নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাইগাঁৱৰ ভোটকেন্দ্রত উত্তেজনা আৰক্ষীৰ গুলীচালনা, আহত তিনিজন

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ  কলাইগাঁৱৰ ৰজাপুখুৰী এল পি স্কুল ভোটকেন্দ্রত ৰিগিঙৰ সন্দেহত সহস্রাধিক লোকে সন্ধিয়াৰ ভাগত ভোটকেন্দ্রটো ঘেৰাও কৰাক লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ প’লিং এজেণ্টৰ চহী নোহোৱাকৈ ই ভি এম ভোটকেন্দ্রৰ পৰা নিবলৈ বিচৰাৰ অভিযোগ তুলি সহস্রাধিক লোকে প্রতিবাদ কৰাত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে প্রথমে লাঠীচালনা কৰে৷ কিন্তু পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যোৱাত ক্ষুব্ধ জনতাক আঁতৰাই পঠিয়াবলৈ আৰক্ষীয়ে গুলীচালনা কৰে৷ এই গুলীচালনাত ইছমাইল আলী, হাচমত আলী, মোছাৰুদ্দিন আহমেদ নামৰ তিনিজন লোক গুৰুতৰভাৱে আহত হয়৷ আৰক্ষীয়ে আহত লোককেইজনক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভর্তি কৰায়৷ ইয়াৰে ইছমাইল আলীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ ইফালে, স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ভোটকেন্দ্রটোত কর্তব্যৰত নির্বাচনী বিষয়াসকলৰ ভুলৰ বাবেই আজি এই অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি হয়৷ ৰাইজৰ অভিযোগ অনুসৰি প’লিং এজেণ্টৰ চহী নোলোৱাকৈয়ে ই ভি এম লৈ যাব বিচাৰিছিল৷ ভোটকেন্দ্রটোত প’লিং এজেণ্টৰ দায়িত্বত থকা লোকসকলে তেওঁলোকৰ চহী অবিহনে ই ভি এম নিয়াৰ বিৰোধিতা কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে সন্ধিয়া প্রায় ৭ বজাত ভোটকেন্দ্রটোত এই অপ্রীতিকৰ ঘটনা সংঘটিত হয়৷ গুলীচালনাত তিনিজন লোক আহত হোৱাটোও আৰক্ষীয়ে নিশ্চিত কৰিছে৷
সোণাইত বিধানসভাৰ উপাধ্যক্ষৰ দেহৰক্ষীৰ শূন্যলৈ গুলী
ভোটগ্রহণৰ প্রায় অন্তিম ক্ষণত আজি কাছাৰ জিলাৰ সোণাই বিধানসভা সমষ্টিৰ মধ্য ধনেহৰিত বিজেপি–এআইইউডিএফৰ একাংশ সমর্থকৰ মাজত সংঘাতৰ সূত্রপাত ঘটে৷ আনকি এই সংঘাতৰ মাজতে মধ্য ধনেহৰি ৪৬৩নং প্রাথমিক বিদ্যালয়স্থিত ভোটগ্রহণ কেন্দ্রত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাক কেন্দ্র কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, ভোটগ্রহণ চলি থকাৰ সময়তে বিয়লি প্রায় ৫ বজাত ভোটগ্রহণ কেন্দ্রটোত উপস্থিত হয় অসম বিধানসভাৰ উপাধ্যক্ষ তথা সোণাই সমষ্টিৰ বিজেপি প্রার্থী আমিনুল হক লস্কৰ৷ তেওঁ ভোটগ্রহণ কেন্দ্রটোত উপস্থিত হোৱাৰ পাছতে এআইইউডিএফৰ একাংশ সমর্থক ক্ষুব্ধ হৈ পৰে৷ আনকি কাদিৰ আহমেদ নামৰ এজন যুৱকে এইদৰে কিয় ভোটগ্রহণ কেন্দ্রত উপস্থিত হৈছে বুলি প্রশ্ণ কৰে বিজেপি প্রার্থী লস্কৰক৷ এই প্রশ্ণটো কৰাৰ পাছতে বিজেপি প্রার্থী লস্কৰে কাদিৰ আহমেদক শাৰীৰিকভাৱে অপদস্থ কৰা বুলি অভিযোগ উঠে৷ প্রধানতঃ এয়াই আছিল

