত সুখপ্রদ কথা৷ কিন্তু অসমীয়াৰ মনবোৰত থিতাপি লোৱা শ্রীমন্ত শংকৰদেৱবিৰোধী চিন্তাবোৰকো উচ্ছেদ কৰিব পৰাকৈ অসমত গুৰুজনাৰ অনুগামীসকলক সাহস, প্রেৰণা, মৰম যাচিব পাৰিব লাগিব৷ বৰদোৱাক ডাঙৰ অথবা সৰু কৰিব পৰাকৈ যোগ্য অসমীয়াৰ জন্ম হোৱা নাই৷ প্রয়োজনো নাই৷ বৰদোৱাক বৰদোৱা হৈ জিলিকি থাকিবলৈ দিয়ক৷ খোলটো অথবা তালযোৰত সোণপানী চৰালে তাৰ ধ্বনি–প্রতিধ্বনি অথবা গৰিমালৈ পৰিৱর্তন নাহে৷ প্রকৃত চর্চাইহে সেই দেৱবাদ্যক গৰিমামণ্ডিত কৰিব৷ বৰদোৱাৰ ওচৰৰ প্রতিখন সত্রত নিয়মীয়াকৈ সত্রীয়া সংস্কৃতিৰ বাবে প্রশিক্ষণৰ ব্যৱস্থা কৰিলেই গুৰুজনালৈ প্রকৃত শ্রদ্ধা আগবঢ়োৱা হ’ব৷ নামঘৰবোৰলৈ প্রদান কৰা সাহায্যৰে মার্বল–টাইলছ লগাই মাহ–প্রসাদ খাবলৈ ভাল লগা হ’ল বুলি ভাবি থকা ডাঙৰ সত্র অথবা নামঘৰবোৰত গুৰুজনাৰ সংস্কৃতিৰ নিয়মীয়া চর্চা, প্রশিক্ষণৰ ব্যৱস্থা কৰিলেহে বৰদোৱা জীয়াই থাকিব৷ এদিনীয়া মহোৎসৱে কাৰোবাক লাভান্বিত কৰিব পাৰে কিন্তু প্রশিক্ষণ অবিহনে বটদ্রৱা সমষ্টিৰ নতুন প্রজন্মক সমৃদ্ধ কৰিবনে নকৰে বিচাৰ ৰাইজৰ৷ মাজতে অনুষ্ঠিত মহোৎসৱত বটদ্রৱা সমষ্টিৰ কেইজনে অনুষ্ঠান পৰিৱেশন কৰিলে নাজানো৷ কিন্তু বটদ্রৱালৈ আহি অসম তথা ভাৰতৰ মানুহে বটদ্রৱাৰ সংস্কৃতি যদি অন্তৰত কঢ়িয়াই নিব নোৱাৰে, সেয়া নিশ্চয় আশাপ্রদ কথা নহ’ব৷ পৰিত্যক্ত পথাৰত বিহলঙনী গজিবই৷ সংস্কৃতিৰ প্রকৃত চর্চা নহ’লে বৰদোৱাত বিজতৰীয়া সংস্কৃতিৰো প্রৱেশ ঘটিব৷ গতিকে বৰদোৱাক বিশ্ব দৰবাৰলৈ নিব নে বিশ্বখনক বৰদোৱালৈ আনিব পৰাকৈ পৰিৱেশ ৰচনা কৰিব কথাটো টং কৰা উচিত৷
বটদ্রৱা সম্পর্কে সাধাৰণ জনতাৰ মতামত লৈ আমি লাভ কৰা কিছু কঠোৰ বাস্তৱ এনেধৰণৰ–
