নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম পর্যায়ত ২০ প্লাছ আসন পাব মহাজোঁটে

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ  কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ দল বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰ মতে, এইবাৰ মহাজোঁটে ৭০+ আসন লাভ কৰি অসমত চৰকাৰ গঠন কৰিব৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে এই মন্তব্য কৰি কয় যে অহা ২৭ মার্চত ভোটগ্রহণ হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনত ৪৭টা সমষ্টিৰ ভিতৰত মহাজোঁটে ২০+ আসন লাভ কৰিব৷ উজনি অসম আৰু উত্তৰ অসম ঘূৰিয়েই তেওঁ এই মন্তব্য কৰিছে বুলি প্রকাশ কৰে৷

ইপিনে ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত কয় যে প্রথম পর্যায়ৰ নির্বাচনত অধিকাংশ সমষ্টিতেই কংগ্রেছ জয়ী হ’ব৷ এনে এটা সমষ্টি নাই, য’ত কংগ্রেছ দৌৰত নাই৷ যোৱা দুসপ্তাহ ধৰি তেওঁ প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া প্রায় প্রতিটো সমষ্টিতেই যোৱাৰ বিষয়ে জানিবলৈ দি সেই কথা প্রকাশ কৰে৷ তেওঁ কয় যে অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ হ’ব৷ ৰাইজে মহাজোঁটৰ চৰকাৰ অনাৰ বাবে মন বান্ধিছে৷ বিজেপিয়ে যি ১০০+ৰ কথা কৈছে, সেয়া বিজেপিৰ নহয়, কংগ্রেছৰহে হ’ব৷ ছত্তিশগড়ত বিজেপিয়ে ৬০+ৰ কথা কৈছিল৷ কিন্তু ছত্তিশগড়ৰ নির্বাচনী ফলাফলত কংগ্রেছে ৭০খন আসন লাভ কৰি চৰকাৰ গঠন কৰিলে৷ ঝাৰখণ্ডতো বিজেপিয়ে চৰকাৰ গঠন কৰাৰ কথা কৈছিল, কিন্তু চৰকাৰ কংগ্রেছৰ হ’ল৷

অসমত কংগ্রেছৰ এজন ভূমিপুত্রই মুখ্যমন্ত্রী হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ ইপিনে ‘কা’ক লৈ বিজেপিয়ে তিনিমুখীয়া স্থিতি লোৱাৰ গুৰুতৰ অভিযোগ কৰি কয় যে পশ্চিমবংগত তেওঁলোকে ‘কা’ ৰূপায়ণ কৰিব বুলি কয়৷ চৰকাৰ গঠন হ’লেই প্রথমখন কেবিনেটতে ‘কা’ ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰিব বুলি কৈছে৷ ইয়াৰ বিপৰীতে তামিলনাডুত ‘কা’ ৰূপায়ণ নকৰাৰ কথা কয়৷ অসমত তেওঁলোকে বিষয়টোক লৈ নিশ্চুপ হৈ থাকে৷ অসমত কংগ্রেছে ‘কা’ ৰূপায়ণ হ’বলৈ নিদিয়াৰ কথা ক’লে তেওঁলোকে কেন্দ্রীয় আইনৰ দোহাই দিয়ে৷ সংবাদ মেলখনত তেওঁৰ সৈতে এ আই চি চিৰ মুখপাত্র অধ্যাপক গৌৰৱ বল্লভ আৰু অসম প্রদেশ কংগ্রেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শর্মা উপস্থিত থাকে৷

You might also like