প’লিং বিষয়া–৩ কর্মচাৰীক নিলম্বন প্রিজাইডিং অফিচাৰক শ্ব’কজ আয়োগৰ
ৰাতাবাৰীৰ ইভিএম পাথাৰকান্দিৰ প্রার্থীৰ পত্নীৰ গাড়ীত, যদি প্রকৃততে ঘটিছে, জড়িতৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা লওক’- অমিত শ্বাহ
নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ কৰিমগঞ্জৰ কানাইশিলত কালি নিশা সংঘটিত ইভিএমকেন্দ্রিক উত্তেজনাৰ পাছত আজি নির্বাচন আয়োগে ৰাতাবাৰী সমষ্টিৰ ইন্দিৰা এম ভি স্কুলস্থিত ১৪৯নং কেন্দ্রটোত পুনৰ ভোটগ্রহণৰ নির্দেশ জাৰি কৰিছে৷ কেন্দ্রটোৰ প’লিং বিষয়া আৰু ৩জন কর্মচাৰীক নিলম্বন কৰাৰ লগতে প্রিজাইডিং বিষয়াজনলৈ নির্বাচন আয়োগে জাৰি কৰিছে শ্ব’কজ৷ কালি নিশা উদ্ভৱ হোৱা উত্তেজনাময় পৰিস্থিতি সন্দর্ভত নির্বাচন আয়োগে আজি এক প্রতিবেদন প্রকাশ কৰিছে৷ এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি বিয়লি ৬ বজাত ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছত কেন্দ্রটোৰ দায়িত্বত থকা বিষয়া–কর্মচাৰীসক কৰিমগঞ্জ অভিমুখে ৰাওনা হৈছিল৷ তেওঁলোকক এছক’ট দিছিল আৰক্ষী ছেক্টৰ বিষয়াৰ নেতৃত্বত এটা দলে৷ কালি বতৰ যথেষ্ট প্রতিকূল আছিল৷
বিশেষকৈ ধাৰাসাৰ বৰষুণৰ ফলত পথ হৈ পৰিছিল বোকাময়৷ গ্রামাঞ্চলৰ পৰা কৰিমগঞ্জ সংযোগী মূল পথটোৱেই হৈছে ৮নং ৰাষ্ট্রীয় ঘাইপথ৷ বিয়লি ৬ বজাত ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছত এই পথটোৰে কমেও ১,৩০০ যান–বাহন কৰিমগঞ্জ অভিমুখে ৰাওনা হৈছিল৷ ফলত ৰাষ্ট্রীয় ঘাইপথটোত দেখা দিছিল অভাৱনীয় যান–জঁট৷ ১৪৯নং কেন্দ্রটোৰ বিষয়া–কর্মচাৰীসক কঢ়িয়াই অনা বাহনখনৰ নিলাম বজাৰ পোৱাৰ সময়তে নিশা প্রায় ৯ বজাত যান্ত্রিক বিজুতি ঘটে৷ তদুপৰি অভাৱনীয় যান–জঁট আৰু প্রতিকূল বতৰৰ বাবে এই দলটো কনভয়ৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল৷ এনে অৱস্থাত দলটোৱে ছেক্টৰ বিষয়া অজয় সূত্রধৰক ম’বাইল ফোনযোগে বিষয়টো অৱগত কৰে৷ ছেক্টৰ বিষয়াজনে বিকল্প বাহনৰ ব্যৱস্থা কৰাৰ পূর্বে দলটোৱে নিজাববীয়াকৈ এখন বাহনৰ ব্যৱস্থা কৰি লয়৷ নিশা প্রায় ৯.