যুগ যুগ ধৰি দালাল–তোষামোদকাৰী, পালিনেতাৰে অভিশপ্ত অসমৰ অন্যতম সমষ্টি বটদ্রৱা৷ বটদ্রৱাত জনপ্রতিনিধি নষ্ট কৰে ভেনামাখিৰ দৰে ওলমি থকা পালিনেতাই৷ নেতাৰ ভাবমূর্তি নষ্ট কৰে গৰুৰ গলধনত ওলমি থকা ডাঁহবোৰৰ দৰে ৰক্তপিপাসু স্বার্থান্বেষী তোষামোদকাৰী আৰু স্তাৱকবোৰে৷ জনগণৰ দৃষ্টিৰে বটদ্রৱা সমষ্টিৰ পৰা নির্বাচিত জনপ্রতিনিধিসকলৰ্ ভিতৰত সবাতোকৈ জনপ্রিয়, গণমুখী নেতা আছিল অগপৰ দিগেন চন্দ্র বৰা৷ আনহাতে সমষ্টিত সকলোতকৈ উন্নয়নমূলক কাম কৰা বিধায়ক হ’ল আঙুৰলতা ডেকা৷
বটদ্রৱা সমষ্টিটো জুয়ে পোৰা তিৰাশীৰ পূর্বৰ অর্থাৎ ১৯৭৮ চনৰ বিধানসভা নির্বাচনৰ পৰিৱেশত বাঁওপন্থী চিন্তাধাৰাৰ ব্যক্তিৰ অন্যতম অভিকেন্দ্র আছিল৷ সেই সময়তে চিন্তাৰ দ্বন্দ্ব তথা বিভাজনৰ বাবে চিপিআই আৰু আৰচিপিআই দুয়োটা দলৰ মাজত মূল প্রতিদ্বন্দ্বিতাখন হৈ আৰচিপিআইৰ বানেশ্বৰ শইকীয়া জয়যুক্ত হৈছিল৷ গতিকে দেখা যায় যে বটদ্রৱা সমষ্টিটোত অতীজৰ পৰা এটা প্রগতিশীল চিন্তা–চেতনাৰ প্রৱাহ বিদ্যমান আছিল৷ প্রয়াত তুলাৰাম শইকীয়া আৰু প্রয়াত সাদৰী শইকীয়াৰ সন্তান বানেশ্বৰ শইকীয়াই আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল৷ বানেশ্বৰ শইকীয়াই সেই নির্বাচনত ১৩,০৭৩টা ভোট লাভ কৰাৰ বিপৰীতে চিপিআইৰ পৰাজিত নিকটতম প্রার্থী তুলাৰাম ভূঞাই ৮,৫২২টা ভোট লাভ কৰিছিল৷ সমষ্টিটোৰ মুঠ ভোটদাতা আছিল ৪৫,০৫০ জন৷ উল্লেখ্য যে তুলাৰাম ভূঞা সমষ্টিটোৰ অন্যতম বাঁওপন্থী নেতা আছিল৷
জুয়ে পোৰা তিৰাশীৰ সময়ছোৱাত ভাৰতীয় জাতীয় কংগ্রেছৰ পৰা নির্বাচন জয়যুক্ত হৈ কিৰণ বৰাই মাথোঁ দুটা বছৰৰ বাবে এই সমষ্টিক প্রতিনিধিত্ব কৰিছিল৷ কিৰণ বৰাই ১২,৬১২টা ভোট লাভ কৰাৰ বিপৰীতে নির্দলীয়ভাৱে অৱতীর্ণ হোৱা নিকটতম পৰাজিত প্রার্থী আব্দুল হুছেইন মিৰে ২,৭০৪টা ভোট লাভ কৰিছিল৷ সেই নির্বাচনত অসমৰ জটিল ৰাজনৈতিক, সামাজিক প্রেক্ষাপটত মাত্র ১৭,৬০৭গৰাকী ভোটাৰে ভোট প্রদান কৰিছিল৷ ফলত দেখা যায় যে কিৰণ বৰা যদিও এগৰাকী সুশীল ব্যক্তিত্বৰ অধিকাৰী ৰাজনৈতিক ব্যক্তি আছিল তথাপি ৰাজনৈতিক কৃতিত্ব অথবা দক্ষতা