ৰমেন্দ্র নাৰায়ণ কলিতাৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিত বলিছে এতিয়া নির্বাচনী গৰম বতাহ৷ মহানগৰ জিলাৰ প্রতিটো বিধানসভা সমষ্টিত পাহাৰে–ভৈয়ামে নিজ নিজ সমর্থকক লগত লৈ প্রতিটো ৰাজনৈতিক দল তথা নেতা–কর্মীয়ে নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷ প্রতিবাৰৰ দৰে এইবাৰো প্রার্থীসকলে ভোটাৰ ৰাইজৰ কাষ চাপি প্রতিশ্রুতিৰ বন্যা বোৱাই দিয়াৰ লগতে বিভিন্ন কৌশলেৰে ভোটভিক্ষা কৰি থকা পৰিলক্ষিত হৈছে৷ পূব গুৱাহাটী, দিছপুৰ আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ লগতে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিতো অগপ দলৰ মিত্রজোঁটৰ সমর্থিত প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতা, কংগ্রেছৰ মীৰা বৰঠাকুৰ গোস্বামীৰ সমান্তৰালকৈ অন্যান্য প্রার্থীসকলে চলাইছে নির্বাচনী প্রচাৰ৷
বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ চুকে–কোণে প্রার্থীসকলে নির্বাচনী প্রচাৰ চলাই ভোটাৰৰ মন জয়ৰ চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত সমষ্টিটোৰ প্রকৃততে কিমান উন্নয়নমূলক কাম–কাজ তথা সমস্যা সমাধান হ’ল এই লৈ ভোটাৰ ৰাইজৰ মাজত বিভিন্ন প্রশ্ণ উত্থাপিত হৈছে৷ বিগত সময়ছোৱাত সমষ্টিটোত নতুনকৈ কিছু বাট–পথ নির্মাণ কৰাৰ লগতে উন্নয়নমূলক কাম–কাজ হৈছে যদিও সমষ্টিটোৰ অন্তর্গত অসম–মেঘালয় সীমান্তৰ উমশ্রু, বাটাবাৰী, মাজপাৰা, সৌৰখুঁটি, কাটাৰপাৰা, মুদুকী, ভালাখোৱা আৰু ৰাণীবাৰী অঞ্চল চৰকাৰৰ উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই৷
বিগত কার্যকালত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই উক্ত অঞ্চলৰ যাতায়াতৰ উন্নয়নৰ ক্ষেত্রত কোনোধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ তুলি বুধবাৰে একাংশ স্থানীয় ভোটাৰে বিধায়ক গৰাকীৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদী কার্যসূচীত ভাগ লোৱা একাংশ ভোটাৰে অভিযোগ কৰা অনুসৰি স্বাধীনতাৰ পাছৰে পৰাই বৃহত্তৰ মাটাইখাৰ, উমশ্রু অঞ্চলৰ তিনিখন দলং আজি পর্যন্ত বিধ্বস্ত৷ অঞ্চলটোৰ কলিয়া ঠাকুৰ সত্রলৈ যোৱা বাটাবাৰী, নগাঁও, মাজপাৰা আৰু সৌৰখুঁটিৰ প্রায় ২৩০টা পৰিয়ালে উপতি নৈৰ ওপৰত দুখনকৈ বাঁহৰ সাঁকো নির্মাণ কৰি অহা–যোৱা কৰি আহিছে৷ যাতায়াতৰ অসুবিধাৰ বাবে অঞ্চলটোত কোনো যান–বাহন অথবা এম্বুলেঞ্চ প্রৱেশ কৰিব নোৱাৰাৰ ফলত স্থানীয় বাসিন্দাসকলে বিশেষ সমস্যাৰ সন্মুখীন হৈছে৷ প্রতিবাৰেই নির্বাচনৰ সময়ছোৱাত অঞ্চলটোত বিভিন্ন ৰাজনৈতিক দলৰ নেতা–কর্মীয়ে ভোটাৰ ৰাইজৰ কাষ চাপি অঞ্চলটোৰ বাট–পথ আৰু দলং নির্মাণ কৰি যাতায়াত সুচল কৰাৰ প্রতিশ্রুতি দি আহিছে যদিও নির্বাচনী বৈতৰণী পাৰ কৰাৰ পাছত নেতা–কর্মীসকলে অঞ্চলবাসীৰ খবৰ ল’বলৈ আহৰি নাপায় বুলি প্রতিবাদী কার্যসূচীত ভাগ লোৱা লোকসকলে ক্ষোভ প্রকাশ কৰে৷