আই পি এলত ক’ৰোনাৰ আতংকঃ ৱাংখেড়েৰ ৮ গ্রাউণ্ডছমেন ক’ভিড পজিটিভ
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে ২০২০ত বহু পলমকৈ আই পি এল ইউএইত আয়োজনৰ পিছত এইবাৰ বি চি চি আয়ে ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখন ভাৰতৰ মাটিত আয়োজনৰ যো–জা চলাইছিল যদিও ক’ভিডৰ সংক্রমণে পুনৰ আতংকৰ সৃষ্টি কৰিছে৷
অহা ৯ এপ্রিলৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনত অংশ ল’বলৈ সাজু হোৱা দুগৰাকীকৈ খেলুৱৈ ক’ভিডত আক্রান্ত হোৱাৰ পিছত এইবাৰ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ আঠগৰাকীকৈ গ্রাউণ্ডছমেন আৰু আই পি এল আয়োজনৰ দায়িত্বত থকা ইভেণ্ট মেনেজমেণ্টৰ ছগৰাকী সদস্যৰ ক’ভিড পজিটিভ হোৱাৰ বাতৰি প্রকাশ পাইছে৷
ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি আই পি এলৰ ১০খনকৈ মেচ অনুষ্ঠিত হ’বলগীয়া ৱাংখেড়ে ষ্টেডিয়ামৰ উইকেট সাজু কৰাত ব্যস্ত থকা মুঠ ১৯গৰাকী গ্রাউণ্ডছমেনৰ আঠগৰাকী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে তিনিগৰাকী ২৬ মার্চত আৰু আন পাঁচগৰাকী যোৱা ১ এপ্রিলত ক’ভিড পজিটিভ হৈছে৷
উল্লেখ্য যে অহা ১০–২৫ এপ্রিলৰ ভিতৰত ৱাংখেড়ে ষ্টেডিয়ামত আই পি এলৰ ১০খন মেচ অনুষ্ঠিত হোৱাৰ কথা আছে৷ ইয়াৰে প্রথমখন মেচত চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ’ব৷ ৱাংখেড়ে ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ লগতে মুম্বাই ইণ্ডিয়ানছ, পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছে লীগৰ আৰম্ভণী মেচসমূহ খেলিব৷
ইফালে, আঠগৰাকীকৈ গ্রাউণ্ডছমেন ক’ভিডত আক্রান্ত হোৱাৰ পিছত মুম্বাই ক্রিকেট সন্থাই আজি শচীন তেণ্ডুলকাৰ জীমখানা আৰু শাৰদ পাৱাৰ একাডেমীৰ গ্রাউণ্ডছমেনক ৱাংখেড়েলৈ অনা বুলি জানিব পৰা গৈছে৷