প্রতিপন্ন কৰিব পৰা পৰিৱেশ তেওঁৰ দিনত নাছিল আৰু দুটা বছৰতে তেওঁলোকৰ চৰকাৰৰ পতন ঘটিছিল৷ সেইবাৰ সমষ্টিৰ মুঠ ভোটাৰৰ মাথোঁ ২৩ শতাংশ ভোটাৰেহে ভোট প্রদান কৰিছিল৷ ১৯৮৫ চনৰ পিছৰ কেইবাটাও নির্বাচনত তেখেতে অংশগ্রহণ কৰিছিল যদিও বৰাক বটদ্রৱাৰ জনগণে সন্মানজনক ভোট প্রদান কৰা নাছিল৷ কিৰণ বৰাই নির্দলীয়ভাৱে নির্বাচনত অৱতীর্ণ হৈ ১৯৮৫ চনত লাভ কৰিছিল ৪৬৯টা ভোট, ১৯৯১ চনত লাভ কৰিছিল ৩০১টা ভোট, ১৯৯৬ চনত ৩৯৩টা ভোট৷ ১৯৯৬ চনৰ পিছত বটদ্রৱাৰ ৰাজনৈতিক দৃশ্যপটত কিৰণ বৰাৰ অধ্যায় অন্ত পৰে৷ গতিকে আজিৰ ভাৰতীয় জাতীয় কংগ্রেছৰ প্রক্ষেপিত প্রার্থী শিৱামণি বৰাতকৈ গণভিত্তিৰ ফালৰ পৰা গৌতম বৰা ভাৰতীয় জাতীয় কংগ্রেছৰ উপযুক্ত প্রার্থী আছিল যদিও তিনিটাকৈ কার্যকালৰ বাবে ক্ষমতা লাভ কৰাৰ লগতে অসম মন্ত্রীসভাত মন্ত্রীৰ আসন লাভ কৰাৰ পিছতো বটদ্রৱা সমষ্টিৰ দুগৰাকীমান দলীয় অনুগতক চৰকাৰী চাকৰি দিয়াৰ বাদে সমষ্টিলৈ তেখেতৰ উল্লেখযোগ্য অৱদান শূন্য৷ ব্যক্তি হিচাপে তেখেত ভদ্র আছিল যদিও তেখেতৰ দিনতে বটদ্রৱা সমষ্টি সকলো দিশতে অসমৰ সবাতোকৈ বিধ্বস্ত সমষ্টিলৈ ৰূপান্তৰিত হোৱা বুলিলেও বঢ়াই কোৱা নহয়৷ এচাম ধুৰন্ধৰ নেতা–পালিনেতাৰ সৃষ্টি হৈ বটদ্রৱাৰ জনগণৰ জীৱনযাত্রা বিপর্যস্ত কৰি তোলাৰ বাবে তেওঁৰ লগতে ভাৰতীয় জাতীয় কংগ্রেছৰ ভাবমূর্তি সমষ্টিৰ জনগণৰ মানসপটত কলংকিত হৈ পৰে৷ আনকি বহু নিষ্ঠাৱান কংগ্রেছ কর্মীয়ে তেওঁৰ দুগৰাকী ঘনিষ্ঠ ঠিকাদাৰৰ দৌৰাত্ম্যত কংগ্রেছ ত্যাগ কৰি বিজেপিমুখী হয়৷ গৌতম বৰাৰ দিনতে সমষ্টিৰ উন্নয়নমূলক কাম–কাজৰ ধনৰ অবাধ লুণ্ঠন আৰু আত্মসাতৰ অধ্যায়ৰ সূচনা হৈছিল৷
