নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগ্রীজুলিৰ বিশাল জনসভাত বিৰোধীক তুলাধুনা প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: ৫ বছৰ পাছত অসমক কব্জা কৰাৰ ষড়যন্ত্র এতিয়াৰে পৰা চলিছে৷ একাংশই চৰকাৰ কেনেকৈ হ’ব, কি পোছাক পিন্ধাব, তাক লৈ আৰম্ভ কৰিছে পৰিকল্পনা৷ এয়া স্তম্ভিত খবৰ৷ –অসমত তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনী প্রচাৰ অভিযানত নামি আজি এইদৰে বিৰোধীৰ স্থিতিক লৈ সৰৱ হৈ পৰিল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ তামুলপুৰৰ সমীপৰ নাগ্রীজুলিৰ লাওপাৰাত অসমৰ অন্তিম তথা ষষ্ঠখন নির্বাচনী সভাত কাৰো নাম নোলোৱাকৈ বিৰোধীক তুলাধুনা দি প্রধানমন্ত্রী মোদীৰ মন্তব্য– অসমৰ সংস্কৃতিৰ ওপৰত আক্রমণ হৈছে৷ একাংশই কেনেকৈ চৰকাৰ গঠন হ’ব, চৰকাৰ গঠনৰ পাছত ৰাইজে কি পিন্ধিব, তাক লৈ বর্ণনা দিবলৈ আৰম্ভ কৰিছে৷ ইয়াতকৈ অসমৰ ওপৰত, অসমৰ সংস্কৃতিৰ ওপৰত আন কোনো ডাঙৰ অপমান হ’ব নোৱাৰে৷ এওঁলোকে দেখা সপোনে স্তম্ভিত কৰি তুলিছে সকলোকে৷ সেয়েহে তৃতীয় পর্যায়ৰ নির্বাচনত ৰাইজ সজাগ হ’ব লাগিব৷ ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউ পি পি এল তথা মিত্রজোঁটৰ প্রার্থী লেহোৰাম বড়ো, বৰমা সমষ্টিৰ প্রার্থী ভূপেন বড়ো আৰু চাপাগুৰি সমষ্টিৰ প্রার্থী উর্খাও গৌৰা ব্রহ্মৰ হৈ প্রচাৰ চলাবলৈ শনিবাৰে নাগ্রীজুলিত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে বিশাল জনসভা সম্বোধি কয় যে অসমত আকৌ এবাৰ এন ডি এ চৰকাৰ হোৱাটো বিচাৰিছে ৰাইজে৷ এন ডি এৰ প্রতি অসমৰ ৰাইজৰ আশীর্বাদ আছে৷ মহাজোঁটৰ মহাঝুঠ ইতিমধ্যে ফাদিল হৈছে৷ অসমৰ বিভিন্ন ঠাইৰ ৰাইজৰ মৰম আৰু আশীর্বাদতে অসমত আকৌ এন ডি এ চৰকাৰ হোৱাটো নিশ্চিত৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত ৰাইজে এন ডি এক জনাদেশ দিছে৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে আজি মই ভোটভিক্ষা কৰিবলৈ অহাই নহয়, প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত আশীর্বাদৰ বাবে ধন্যবাদ জনাবলৈ আহিছোঁ৷

ভাষণ প্রসংগত তেওঁ পুনৰ কয় যে বিগত পাঁচ বছৰত অসমত দ্রুত উন্নয়ন হৈছে৷ ভূপেন হাজৰিকা সেতু, বগীবিল দলং আদিকে ধৰি ৰাস্তা–ঘাটৰ উন্নয়নৰ জৰিয়তে যাতায়াত ব্যৱস্থা ৰাজ্যখনত সুচল কৰি তোলা হৈছে৷ এতিয়াও বহুকেইখন বৃহৎ আকাৰৰ পকী দলঙৰ নির্মাণৰ কাম চলি থকাৰ লগতে এন ডি এ চৰকাৰৰ পাঁচ বছৰীয়া শাসনকালত নতুন ৰে’লপথ নির্মাণ কৰি যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰা হৈছে৷ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ প্রসাৰ কৰাৰ লগতে ধুবুৰী–ৰূপশ্রী বিমানবন্দৰৰ উন্নয়ন সাধন কৰি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় যাতায়াত ব্যৱস্থা উন্নত কৰা হৈছে৷ বিগত ৭০ বছৰত যিমান কাম হৈছে, এন ডি এৰ পাঁচ বছৰীয়া চৰকাৰে অধিক কাম কৰি দেখুৱাবলৈ সক্ষম হৈছে৷ বাণিজ্য, যাতায়াত আদি ক্ষেত্রত নতুন যুগৰ সূচনা হৈছে৷ ইয়াৰ ফলত উদ্যোগ আৰু আত্মনির্ভৰশীল অসম নির্মাণ হৈছে৷ এই চৰকাৰে সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিৰ আধাৰত সকলো জাতি–জনগোষ্ঠীৰ মাজত ভেদাভেদ আঁতৰাই বিকাশৰ পথ সুগম কৰি তুলিছে৷ ফলত সমগ্র দেশতে সমাজসেৱাৰ বাবে প্রবল আত্মবিশ্বাসেৰে বিজেপিয়ে কাম কৰি আহিছে৷ অটল অমৃত যোজনা, আয়ুস্মান ভাৰত আঁচনিৰ জৰিয়তে পাঁচ লাখকৈ টকা চিকিৎসা খৰচ হিচাপে আগবঢ়োৱা হৈছে৷

