আইপিএলৰ বাবে মুম্বাইত উপস্থিত ধোনী বাহিনী
নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ আই পি এলৰ বাবে আজি নিশা মুম্বাইত উপস্থিত হৈছে তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ৷ যোৱা ৮ মার্চৰ পৰা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত প্রস্তুতি চলোৱাৰ পিছত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোৱে আজি মুম্বাইত উপস্থিত হৈ কোৱাৰেণ্টাইন আৰম্ভ কৰিছে৷ চি এছ কেৰ মুখ্য কার্যবাহী বিষয়া কে এছ বিশ্বনাথনে টুইটাৰত কৈছে যে বিগত বর্ষৰ আই পি এলত ব্যর্থ হোৱাৰ পিছতে ধোনীয়ে ২০২১ৰ আই পি এলৰ বাবে আগতীয়াকৈ অনুশীলন আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছিল৷
ধোনীৰ পৰামর্শ অনুসৰি দলটোৱে এইবাৰ প্রায় এমাহ পূর্বৰে পৰা আই পি এলৰ প্রস্তুতিত নামি পৰে৷ ইফালে, ব্যক্তিগত অসুবিধাৰ বাবে যোৱাবাৰ আই পি এলত অংশ ল’ব নোৱাৰা বাঁওহতীয়া তাৰকা বেটছমেন সুৰেশ ৰাইনাই যোৱানিশা মুম্বাইত উপস্থিত হৈছে৷ আজি তেওঁ দলীয় শিবিৰত যোগ দিছে আৰু কোৱাৰেণ্টাইনৰ পিছতে ধোনী বাহিনীৰ সৈতে ৰাইনা অনুশীলনত নামিব৷