উল্লেখ্য যে বর্তমানৰ কংগ্রেছ প্রার্থী শিৱামণি বৰা বটদ্রৱা সমষ্টিৰ প্রাক্তন বিধায়ক কিৰণ বৰাৰ জীয়ৰী হোৱাৰ উপৰি এই সমষ্টিৰ দলংঘাট খণ্ড উন্নয়ন কার্যালয়ত খণ্ড উন্নয়ন বিষয়া হিচাপে নিযুক্ত হৈ আছিল৷ লগতে তেওঁৰ পৰিয়ালৰ সদস্যও এই ব্লকৰ বিষয়া হৈছিল৷ তেওঁলোকৰ কার্যকালৰ সময়ছোৱাত দলংঘাট ব্লকৰ অধীনৰ আলি–পদূলিৰ উন্নয়নৰ বাবে নিজৰ ঠাই হিচাপে বলিষ্ঠ ভূমিকা গ্রহণ কৰাৰ সুযোগ লাভ কৰিছিল৷ কিন্তু বাস্তৱত তাৰ ওলোটা হৈছিল৷ সামগ্রিকভাৱে বটদ্রৱা সমষ্টিৰ বিধ্বস্ত ৰূপ এটাহে মানুহৰ মানসপটত জিলিকি আছে৷ তেওঁলোকে সমষ্টিৰ কথা বাদেই ব্লকৰ অধীনৰ মৌজাকেইটাত কি কি উল্লেখযোগ্য আৰু জনকল্যাণকামী কাম কৰিছিল তাৰ খতিয়ান বিচাৰিলে হয়তো মহাশূন্যৰ বাদে কিবা পাবলৈ সক্ষম হ’ব বুলি মনে নধৰে৷
১৯৮৫ চনত নির্দলীয়ভাৱে বটদ্রৱা সমষ্টিৰ সবাতোকৈ জনপ্রিয় নেতা দিগেন চন্দ্র বৰাই নির্বাচনত অৱতীর্ণ হৈ জয়যুক্ত হৈছিল৷ ৰাজনৈতিকভাৱে অপৰিপক্ব হোৱাৰ সূত্রেই ১৯৯১ চনৰ নির্বাচনত অৱতীর্ণ হৈ দিগেন বৰা পৰাজিত হয় আৰু ভাৰতীয় জাতীয় কংগ্রছৰ গৌতম বৰাই নির্বাচনত জয়লাভ কৰে৷ গৌতম বৰাৰ পিছত পুনৰ ১৯৯৬ চনত দিগেন চন্দ্র বৰাই সমষ্টি দখল কৰে যদিও সময়ত দলীয় অন্তর্কলহৰ ফলত দিগেন বৰা ৰাজনৈতিকভাৱে হত্যা হৈছিল৷ তেওঁ কাম কৰা সদিচ্ছা আৰু কডিৎকর্মা মনোবৃত্তি অর্জন কৰিছিল যদিও অনিয়মিত জীৱনচর্যাই তেওঁৰ শৰীৰ ধ্বংস কৰি পেলাইছিল৷ ভোটৰ সমীক্ষালৈ চালে আজিও দেখা যায় যে বটদ্রৱাত দিগেন চন্দ্র বৰাই লাভ কৰা ভোটৰ শতকৰা হাৰেই সর্বোচ্চ আছিল৷ ১৯৮৫ চনত নির্দলীয়ভাৱে অৱতীর্ণ হৈও তেওঁ ৫১.২৪ শতাংশ আৰু ১৯৮৫ চনত ৫৩.৫৫ শতাংশ ভোট লাভ কৰিছিল৷ বটদ্রৱাত এই দুয়োটা অভিলেখ ভংগ কৰিব পৰা নেতা আজিপর্যন্ত ওলোৱা নাই৷ গতিকে দেখা যায় যে বটদ্রৱা সমষ্টি জাতীয়তাবাদী চিন্তাধাৰা লোকৰ অন্যতম ঘাটি আছিল৷
