নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ চি বিক লৈ আশাবাদী অধিনায়ক কোহলিঃ ৯ এপ্রিলৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট

নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ দেশৰ মাটিত অহা ৯ এপ্রিলৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এললৈ অধীৰ আগ্রহেৰে অপেক্ষা কৰিছে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলিয়ে৷ আৰ চি বিৰ টুইটাৰ একাউণ্টত প্রকাশ পোৱা এক ভিডিঅ’ত তাৰকাগৰাকীয়ে কয় যে আৰ চি বি পৰিয়াললৈ পুনৰ উভতি আহি তেওঁ উৎফুল্লিত৷ ইউ এ ইত বিগত বর্ষত দাঙি ধৰা উন্নত প্রদর্শনৰ ধাৰা এইবাৰো অব্যাহত ৰাখিবলৈ আৰ চি বি সংকল্পবদ্ধ৷ দলটোৱে এইবাৰ নতুন চিন্তা–পৰিকল্পনা আৰু নতুন খেলুৱৈৰ সৈতে নৱৰূপত খেলপথাৰত নামিব৷

উল্লেখ্য যে কোহলি নেতৃত্বাধীন আৰ চি বিয়ে অহা ৯ এপ্রিলত চেন্নাইত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আগন্তুক আই পি এলৰ উদ্বোধনী মেচ খেলিব৷ বিগত বর্ষত দলটোৱে সুন্দৰ প্রদর্শনেৰে প্লে–ফত প্রৱেশ কৰিছিল যদিও ফাইনেল খেলিব নোৱাৰিলে৷

শেহতীয়াকৈ আৰ চি বিৰ শিবিৰত যোগ দিছে অধিনায়ক কোহলি আৰু এবি ডি ভিলিয়ার্ছৰ দৰে মহাৰথীয়ে৷ সাত দিনৰ কোৱাৰেণ্টাইনৰ পিছত তেওঁলোক খেলপথাৰত নামিব৷

You might also like