দুয়োপক্ষৰ মাজত উদ্ভৱ হোৱা সংঘাতৰ মূল কাৰণ৷ এইবাৰ স্থানীয় ৰাইজৰ লগতে একাংশ এআইইউডিএফৰ সমর্থকে বিজেপিৰ প্রার্থীজনক আগভেটি ধৰে৷ ফলত দুয়োপক্ষৰ মাজৰ সংঘাত অধিক তীব্রতৰ হয়৷ ইয়াৰ মাজতে বিজেপি প্রার্থীজনৰ দেহৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ দেহৰক্ষীয়ে শূন্যলৈ চলোৱা গুলীৰ মাজতে উপস্থিতসকলৰ দৌৰা–দৌৰি লগাত তিনিজনকৈ ভোটাৰ আহত হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে ঘটনাৰ খবৰ পোৱাৰ পাছতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বি এল মিনা ভোট কেন্দ্রটোত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ ইফালে নিশাৰ ভাগত উদাৰবন্দ সমষ্টিৰ নেত্রিপৰ সমীপতো এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে ইভিএম কঢ়িয়াই অনাৰ অভিযোগ তুলি স্থানীয় একাংশ এখন ট্রাক আগচি ধৰে৷ ইয়াৰ মাজতে উত্তেজিত লোকসকলে কেবাখনো বাহনক লক্ষ্য কৰি আক্রমণ চলায়৷ উত্তৰ কৰিমগঞ্জ সমষ্টিতো নিশাৰ ভাগত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা৷ জানিব পৰা মতে, ইভিএম কঢ়িয়াই অনা এখন বাহন কানিচাইল্ডত যান্ত্রিক বিজুতি ঘটে৷ যাৰবাবে ইভিএমসমূহ আন এখন বাহনলৈ স্থানান্তৰ কৰিবলগীয়া হয়৷ কিন্তু স্থানীয় একাংশই ৰিগিঙৰ অভিযোগ তুলি উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি কৰে৷ উত্তেজিত লোকসকলক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়৷
টুমপ্রেঙত কংগ্রেছৰ প’লিং এজেণ্টক অপহৰণ
পশ্চিম কার্বি আংলং জিলাৰ একমাত্র বিধানসভা সমষ্টি বৈঠালাংছ’ত কংগ্রেছৰ এজন প’লিং এজেণ্টক অপহৰণ কৰাৰ অভিযোগ উঠিছে৷ উত্থাপিত অভিযোগ অনুসৰি ১৫১নং টুমপ্রেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্রটোত এই ঘটনা সংঘটিত হৈছে৷ কংগ্রেছৰ প’লিং এজেণ্ট স্বৰূপ বাদেৰে পুৱা ৬ বজাত কংগ্রেছৰ হৈ প’লিং এজেণ্টৰ দায়িত্ব পালন কৰিবলৈ কেন্দ্রটোলৈ আহে যদিও বিজেপিৰ ৪জন সমর্থকে বলপূর্বকভাৱে তেওঁক এখন চাৰিচকীয়া বাহনত উঠাই হোজাই অভিমুখে লৈ যায়৷ প’লিং এজেণ্ট বাদেৰ এইদৰে সন্ধানহীন হোৱাৰ খবৰ পাই কংগ্রেছ প্রার্থী আগষ্টিন ইনহিয়ে জিলা আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰে৷ জানিব পৰা মতে, বাদেৰ আৰু অপহৰণকাৰীকেইজন ইতিমধ্যে কৰায়ত্ত কৰি ডংকামোকাম উপ–আৰক্ষী চকীত ৰাখি থোৱা হৈছে৷ ইফালে, বাদেৰৰ অনুপস্থিতিত ভোট কেন্দ্রটোত তপন ক্র’ক কংগ্রেছৰ প’লিং এজেণ্টৰ দায়িত্ব দিয়া হয়৷