বটদ্রৱা সমষ্টিৰ পৰা নির্বাচন খেলা অনেক নেতা আহিল আৰু গুচি গ’ল৷ কিন্তু সমষ্টিটোৰ সবাতোকৈ প্রতিভাধৰ, ৰাজ্যিক পর্যায়ত বিশেষভাৱে পৰিচিত, গণ আন্দোলনৰ শক্তিশালী সক্রিয় নেতা, বলিষ্ঠ বত্তৃণতাৰে ৰাজ্য কঁপোৱা, ৰাজ্যৰ লগতে দেশৰ ৰাজনীতিত বিশেষ ভূমিকা পালন কৰা নেতাজন আছিল লাচিত বৰদলৈ৷ আলফাৰ দ্বাৰা নির্বাচিত পি চি জিৰ অন্যতম সদস্য হৈ কেন্দ্রীয় চৰকাৰৰ গৃহ বিভাগৰ লগত সম্পর্ক ৰক্ষা কৰিছিল লাচিত বৰদলৈকে প্রমুখ্য কৰি আন কেইবাজনো নেতাই৷ লাচিত বৰদলৈৰ দৰে বটদ্রৱাৰ সুযোগ্য নেতা দ্বিতীয়জন নাছিল যদিও কংগ্রেছৰ লগত অগপৰ শীর্ষ নেতৃত্বৰ এক চক্রান্ত আৰু বুজাপৰাৰ বলি হৈছিল লাচিত বৰদলৈ আৰু তেওঁ যুদ্ধত অৱতীর্ণ নোহোৱাকৈয়ে সমষ্টিৰ ভোটাৰৰ মানসপটত আপোচকামী নেতা হিচাপে বদনামী হৈ পৰিছিল৷ কংগ্রেছৰ গৌতম বৰাৰ বিজয়ৰ পথ প্রশস্ত কৰাৰ স্বার্থত অগপই লাচিত বৰদলৈৰ টিকট কর্তন কৰি গণভিত্তি নথকা মামণি বৰাক টিকট প্রদান কৰি বটদ্রৱা সমষ্টিৰ ৰাইজৰ আশাত চেঁচাপানী ঢ়ালিছিল৷ এফালে লাচিত বৰদলৈয়ে টিকট হেৰুৱাইছিল আৰু আনফালে আপোচকামী বুলি বদনামী হৈছিল৷ জনমানসত লাচিত বৰদলৈৰ ভাবমূর্তি বিনষ্ট কৰাত কংগ্রেছ দল সফল হৈছিল৷ ২০২১ চনৰ নির্বাচনতো পুনৰ মহাজোঁটৰ প্রার্থী হিচাপে লাচিত বৰদলৈক প্রক্ষেপ কৰি বিজেপিৰ বিজয় ৰথ স্তব্ধ কৰিব বুলি সমষ্টিবাসীৰ ক্ষীণ আশা আছিল৷ কিন্তু পুনৰ লাচিত বৰদলৈৰ টিকট কর্তন কৰি মাথোঁ দুটা বছৰৰ বাবে বিধায়ক হোৱা বটদ্রৱা সমষ্টিৰ প্রাক্তন বিধায়ক প্রয়াত পিতৃ কিৰণ বৰাৰ কন্যা শিৱামণি বৰাক টিকট প্রদান কৰে৷ মহাজোঁটৰ প্রার্থী হিচাপে লাচিত বৰদলৈ বিজেপিৰ আঙুৰলতা ডেকাক প্রতিহত কৰিব পৰাকৈ উপযুক্ত প্রতিদ্বন্দ্বী আছিল৷ এআইইউডিএফৰ মতিউৰ ৰহমানৰ দৰে উচ্চ শিক্ষিত সমাজপ্রিয় প্রার্থীও ২০২১ চনৰ নির্বাচনত মহাজোঁটৰ উপযুক্ত প্রার্থী হোৱাৰ সম্ভাৱনা আছিল৷ কিন্তু শিৱামণি বৰাই বিগত পাঁচটা বছৰে সমষ্টিবাসীৰ ওচৰত বিপদে–আপদে থিয় হৈ আছে বুলি আত্মপ্রত্যয়ৰে দাবী কৰাত শীর্ষ নেতৃত্বই হয়তো কৌশলগত কাৰণত তেখেতকে প্রার্থিত্ব প্রদান কৰিলে৷
