নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক আঠ মাহলৈ দেশজুৰি চলিব কৃষকৰ প্রতিবাদ: টিকেইট

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ  কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে তিনি কৃষি আইন বাতিলৰ দাবীত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকৰ আন্দোলন পুনৰ ৮ মাহ ধৰি চলিব৷ ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ)ৰ মুখপাত্র ৰাকেশ টিকেইটে আজি সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ আগন্তুক ১০ মে’ৰ পৰা আন্দোলন অধিক জংগী হৈ পৰিব৷ ১০ মে’লৈকে কৃষকসকল ব্যস্ত থাকিব পথাৰৰ পৰা ঘেঁহু চপোৱাৰ কামত৷ অর্থাৎ ১০ মে’ৰ পাছতেই আন্দোলনে পুনৰ জংগী ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে৷

টিকেইটৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ সংস্থা এএনআয়ে সদৰী কৰিছে যে কৃষি আইন বাতিলৰ দাবীত যি আন্দোলন আৰম্ভ কৰা হৈছে তাক কোনো কাৰণতে প্রতিবাদী কৃষকসকলে বন্ধ নকৰে৷ বৰঞ্চ এই আন্দোলনক অধিক বিশাল ৰূপ প্রদান কৰিবলৈ সংকল্পবদ্ধ হৈছে কৃষক সংগঠনসমূহ৷ অর্থাৎ আগন্তুক দিনত আন্দোলন দেশজুৰি বিয়পি পৰাৰ সম্ভাৱনা আছে৷ টিকেইটে স্পষ্ট কৰি দিছে যে আইন বাতিল নোহোৱা পর্যন্ত কৃষকে প্রতিবাদৰ পথ এৰি নিদিয়ে৷

You might also like