নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ বছৰত ৰাইজক সমস্যা সমাধানৰ টোপ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ ২০১৬ চনৰ পৰা বিগত প্রায় পাঁচোটা বছৰত পশ্চিম গুৱাহাটীত বাট–পথ, দলং খোৱা পানী, বিদ্যুৎ যোগানকে ধৰি বহু উন্নয়নমূলক কাম কৰা হৈছে৷ মিত্রজোঁটৰ অংশীদাৰী দলৰ বিধায়ক হোৱা বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি চৰকাৰৰ বিভাগীয় মন্ত্রীসকলৰ পৰাও যথোপযুক্ত সহায় পোৱা গৈছে৷ তথাপি ভবাধৰণে সমষ্টিটোত কিছু কাম কৰিবলৈ এতিয়াও বাকী আছে৷ আগন্তুক নির্বাচনত বিজয়ী হ’লে অহা পাঁচ বছৰৰ ভিতৰত সমষ্টিটোক সকলো মৌলিক সমস্যাৰ পৰা মুক্ত কৰা হ’ব৷ এই মন্তব্য পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক আৰু বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতাৰ৷

মঙলবাৰে সমষ্টিটোৰ উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়তৰ বিভিন্ন প্রান্তত নির্বাচনী প্রচাৰ অভিযানত ভাগ লৈ এই মন্তব্য কৰে ৰমেন্দ্র নাৰায়ণ কলিতাই৷ কলিতাই পঞ্চায়তখনৰ দলেপাৰা, সানপাৰা, মেধিপাৰা, আউনীহাটী, গৰগৰা, শিকাৰহাটী, নলগাঁও, মেধিবৰী, বেহেনাপাৰা, হাতখোৱাপাৰ আদিত পুৱাৰে পৰা নিশালৈ ১০খনতকৈ অধিক নির্বাচনী সভাত ভাগ লৈ আগন্তুক নির্বাচনত মিত্রজোঁটে আশা কৰা ধৰণে ১০০খন আসন পাব বুলি দাবী কৰি সমষ্টিটোত কংগ্রেছ দল কোনো ফেক্টৰ নহয় আৰু অসমৰ ৰাইজে ২০১৬ চনতে কংগ্রেছক বিদায় দিয়া বুলি সদৰী কৰে৷

সভাসমূহত বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক প্রশান্ত মহন্ত, ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ, সম্পাদক হিতেশ কলিতা, ৰামচাৰাণী জিলা পৰিষদৰ সদস্যা শিখা নাথ চৌধুৰীকে ধৰি দলটোৰ কেইবাজনো নেতা–নেত্রী, অগপৰ কেন্দ্রীয় কমিটীৰ সম্পাদক সুভাষ শর্মাৰ উপৰি পৰমেশ্বৰ বর্মন, পৰেশ বৰুৱা, ৰবীন দৈমাৰী, জোনালী নাথ, ভাৰতী সিং কছাৰী, প্রাণেশ্বৰ ৰাভাকে ধৰি দলটোৰ কেইবাজনো নেতা–নেত্রী উপস্থিত থাকে৷

উল্লেখ্য ৰমেন্দ্র নাৰায়ণ কলিতাই ৰাইজৰ সৈতে পদযাত্রাত ভাগ লোৱাৰ লগতে কেইবাটাও নামঘৰত গৈ সেৱা লয়৷

You might also like