এইখিনিতে সাম্প্রতিক অসমত নব্য হিন্দুত্ববাদীৰ পৃষ্ঠপোষকতাত বিৰাজমান সাম্প্রদায়িকতাৰ বিষবাষ্পৰ প্রেক্ষাপটত স্পষ্ট কৰা ভাল যে মুছলমান মানেই কংগ্রেছী নহয়, মুছলমান মানেই ধর্ষণকাৰী নহয়, মুছলমান মানেই বেদখলকাৰী নহয়, মুছলমান মানেই অন্ধ আৰু কু–সংস্কাৰী নহয়, মুছলমান মানেই হিন্দু বিদ্বেষী নহয়৷ মানুহৰ মাজত হিন্দু–মুছলিম কৰা নেতাই নাজানে বটদ্রৱাৰ মুছলমানে শিৱ মন্দিৰত শিৱৰাত্রি পাতে, ৰঙালীত আগভাগ লৈ সমিলমিলেৰে বিহু উদ্যাপন কৰে৷ ভাৰতত সাম্প্রদায়িকতাৰ বীজ অংকুৰিত কৰা প্রথম আৰু প্রধান বাটকটীয়া দলটোৱে আছিল কংগ্রেছ দল৷ ভোটবেংকৰ স্বার্থত তেওঁলোকে সংখ্যালঘু ৰাজনীতি আৰম্ভ কৰি মানুহৰ মাজত সন্দেহ আৰু শংকাৰ বীজ ৰোপণ কৰিছিল৷ অসমলৈ ভোটবেংকৰ স্বার্থতে বংগীয় মুছলমানৰ লগে লগে বিদেশী বাংলাদেশী মুছলমানসকলকো উন্মুক্ত সীমান্তৰে অবাধ আগমনৰ সুযোগ প্রদান কৰিছিল৷ ফলত আজি নতুনকৈ ক্ষমতা লাভ কৰা বিজেপিৰ বাবেও হিন্দুত্বক লৈ সাম্প্রদায়িকতাৰ শ্লোগান দিয়াটো ভোটবেংক পলিচী হৈ পৰিল৷
বটদ্রৱা সমষ্টিৰ ৰাজনৈতিক প্রমূল্য নষ্ট কৰিছে বতৰৰ ফুলৰ দৰে ফুলি উঠা পাবত গজা নেতাবোৰে৷ কংগ্রেছৰ দিনতো যিবোৰ নেতা–পালিনেতা, ঠিকাদাৰ, পঞ্চায়ত প্রতিনিধিয়ে জনগণৰ মাজত জনপ্রতিনিধিৰ ভাবমূর্তি নষ্ট কৰিছিল, সেই একেবোৰ নেতা–পালিনেতা, ঠিকাদাৰ পঞ্চায়ত প্রতিনিধিয়ে সবাতোকৈ ক্ষতিগ্রস্ত কৰিছে বর্তমানৰ জনপ্রতিনিধিগৰাকীক্৷ ৰাজনীতিৰ বতাহ কেনি বলিব সঠিক উমান লাভ কৰে এইসকল পালিনেতাই৷ পঞ্চায়ত প্রতিনিধিৰ পর্বতসম দুর্নীতিত অতিষ্ঠ হৈ যেতিয়া জনগণে মন সলনি কৰিব বিচাৰে, শিবিৰ সলাব বিচাৰে, তেতিয়া সবাতোকৈ শক্তিশালী ভূমিকা লয় এইসকল জনগণৰ লগত প্রত্যক্ষ সম্পর্ক ৰক্ষা কৰা সুবিধাবাদীয়ে৷
