এইকেইটা দিনত বন্ধ থাকিব সুৰাৰ বিক্ৰী
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ তিনিটা পৰ্য়ায়ৰ ভোটদান পৰ্বৰ প্ৰতি লক্ষ্য ৰাখি সুৰাৰ বিপণী বন্ধ থাকিব বুলি জাননী জাৰি কৰিছে। জাননী অনুযায়ী, অসমত তিনিটা পৰ্যায়ৰ নিৰ্বাচনী ভোটদানৰ প্ৰতিটো পৰ্যায়ৰ বাবে ৪৮ ঘণ্টা সুৰাৰ দোকান বন্ধ থাকিব। সেই হিচাপে এইকেইটা দিনত হোটেল, দোকান, বাৰ আদি কোনো স্থানতে সুৰাৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
প্ৰথম পৰ্যায়
২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ২৭ মাৰ্চৰ সন্ধিয়া ৬ বজালৈ
দ্বিতীয় পৰ্যায়
৩০ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ১ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ
তৃতীয় পৰ্যায়
৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ
ইয়াৰ লগতে ভোটগণনাৰ দিনা ২ মে’তো সুৰা বিপণী বন্ধৰ নিৰ্দেশ দিয়া হৈছে। উক্ত দিনা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।