২০ বজাত এ এছ–১০ বি–০০২২ নম্বৰৰ বাহনখনেৰে ই ভি এমসহ ৰাওনা হয়৷ দলটোৱে বাহনখনৰ গৰাকী কোন, সেই বিষয়ে বিচাৰ কৰা নাছিল৷ নিশা প্রায় ১০ বজাত দলটো কানাইশিলত উপস্থিত হোৱাত প্রায় ৫০জন লোকে আগচি ধৰে আৰু বাহনখনলৈ লক্ষ্য কৰি শিলাবর্ষণ কৰিবলৈ ধৰে৷ নির্বাচনৰ দায়িত্বত থকা বিষয়া–কর্মচাৰীসক এই লোকসকলক নেতৃত্ব দিয়াজনক সোধাত বাহনখন পাথাৰকান্দি সমষ্টিৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা কৃষ্ণেন্দু পালৰ বুলি দাবী কৰাৰ লগতে ই ভি এমত বিসংগতি ঘটোৱাৰো অভিযোগ উত্থাপন কৰে৷ এনে অৱস্থাত নির্বাচনৰ দায়িত্বত থকা বিষয়া–কর্মচাৰীসক সমগ্র বিষয়টো ছেক্টৰ বিষয়াক অৱগত কৰে৷ কিন্তু সেই সময়ত কানাইশিলত আৰু অধিক লোকৰ সমাগম হৈছিল৷
ঘটনাৰ বিষয়ে খবৰ পোৱাত তাৎক্ষণিকভাৱে জিলা নির্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হয়৷ ইতিমধ্যে বাহনখন পাথাৰকান্দি সমষ্টিৰ প্রতিদ্বন্দ্বী প্রার্থী কৃষ্ণেন্দু পালৰ পত্নীৰ নামত পঞ্জীভূত হৈ থকাটো নিশ্চিত হৈছিল৷ ইফালে ঘটনাস্থলী অধিক উত্তপ্ত হৈ পৰাৰ লগতে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল৷ শিল নিক্ষেপ কৰি উত্তেজিত লোকসকলে বাহনখনৰ আইনা সম্পূর্ণকৈ ভাঙি পেলায়৷ আনকি উত্তেজিত লোকসকলৰ শিলাবর্ষণত আৰক্ষী অধীক্ষকজনো সামান্যভাৱে আহত হয়৷ ইয়াৰ বিপৰীতে প্রথম প’লিং বিষয়াজন শুংসূত্রহীন হৈ পৰিছিল৷ অৱশ্যে ইয়াৰ মাজতে নির্বাচনৰ দায়িত্বত থকা দলটোৰ অন্যান্যসকলক দলটোৰ ই ভি এমসহ নিশা প্রায় ১১.২০ বজাত সুৰক্ষিতভাৱে লৈ অনা হয়৷ পৰীক্ষা কৰাৰ অন্তত ই ভি এমসমূহৰ ছীল সম্পূর্ণৰূপে সুৰক্ষিত হৈ থকা বুলি উল্লেখ কৰাৰ লগতে বর্তমান ষ্ট্রং ৰূমত ৰখাৰ কথা জানিবলৈ দিছে নির্বাচন আয়োগে৷ কিন্তু ই ভি এমসমূহৰ ছীল সুৰক্ষিত হৈ থাকিলেও ১৪৯নং কেন্দ্রটোত পুনৰ ভোটগ্রহণৰ সিদ্ধান্ত নির্বাচন আয়োগে গ্রহণ কৰিছে৷ লগতে বিশেষ পর্যবেক্ষকৰ পৰা এই সন্দর্ভত এক প্রতিবেদনো বিচাৰিছে নির্বাচন আয়োগে৷ বিৰোধী শিবিৰে এনে কার্যৰ জৰিয়তে ৰিগিং কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে সমগ্র বিষয়টোক লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রতিক্রিয়া প্রকাশ কৰিছে৷ ‘ইণ্ডিয়া টুডে’ টিভি’ৰে হোৱা এক সাক্ষাৎকাৰত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয়– ঘটনাটোৰ বিষয়ে সবিশেষ মই অৱগত নহয়৷ কালি