বটদ্রৱাত পোন্ধৰবছৰীয়া কংগ্রেছৰ শাসন কালৰ তুলনাত আলি–পদূলিৰ যথেষ্ট উন্নয়ন হ’ল যদিও সমষ্টিৰ বিধায়কগৰাকীক পুতলাৰ দৰে নচুৱাই থাকিলে কংগ্রেছৰ পোন্ধৰ বছৰীয়া কালত যিবোৰ অপশক্তিয়ে গৌতম বৰাক ক্ষতি কৰিছিল৷ তেওঁলোকেই সমষ্টিৰ জনগণৰ বাবে জনপ্রতিনিধিজনক বিপথে পৰিচালিত কৰিছিল৷ সেই লোকসকলেই বটদ্রৱাৰ বিধায়কৰ উদ্ভাৱনী চিন্তা–চেতনাৰ পৰিৱেশ ৰচনাৰ ক্ষেত্রত অন্যতম প্রতিবন্ধক হৈ পৰিল৷ নতুনকৈ টিকট লাভ কৰা আঙুৰলতা ডেকাই বটদ্রৱাৰ নাডি–নক্ষত্রৰ তলানলা নজনাকৈ সমষ্টিটোক সবাতোকৈ ক্ষতিগ্রস্ত কৰা শিবিৰটোতে ভৰি থ’লে৷ ফলত প্রথম পর্যায়ত কেৱল কমিছনৰ অংক আৰু ধুমুহাৰ বাবে উন্নয়নৰ ৰূপৰেখা অংকন কৰাত যথেষ্ট বাধাৰ সৃষ্টি হৈছিল যদিও হিমন্ত বিশ্ব শর্মাই গডকাপ্ঢানী মন্ত্রীৰ পদ লাভ কৰাৰ পিছত ৰাস্তা–ঘাটৰ কাম আগবাঢ়িল৷
শেষত জনগণেই বিচাৰ কৰিব– কাক ভোট দিয়া উচিত৷ উন্নয়ন নে ৰাজনৈতিক উত্তৰাধিকাৰক? কংগ্রেছৰ পোন্ধৰ বছৰীয়া শাসনকালত বিধ্বস্ত হৈ পৰা বটদ্রৱাক উদ্ধাৰৰ বাবে আঙুৰলতাই কৰা প্রয়াসক জনগণে প্রশংসা কৰিও গৌতম বৰাৰ দিনৰ পালিনেতাসকলৰ দপ্দপনিত আতংকিত হৈ থাকিব লগা হৈছে৷ গতিকে সেইসকলৰ প্রচ্ছায়াই আঙুৰলতাৰ স্থিতি মজবুত কৰিলেনে সোলোক–ঢ়োলোক কৰিলে নির্বাচনৰ ফলাফলে প্রতিপন্ন কৰিব৷ এগৰাকী শিল্পী হিচাপে আঙুৰলতাই বটদ্রৱা সমষ্টিৰ চৌপাশৰ কোনো এগৰাকী শিল্পীৰে মন জয় কৰিব নোৱাৰাটো তেখেতৰ পাঁচবছৰীয়া কার্যকালৰ অন্যতম বিফলতা৷ তদুপৰি নিঃস্বার্থভাৱে বটদ্রৱা সমষ্টিৰ উন্নয়নৰ বিভিন্ন গতি–প্রকৃতি সম্পর্কে অহৰহ দৃষ্টিগোচৰ কৰা সমষ্টিৰ চিন্তাশীল সমাজ, বৌদ্ধিক সমাজ তথা সচেতন লোকসকলক বর্জন কৰি এচাম তোষামোদকাৰীৰ কবলতে পাঁচটা বছৰ অতিক্রম কৰাটো তেখেতৰ আন এক দুর্বলতা৷ বটদ্রৱাত নামঘৰ আৰু সত্রকেন্দ্রিক যিবোৰ সুদূৰপ্রসাৰী আঁচনি গ্রহণ কৰাটো বিধায়ক আঙুৰলতাৰ বাবে সবাতোকৈ জৰুৰী আছিল সেইবোৰ সম্পর্কে তেওঁৰ কোনো স্পষ্ট ধাৰণা বাস্তৱত দেখা নগ’ল৷ শেষত দুয়োগৰাকী মহিলা প্রার্থীলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