ভোটাৰৰ লাইনত শিশুক থিয় কৰাক কেন্দ্র কৰি ভূৰাগাঁৱত উত্তপ্ত পৰিস্থিতিঃ এজন আৰক্ষী জোৱান আহত
মৰিগাঁও জিলাৰ ৮১নং লাহৰীঘাট সমষ্টিৰ অন্তর্গত ভূৰাগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটকেন্দ্রত এটি সৰু কথাক কেন্দ্র কৰি দুই পক্ষৰ মাজত হতাহতি হয়৷ হতাহতিৰ মাজত সোমাই পৰা এজন আৰক্ষী জোৱান আহত হৈ চিকিৎসাধীন হ’ব লগা হয়৷ ঘটনাৰ বিৱৰণী মতে, পুৱা সাত বজাৰ পৰা ভোটকেন্দ্রটোত ভোটগ্রহণ কৰা হয়৷ শাৰী পাতি থকা ভোটাৰসকলৰ মাজত এজন ভোটাৰে নিজৰ ১২–১৩ বছৰীয়া পুত্রক থিয় কৰাই তেওঁৰ বাবে ঠাই সংৰক্ষণ কৰিছিল৷ শিশু শাৰীত থিয় দি থকাত শিশুটিৰ পিছত থকা আন ভোটাৰজনে শিশুটিক আঁতৰি যাবলৈ দিয়ে৷ এই ঘটনাৰ মাজতে শিশুটিৰ অভিভাৱক আহি উপস্থিত হয় আৰু দুয়োজন ভোটাৰৰ মাজত প্রথমে বাদানুবাদ আৰু তাৰ পিছত সংঘর্ষ হয়৷ পৰিস্থিতি এনে অৱস্থা পায়গৈ যে সকলোৱে এই সংঘর্ষত লিপ্ত হৈ পৰে৷ এনে অৱস্থাত কর্তব্যৰত এজন আৰক্ষী জোৱানে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আগবাঢ়ি যোৱাত অতর্কিতে সংঘর্ষৰ মাজত সোমাই পৰে আৰু আলী উপাধিৰ জোৱানজন নাকত আঘাতপ্রাপ্ত হয়৷ ঘটনা আৰু অধিক অৱনতি হোৱাৰ আগতে ভোটকেন্দ্রটোত ভূৰাগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷
অপৰিচিত ভোটাৰক লৈ মঙলদৈত উত্তেজনা
মঙলদৈৰ লগতে ছিপাঝাৰ সমষ্টিৰ মুঠতে তিনিটা ভোটগ্রহণ কেন্দ্রত আজি অপৰিচিত ভোটাৰৰ আগমনক লৈ পুৱাৰ ভাগতে উত্তপ্ত হৈ পৰে৷ মঙলদৈ সমষ্টিৰ বৰসত্র প্রাথমিক বিদ্যালয় ভোটকেন্দ্রত সৃষ্টি হয় উত্তেজনা৷ কেন্দ্রটোলৈ দৰঙৰ ৰাণীপুখুৰী, ওজাগাঁও, মোৱামাৰী আদিৰ পৰা ১৫জন ভোটাৰে অটো এখন লৈ ভোট দিব অহাত স্থানীয় ৰাইজ আৰু বিজেপিৰ বিষয়ববীয়াই বাধা প্রদান কৰে৷ স্থানীয় গাঁওবুঢ়াক মাতি আনি ভোটাৰসকল স্থানীয় হয় নে নহয় তাৰ প্রমাণ বিচাৰে প্রিজাইডিং বিষয়াই৷ দৰং বিজেপি যুৱ মর্চাৰ সম্পাদক বিতোপন ডেকা, জিলা বিজেপিৰ সম্পাদক মণ্টু ডেকা আৰু পশ্চিম মঙলদৈ মণ্ডল বিজেপিৰ সভাপতি নীল বৰুৱাই ভোটাৰসকলৰ বিষয়টো জিলা নির্বাচনী বিষয়া, আৰক্ষীক অৱগত কৰে৷ লগে লগে কার্যবাহী দণ্ডাধীশে আৰক্ষীৰ দল লৈ ঘটনাস্থলীত উপস্থিত হয়৷ অর্ধসামৰিক বাহিনীৰ দুটা দলো মোতায়েন কৰা হয়৷ পিছলৈ মঙলদৈ সমষ্টিৰ কংগ্রেছ প্রার্থী বসন্ত দাসসহ কংগ্রেছৰ এটা দল উপস্থিত হৈ বিষয়টো আলোচনা কৰে৷ বিজেপিৰ প্রার্থী গুৰুজ্যোতি দাস ঘটনাস্থলীত উপস্থিত হৈ শান্তি বজাই ৰাখি ভোটদান অব্যাহত ৰখাৰ আহ্বান জনায়৷ অৱশ্যে সেই সময়লৈ ভোট দিব অহা দলটো কেন্দ্রৰ সমীপৰ পৰা পলায়ন কৰে৷ অৱশ্যে বৰসত্রৰ এটা কেন্দ্রক বাদে বাকী দুটা কেন্দ্রত অপৰিচিত ডেৰ শতাধিকে ভোটদান কৰা বুলি প্রকাশ৷ ভোটাৰ তালিকাত সন্নিৱিষ্ট ২৯২গৰাকী ভোটাৰ স্থানীয় নহয় বুলি ইতিমধ্যে দাবী কৰিছে স্থানীয় ৰাইজে৷ কেৱল মঙলদৈতে নহয়, ছিপাঝাৰ সমষ্টিৰ অন্তর্গত শিংকুছি আৰু চেঙাপাৰা গাঁৱৰ ভোটকেন্দ্রতো তিনি শতাধিক অস্থানীয় ভোটাৰৰ নাম ওলাইছে যদিও কেন্দ্র দুটাত প্রতিবাদৰ সন্মুখীন নোহোৱাত সুকলমে ভোট দি যায়৷ সমগ্র বিষয়টোৱে খলকনি তুলিছে যদিও বিজেপি চৰকাৰৰ দিনতে এনে ভোটকেন্দ্র সলনিৰ লগত প্রধানমন্ত্রী কিষাণ নিধিৰ জালিয়াতিৰ প্রসংগ সকলোতে উচ্চাৰিত হৈছে৷
৮০ বছৰীয়া বৃদ্ধাই ভোটদান নকৰাকৈ পোষ্টেল ভোট হোৱাত চাঞ্চল্য
হোজাইত দ্বিতীয় পর্যায়ত আজি অনুষ্ঠিত ভোটগ্রহণ কার্যত পুৱা ৭ বজাৰে পৰা বিভিন্ন বেমেজালিৰে ভোটগ্রহণৰ কাম আৰম্ভ হয়৷ জিলাখনৰ হোজাই আৰু যমুনামুখ সমষ্টিৰ বিভিন্ন ঠাইত পুৱাই বহু ই ভি এম বিকল হৈ পৰা ঘটনাই ভোটাৰৰ মাজত হাহাকাৰ লগায়৷ ৯১নং হোজাই সমষ্টিৰ দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যাল্যয় কেন্দ্রত ইভিএম বিকল হয়৷ ১৪৯নং ভোটকেন্দ্রত পুৱা মক প’লৰ সময়তেই বিকল হয় ইভিএমটো৷ ঠিক তেনেদৰে বিষ্ণুপুৰ প্রাথমিক বিদ্যালয়ত ই ভি এমৰ বিসংগতিৰ বাবে পলমকৈ ভোট গ্রহণ আৰম্ভ হয়৷ এই কেন্দ্রৰ ১৭৪নং আৰু ১৭৫নং কেন্দ্রত প্রায় ৫২ মিনিট পলমকৈ ভোটগ্রহণ আৰম্ভ হয়৷ হোজাইৰ ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়তো ই ভি এম বিকল হয়৷ বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ কেন্দ্রৰ নং ১১২ (এ) কেন্দ্রৰ ই ভি এম বিকল হয়৷হোজাইৰ নীলবাগান এম ই স্কুলত ই ভি এমক কেন্দ্র কৰি ১২২নং ভোটকেন্দ্রত উত্তেজনাৰ সৃষ্টি হয়৷ হোজাইৰ ৮নং পূব বগুৰী প্রাথমিক বিদ্যালয়ত ইভিএম বিকল হৈ পৰাত ভোটগ্রহণৰ কাম পলমকৈ আৰম্ভ হয়৷

ইফালে দুপৰীয়াৰ ভাগত হোজাইৰ অন্তর্গত জামুহণ্ডল প্রাথমিক বিদ্যালয়ত ইভিএম বিকল হয়৷ ৪৫৯টা ভোট হোৱাৰ পিছত বিকল হয় ভোটিং মেচিনটো৷ প্রায় এক ঘণ্টা ধৰি ইভিএম বিকল হৈ পৰে৷ পিছত নতুন ই ভি এমৰ জৰিয়তে ভোটগ্রহণ আৰম্ভ হয়৷ ইফালে হোজাইৰ পূব বগুৰী ভোটকেন্দ্রত এজন লোকে কোনে কাক ভোটদান কৰে তাৰ তথ্য সংগ্রহৰ চেষ্টা কৰে৷ সেই উদ্দেশ্যে কেন্দ্রত প্রৱেশ কৰি গোপন কক্ষত কেমেৰা সংযোগ কৰাৰ অভিযোগ উঠিছে৷ লোকজনক প্রিজাইডিং বিষয়া আৰু নিৰাপত্তাৰক্ষীয়ে বাধা দিয়াত নিৰাপত্তাৰক্ষীৰ সৈতে তেওঁ বাক্যুদ্ধত লিপ্ত হয়৷ পিছত ৰাইজে চাহাবুদ্দিন নামৰ পালিনেতাক ধৰি উত্তম–মধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে যদিও পিছত লোকজনক ৰহস্যজনকভাৱে আৰক্ষীয়ে মুকলি কৰি দিয়ে৷

