আজি ভাৰত–ইংলেণ্ডৰ দ্বিতীয় এদিনীয়া
নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ প্রথম এদিনীয়াত সহজ জয়েৰে আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই শৃংখলা দখলৰ লক্ষ্যৰে আজি ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াত খেলপথাৰত নামিব৷ পুনেৰ এম চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দিবা–নৈশ মেচখনত শ্রেয়াছ আয়াৰৰ স্থানত মুম্বাইৰ প্রতিভাৱান বেটছমেন সূর্য কুমাৰ যাদৱে এদিনীয়া অভিষেক ঘটোৱাটো একপ্রকাৰ নিশ্চিত হৈছে৷
টি–২০ত বিস্ফোৰক বেটিঙেৰে ইতিমধ্যে তেওঁ প্রতিভাৰ প্রমাণ দিবলৈ সক্ষম হৈছে৷ অৱশ্যে দলীয় মেনেজমেণ্টে ঋষভ পণ্টক বেটছমেনৰ ৰূপত খেলপথাৰত নমোৱাৰ পৰিকল্পনা কৰা বুলিও চর্চা চলিছে৷
ইফালে, প্রথম এদিনীয়াত অ’পেনাৰ ৰোহিত শর্মাই হাতত আঘাতৰ সন্মুখীন হৈছিল যদিও তেওঁৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে৷ শিখৰ ধাৱনৰ সৈতে দ্বিতীয় এদিনীয়াতো তেওঁ ভাৰতৰ ইনিংছ মুকলি কৰিব৷ অৱশ্যে শেষ মুহূর্তত ৰোহিত সুস্থ হৈ নুঠিলে শুভমন গীলে মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷
আনহাতে, বাঁওহতীয়া স্পীনাৰ কুলদীপ যাদৱে প্রথম এদিনীয়াত প্রত্যাশিত বলিং কৰিব নোৱাৰাৰ প্রতি লক্ষ্য ৰাখি আজি লেগ স্পীনাৰ য়ুজবেন্দ্র চাহালে পুনৰ সুযোগ পোৱাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ প্রথম মেচত কুলদীপে ৯ অভাৰত ৬৮ ৰান ব্যয় কৰিছিল৷ দলৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰা পেচ ত্রিমূর্তি ভুবনেশ্বৰ কুমাৰ, প্রসিদ্ধ কৃষ্ণ আৰু ছার্দুল ঠাকুৰে পুনৰ এবাৰ ইংলেণ্ডৰ বেটিং লাইনআপক বিপদত পেলোৱাৰ আশা কৰিছে টীম ইণ্ডিয়াই৷
উল্লেখ্য যে প্রথম এদিনীয়াত অভিষেক ঘটোৱা কর্ণাটকৰ প্রতিভাৱান বেগী বলাৰ প্রসিদ্ধ কৃষ্ণই আৰম্ভণিৰ তিনি অভাৰত যথেষ্ট ৰান ব্যয় কৰিছিল যদিও শেষলৈ সুন্দৰ বলিঙেৰে চাৰিটা উইকেট দখল কৰিছিল৷ অভিষেক ঘটোৱা আনগৰাকী খেলুৱৈ ক্রুনাল পাণ্ডিয়ায়ো বিস্ফোৰক অর্ধশতক অর্জন কৰাৰ লগতে এটা গুৰুত্বপূর্ণ উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল৷
ইফালে, প্রথম এদিনীয়াত পৰাজয়ৰ সন্মুখীন হৈ শৃংখলাত পিছপৰি থকা ইংলেণ্ডে প্রত্যাৱর্তনৰ লক্ষ্যৰে কাইলৈ খেলপথাৰত নামিব৷ শৃংখলাত আশা সজীৱ কৰি ৰাখিবলৈ আলহী দলটোৰ বাবে আজি জয় অনিবার্য হৈ পৰিছে৷
শেহতীয়াকৈ ইয়ন মৰগান আৰু ছেম বিলিংছৰ আঘাতৰ সমস্যাই ইংলেণ্ডৰ চিন্তা অধিক বৃদ্ধি কৰিছে৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াই ১–০ৰ ব্যৱধানত আগবাঢ়ি আছে৷
খেলৰ সময়: দিনৰ ১.৩০ বজা৷