নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালাপাহাৰত দুর্ঘটনা

নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ বন বিভাগ আৰু আৰক্ষীৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি মহানগৰীৰ বিভিন্ন স্থানত বালি কঢ়িওৱা ট্রাক–ডাম্পাৰে সন্ত্রাস অব্যাহত ৰাখিছে৷ মঙলবাৰে পুৱা প্রায় ৪ বজাত বিৰুবাৰীৰ পৰা লালগণেশ অভিমুখী এ এছ–০১–এল চি–৪৮৯৯ নম্বৰৰ বালিভর্তি ডাম্পাৰখনে নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষত দুটাকৈ ইলেক্ট্রিকৰ খুঁটাত খুন্দা মাৰে৷

ডাম্পাৰৰ খুন্দাত ইলেক্ট্রিকৰ খুঁটা দুটা ভাগি পৰাৰ লগতে পথৰ কাষত ৰখাই থোৱা এখন টেম্প’ ক্ষতিগ্রস্ত হয়৷ অৱশ্যে এই দুর্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কালাপাহাৰৰ খণ্ড বন বিষয়া অসীম দাস আৰু ফটাশিল আমবাৰী আৰক্ষীক মেনেজ কৰি দিনে নিশাই অবৈধভাৱে প্রতিদিনে শ শ শিল–বালি–মাটি কঢ়িওৱা ডাম্পাৰে চলাচল কৰি আহিছে৷

You might also like