নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ বছৰৰ মূৰত ভাৰতীয় দলত একেলগে দুই ভাতৃ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সুদীর্ঘ ৯ বছৰৰ মূৰত প্রথমবাৰৰ বাবে ভাৰতীয় দলত দুই ভাতৃক একেলগে দেখিবলৈ পোৱা গ’ল৷ ইংলেণ্ডৰ বিৰুদ্ধে পুনেত আজি অনুষ্ঠিত প্রথম এদিনীয়াত বৰোদাৰ দুই ভাতৃ ক্রুনাল আৰু হার্দিক পাণ্ডিয়াই ভাৰতীয় দলৰ জার্ছী পৰিধান কৰি একেলগে খেলপথাৰত নামে৷ তাৰকা অলৰাউণ্ডাৰ হার্দিক ভাৰতীয় দলৰ নিয়মীয়া সদস্য যদিও ক্রুনালে মঙলবাৰে প্রথমবাৰৰ বাবে এদিনীয়া দলত স্থান পায়৷

সদ্যসমাপ্ত বিজয় হাজাৰে এদিনীয়া ট্রফীত দাঙি ধৰা উন্নত প্রদর্শনৰ সুবাদত বাঁওহতীয়া অলৰাউণ্ডাৰগৰাকীয়ে মঙলবাৰে এদিনীয়া অভিষেক ঘটোৱাৰ গৌৰৱ অর্জন কৰে৷ ইয়াৰ পূর্বে ২০১২ৰ মার্চত অন্তিমবাৰৰ বাবে এখন এদিনীয়া মেচত ভাৰতীয় দলৰ হৈ দুই ভাতৃয়ে একেলগে খেলপথাৰত নামিছিল৷ তেওঁলোক আছিল ইৰফান আৰু ইউছুফ পাঠান৷

You might also like