ইফালে হোজাইৰ ৯০নং যমুনামুখ সমষ্টিৰ চাৰিংপথাৰ গাঁৱৰ ২২২নং ভোটকেন্দ্রৰ (বি)ত ইভিএম মেচিন বিকল হোৱাত দেৰিকৈ আৰম্ভ হয় ভোটগ্রহণ৷ ফলত ৯ আৰু ১০নং ৱার্ডৰ ভোটাৰসকল এঘণ্টা ধৰি শাৰীত থিয় দিব লগাত পৰে৷ যমুনামুখৰ ৫৫নং হাবিগাঁও ভোটকেন্দ্রত খেলিমেলিৰ সৃষ্টি হয়৷ সমষ্টিৰ ২০ (এ)নং বিন্নাকান্দি এম ই স্কুলৰ ভোটকেন্দ্রতো ই ভি এম বিকল হয়৷ নীলবাগান এম ই স্কুলতো ১২২নং ভোট কেন্দ্রত ই ভি এম বিকলক লৈ উত্তেজনাৰ সৃষ্টি হয়৷ ঠিক তেনেদৰে নিখাৰীমুখ প্রাথমিক বিদ্যালয় ৫০ নম্বৰ ভোটকেন্দ্রত ই ভি এম বিকল হৈ থকাৰ বাবেই হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় শতাধিক ভোটাৰৰ মাজত৷ এই কেন্দ্রতে আজিৰ দিনটোত তিনিবাৰকৈ ইভিএম বেয়া হয়৷ যমুনামুখ সমষ্টিৰ ৫৫নং হাবিগাঁও ভোটকেন্দ্রত এগৰাকী বৃদ্ধাৰ ভোট বেলেগে প্রদান কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ভোট দিবলৈ আহি এই কথা জানিব পাৰে মহিলাগৰাকীয়ে৷ মহিলাগৰাকীৰ নাম আনোৱাৰা বেগম৷ প্রায় ৮০ বছৰীয়া বৃদ্ধাগৰাকী কর্মসূত্রে থাকে নাগালেণ্ডৰ ডিমাপুৰত৷ ডিমাপুৰৰ পৰা বুধবাৰে আহিছিল ভোটদান কৰিবলৈ এই বিশেষভাৱে সক্ষম আছিল মহিলাগৰাকী৷ সেয়ে পোষ্টেল বেলটযোগে কোনো লোকে জালিয়াতি কৰাৰ অভিযোগ৷ বি এল অ’ দুবাৰকৈ গৈও ঘৰত পোৱা নাছিল মহিলাগৰাকীক৷ তেন্তে কোনে প্রদান কৰিলে তেওঁৰ ভোট, ইয়াক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷

এই সন্দর্ভত হোজাই জিলাৰ উপায়ুক্ত তথা জিলা নির্বাচনী বিষয়া ডাঃ সাদনেক সিঙে সংবাদ মেল আয়োজন কৰি এই সন্দর্ভত তদন্ত অব্যাহত আছে বুলি মন্তব্য কৰে৷ জিলা উপায়ুক্তই কয় যে সন্ধিয়া ছয় বজালৈ ৯০নং যমুনামুখ সমষ্টিত ৬৩.৫৩ শতাংশ, ৯১নং হোজাই সমষ্টিত ৬৭.১৭ শতাংশ আৰু ৯২নং লামডিং সমষ্টিত ৬৯.৫২ শতাংশ ভোটদান হয় বুলি উল্লেখ কৰি জিলাখনৰ ভোটদান প্রক্রিয়া শান্তিপূর্ণভাৱে চলি থকা বুলি মন্তব্য কৰে৷ আজি পুৱাৰ ভাগত হোজাইত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত হয়৷ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এটা ভোটকেন্দ্র পৰিদর্শন কৰে৷ তেওঁ হোজাইত পদার্পণ কৰি হোজাই বিধানসভাৰ নন্দপুৰ মজলীয়া বিদ্যালয়ৰ ভোটকেন্দ্র পৰিদর্শন কৰে৷ ভোটকেন্দ্র পৰিদর্শন কৰি সাংবাদিকৰ আগত সঞ্চালকপ্রধানজনে সমগ্র অসমৰ পৰিৱেশ বর্তমান শান্তিপূর্ণ বুলি মন্তব্য কৰি সকলোকে ভোটদান কৰাৰ আহ্বান জনায়৷

You might also like