এনআৰচিত জড়িত ৪৫৫গৰাকী কর্মচাৰীক অব্যাহতিৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণৰ কাম–কাজত নিয়োজিত হৈ থকা ৪৫৫গৰাকী কর্মচাৰীৰ জীৱনলৈ নামি আহিছে অমানিশা৷ ৰাষ্ট্রৰ সুৰক্ষাৰ লগত জড়িত এনআৰচিৰ দৰে গুৰুত্বপূর্ণ কাম–কাজৰ লগত যোৱা দীর্ঘসময় ধৰি নিয়োজিত হৈ থকা এই কর্মচাৰীসকলক শেহতীয়াকৈ অব্যাহতি দিয়াৰ বাবে মহাপঞ্জীয়কৰ কার্যালয়ে ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰা এক পত্রক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷
কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনস্থ মহাপঞ্জীয়কৰ কার্যালয়ে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগলৈ ১/৫/২০২০–এনআৰচি/১৫২৯৬ পত্রৰ জৰিয়তে নাগৰিকপঞ্জীৰ কামত নিয়োজিত হৈ থকা ৪৫৫জন কর্মচাৰীক তাৎক্ষণিকভাৱে অব্যাহতি দিয়াৰ বাবে দিয়া নির্দেশে এই কর্মচাৰীসকলৰ জীৱনলৈ অনিশ্চয়তা নমাই অনাই নহয় এন আৰ চিৰ কাম–কাজো যে সম্পূর্ণভাৱে স্থবিৰ হৈ পৰিব সেয়া স্পষ্ট হৈ পৰিছে৷
উল্লেখ্য যে এনআৰচিৰ কাম–কাজ আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে যোৱা ৪ মার্চত প্রতিমাহে ৩.২২ কোটি টকাৰ আৱশ্যক বুলি মহাপঞ্জীয়কৰ কার্যালয়লৈ এক পত্র প্রেৰণ কৰিছিল৷ উক্ত পত্রৰ আধাৰতে মহাপঞ্জীয়ক কার্যালয়ৰ যুটীয়া সঞ্চালক যশপাল সিঙে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব এছ আৰ ভূঞালৈ এক পত্র প্রেৰণ কৰি স্পষ্ট কৰি দিয়ে যে নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে অর্থনৈতিক মন্ত্রালয়ৰ কেবিনেট কমিটীয়ে ধার্য কৰা ১৬০২.৬৬ কোটি টকাৰ বাহিৰে কেন্দ্রীয় চৰকাৰে পুনৰ পুঁজি আবণ্টন নকৰে৷
এনআৰচি উন্নীতকৰণৰ বাবে ২০১৯ বর্ষৰ ৩১ ডিচেম্বৰ পর্যন্ত আবণ্টন দিয়া ১৬০২.৬৬ কোটি টকাৰ পাছত আন কোনো ধৰণৰ পুঁজি আবণ্টন দিয়াৰ প্রস্তাৱ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে৷ যোৱা ২৩ মার্চত কেন্দ্রীয় চৰকাৰৰ দ্বাৰা প্রেৰিত পত্রৰ জৰিয়তে এনআৰচিত নিয়োজিত হৈ থকা ৪৫৫জন কর্মচাৰীক তাৎক্ষণিকভাৱে অব্যাহতি দিবলৈ নির্দেশ প্রেৰণ কৰে৷
পৰিতাপৰ বিষয়টো হ’ল যে এনআৰচি উন্নীতকৰণৰ ক্ষেত্রত জড়িত হৈ থকা চাৰি শতাধিক কর্মচাৰীয়ে যোৱা সময়ছোৱাত দুপৰনিশালৈ ১৮ ঘণ্টা পর্যন্ত একেলগে কাম কৰাৰ লগতে চৰকাৰী বন্ধসমূহো গ্রহণ কৰিব পৰা নাছিল৷ আনকি এনআৰচিৰ কাম–কাজত অত্যধিক বোজাৰ ফলত অন্যান্য চাকৰিৰ নিযুক্তি প্রক্রিয়াত অংশগ্রহণৰ পৰাও বঞ্চিত হ’ব লগা হৈছিল৷
যিহেতু এনআৰচিৰ কাম–কাজসমূহ যথেষ্ট গুৰুত্বপূর্ণ আৰু অত্যধিক সময় খৰচী আছিল, সেয়েহে ইয়াত নিয়োজিত কর্মচাৰীসকলে অন্য চাকৰিৰ পৰীক্ষাৰ বাবে প্রস্তুতি চলাব পৰা নাছিল৷ যাৰ বাবে অন্য চৰকাৰী বা বেচৰকাৰী চাকৰি গ্রহণত ব্যর্থ হৈছিল এই কর্মচাৰীসকল৷ এনেদৰে এনআৰচিৰ নামত দীর্ঘসময় ব্যয় কৰাৰ পাছত কেন্দ্রীয় চৰকাৰৰ এক পত্রৰ জৰিয়তে ৪৫৫জন কর্মচাৰীক অব্যাহতি দিব ওলোৱা কার্যই স্বাভাৱিকতে প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে কর্মচাৰীসকলৰ জীৱনলৈ নমাই আনিছে ভয়ংকৰ দুর্যোগ৷
যি সময়ত নির্বাচনত ৰাষ্ট্রীয় দলসমূহে যুৱক–যুৱতীৰ কর্মসংস্থানৰ প্রতিশ্রুতিৰ শ্লোগান আওৰাই আছে, তেনে সময়ত এনআৰচিত জড়িত কর্মচাৰীসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া বিষয়টোক লৈ কিন্তু নীৰৱে আছে ৰাজনৈতিক দলসমূহ৷ আনকি বিজেপিয়ে নির্বাচনী ইস্তাহাৰত ৫নং সংকল্পত এনআৰচিৰ সংশোধন আৰু সকলো বিবাদ নিষ্পত্তিৰ কথা উল্লেখ কৰাৰ লগতে ৮নং সংকল্পত ২ লাখ চৰকাৰী চাকৰি প্রদানৰ কথা উল্লেখ কৰিছে, সেই সময়তে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসমৰ ৪৫৫ কর্মচাৰীক অব্যাহতিৰ বাবে দিয়া নির্দেশ নিতান্তই দুর্ভাগ্যজনক৷
এনআৰচিত জড়িত হৈ থকা এই কর্মচাৰীসকলে যোৱা সময়ছোৱাত নির্বাচন, ক’ভিড, বান আদি অন্যান্য কামতো ৰাজ্য চৰকাৰক সহায় আগবঢ়াই আহিছে৷ বিধানসভা নির্বাচনতো বহুসংখ্যক কর্মচাৰীক নিয়োগ কৰা হৈছে৷ এনে অৱস্থাৰ পাছতো কর্মচাৰীসকলক সুৰক্ষিত কৰাৰ বিপৰীতে অব্যাহতি দিয়াৰ বাবে কেন্দ্রীয় চকাৰে দিয়া নির্দেশে প্রতিটো পৰিয়ালৰ জীৱনলৈ নমাই আনিছে দুর্যোগ তথা অমানিশা৷
যি সময়ত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ঠিকাভিত্তিক কর্মচাৰীসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে, সেই সময়ত খোদ মুখ্যমন্ত্রীৰ অধীনস্থ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অন্তর্গত ৪৫৫জন উচ্চশিক্ষিত কর্মচাৰীক কর্মহীন কৰিবলৈ ওলোৱা কার্যক লৈ ৰাজ্যত সৃষ্টি হৈছে বিৰূপ প্রতিক্রিয়া৷