নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশক ক্লীন শ্বুইপ নিউজিলেণ্ডৰ

নিয়মীয়া বাৰ্তা, ২৭ মার্চঃ উদীয়মান বেটছমেন ডেভন কনৱে আৰু ডাৰিল মিচেলৰ চমকপ্রদ শতকৰ সহায়ত নিউজিলেণ্ডে এদিনীয়া শৃংখলাত বাংলাদেশক ক্লীন শ্বুইপ কৰিবলৈ সক্ষম হৈছে৷ ৱেলিংটনত  অনুষ্ঠিত শৃংখলাৰ তৃতীয় তথা অন্তিম এদিনীয়াত ঘৰুৱা দলটোৱে বাংলাদেশক ১৬৪ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ৩–০ৰ ব্যৱধানত শৃংখলাটো দখল কৰে৷

প্রথমে বেটিং কৰি নিউজিলেণ্ডে নির্ধাৰিত ৫০ অভাৰত ৬ উইকেটৰ বিনিময়ত ৩১৮ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰায়৷ দলটোৰ হৈ কনৱেই ১১০টা বলত ১৭টা বাউণ্ডেৰীৰ সহায়ত ১২৬ ৰানৰ অনবদ্য অৰিহণা আগবঢ়ায়৷

মিচেলে ৯২ বলত ৯টা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ১০০ ৰান সংগ্রহ কৰি অপৰাজিত হৈ ৰয়৷ তাৰকা অ’পেনাৰ মার্টিন গুপ্ঢিল ২৬ আৰু হেনৰী নিকলছ ১৮ ৰানত আউট হয়৷ প্রত্যুত্তৰত বাংলাদেশে ৪২.৪ অভাৰত মাত্র ১৫৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়৷

You might also like