মই দক্ষিণ ভাৰতত নির্বাচনী প্রচাৰত ব্যস্ত আছিলোঁ৷ এতিয়া মই বিশদ তথ্য সংগ্রহ কৰিম৷ নির্বাচন আয়োগক পদক্ষেপ গ্রহণ কৰাৰ ক্ষেত্রত আমি বাধা প্রদান কৰা নাই৷ যদিহে কোৱাৰ দৰে প্রকৃততে কিবা ঘটনা ঘটিছে, তেন্তে নির্বাচন আয়োগে আইন মতে নিশ্চিতভাৱে ব্যৱস্থা গ্রহণ কৰিব৷ এই ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰক৷
জুইত জ্বলাই মোক হত্যাৰ অপচেষ্টা কৰা হৈছিলঃ আমিনুল
বিধানসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ বিয়লি বৰাকৰ সোণাই সমষ্টিৰ ধনেহৰিত নির্বাচনী হিংসাৰ ঘটনাৰ আঁৰত এ আই ইউ ডি এফ প্রার্থী কৰিমউদ্দিন বৰভূঞাৰ হাত আছে৷ পৰিকল্পিতভাৱে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰক হত্যা কৰাৰ অপচেষ্টা কৰা হৈছিল৷ যাৰ কাৰণে শূন্যলৈ গুলী চলাইছিল দেহৰক্ষীয়ে৷ শুকুৰবাৰে নিজৰ বাসভৱনত এখন সংবাদ মেল পাতি বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ সংবাদ মেলত তেওঁ কয়– কালি সন্ধিয়া এদল দুষৃকতিকাৰীয়ে মোক জুইত জ্বলাই মাৰিবলৈ চেষ্টা কৰিছিল৷ এই ঘটনাত এ আই ইউ ডি এফ প্রার্থী কৰিমউদ্দিন বৰভূঞাৰ হাত আছে৷ কালি ভোটগ্রহণৰ শেষ সময়ছোৱাত সোণাই সমষ্টিৰ কেইবাটাও কেন্দ্রত নিয়ম ভংগ কৰি ভোটগ্রহণ চলিছে বুলি খবৰ পোৱাৰ পাছতেই মধ্য ধনেহৰি ৪৬৩নং এল পি স্কুলত থকা বুথস্থলীত উপস্থিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয়– ভোটকেন্দ্রত প্রৱেশৰ সময়ত আঞ্চলিক পঞ্চায়তৰ প্রাক্তন সদস্য নুৰুল হুছেইন বৰলস্কৰে মোক বাধা দিয়ে৷ তদুপৰি আন কেইবাজনো আগুৰি ধৰে আৰু শিল নিক্ষেপ কৰে৷ লগতে ঠেলি–হেঁচি মোক এটা কোঠালিলৈ লৈ যায় আৰু ঘৰৰ চালিত জুই জ্বলাই দিয়ে৷ তেতিয়া মোৰ দেহৰক্ষীয়ে মোক বচাবলৈ শূন্যলৈ গুলী চলায়৷ নুৰুল হুছেইন বৰলস্কৰৰ নেতৃত্বত ছাবিৰ আহমেদ, কাদিৰ হুছেইন আৰু মাছুক আহমেদে এই ঘটনা সংঘটিত কৰা বুলি তেওঁ দাবী কৰে৷ তেওঁৰ অভিযোগ মতে, ঘটনাস্থলীৰ পৰা যি ৰিভলভাৰ উদ্ধাৰ হৈছে, সেয়া কৰিমউদ্দিন বৰভূঞাৰ৷ তদুপৰি সময় মতে আৰক্ষী অধীক্ষক বি এল মীনা, এডিজিপি এছ এন সিং আৰক্ষী বাহিনী লৈ ঘটনাস্থলীত উপস্থিত নহ’লে পৰিস্থিতি ভয়াৱহ হ’লহেঁতেন বুলি উল্লেখ কৰি তেওঁ এই ঘটনাৰ উচ্চ পর্যায়ৰ তদন্তৰ দাবী জনায়৷