ভয়াৱহ ক’ৰোনাৰ বাবে হোৱা লকডাউনৰ সময়ত দুখীয়া পৰিয়ালক আর্থিক সাহায্য আগবঢ়োৱাৰ লগতে দেশত ১০০তকৈও অধিক আঁচনি ৰূপায়ণ কৰি থকা হৈছে৷ বড়োভূমিৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়– ৰাজনৈতিক সভাসমূহত সর্বাধিক হাৰত মাতৃ আৰু ভগ্ণীৰ উপস্থিতি যথেষ্ট মন কৰিবলগীয়া হৈছে৷ মই বৃহৎ হাৰত মাতৃ–ভগ্ণীসকলৰ উপস্থিতিৰ কাৰণৰ সন্ধান কৰিছিলোঁ৷ তেতিয়া মোক কোৱা হৈছিল যে বড়োভূমিৰ বহু মাতৃ–ভগ্ণীয়ে তেওঁলোকৰ সন্তান তথা ভাতৃক হাতত বন্দুক লৈ জংঘললৈ যোৱা পৰিৱেশৰ সন্মুখীন হৈছিল৷ তেনে পৰিৱেশ যাতে পুনৰ ঘূৰি নাহে, সেই বিশ্বাসেৰে আমাৰ ওচৰলৈ আহিছে৷ মই সমগ্র মাতৃ–ভগ্ণীক আশ্বস্ত কৰিব বিচাৰিছোঁ, আপোনালোকৰ সন্তানে কেতিয়াও হাতত বন্দুক তুলি ল’ব নালাগে৷ শান্তিৰ বাবে সম্পন্ন কৰা বড়ো চুক্তি ৰূপায়ণ কৰা হ’ব৷ বি টি আৰত শান্তি স্থাপন কৰি প্রগতিৰ দিশে আগবঢ়াই নিয়াটোৱেই এন ডি এ চৰকাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য৷ বি টি আৰৰ উন্নয়ন আৰু প্রগতি আমাৰ লক্ষ্য৷

বাক্সা জিলাৰ পর্যটন ক্ষেত্রৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে বগামাটিৰ কথা উল্লেখ কৰি কয়– পর্যটনস্থলীৰ উন্নয়ন সাধন কৰি পর্যটকক আকর্ষণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ যুৱক–যুৱতীসকলে যাতে কর্মসংস্থান লাভ কৰিব পাৰে, তাৰ বাবে ১০ মে’ৰ পাছত দেশত দ্রুত উন্নয়নৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰা হ’ব৷ অসমত চাহ শ্রমিকসকলৰ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ইতিমধ্যে অসমৰ চাহ শ্রমিকসকলৰ উন্নয়নৰ বাবে ১,০০০ কোটি টকা ব্যয়ৰ লক্ষ্য লোৱা হৈছে৷ বিটিচিৰ কার্যবাহী সদস্য তথা যুৱ বিজেপি নেতা ধর্মনাৰায়ণ দাসে আঁত ধৰা সভাখনৰ আৰম্ভণিতে প্রধানমন্ত্রী মোদীয়ে বডোফা উপেন্দ্র নাথ ব্রহ্ম, ৰূপনাথ ব্রহ্ম, সতীশ চন্দ্র বসুমতাৰী, গুৰুদেৱ কালিচৰণ, মহাবীৰ চিলাৰায়ক স্মৰণ কৰি কয়– অসমৰ এই বৰেণ্য তথা মহাপুৰুষসকলৰ অসম নির্মাণৰ যি সপোন আছিল, সেই সপোন এতিয়া বাস্তৱত ৰূপায়িত হ’বলৈ গৈ আছে৷ কংগ্রেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটক কটাক্ষ কৰি পুনৰ মোদীয়ে কয়– মহাজোঁটৰ মহাফাঁকি ইতিমধ্যে ওলাই পৰিছে৷ ভোটবেংকৰ বাবে কাম কৰাসকলক নিৰপেক্ষ বুলি ক’ব খোজে একাংশই৷ কিন্তু সকলোৰে বাবে কাম কৰিলে সাম্প্রদায়িক দল বুলি কয়৷ বিজেপিৰ কাম হ’ল সবকা সাথ, সবকা বিকাশ৷ অসমৰ জনসাধাৰণৰ পক্ষত থাকি একতা, শান্তি আৰু প্রগতিৰ লগত সহবাস কৰাটো৷

নির্বাচনী সভাখনত উপস্থিত থাকি বিটিচিপ্রধান প্রমোদ বড়োৱে কয়– আজি তামুলপুৰবাসীৰ বাবে এক গৌৰৱ আৰু ঐতিহাসিক দিন৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পোনপ্রথমবাৰৰ বাবে তামুলপুৰত পদার্পণ কৰিলে৷ নৰেন্দ্র মোদীৰ নেতৃত্বত বি টি আৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত অঞ্চলটোলৈ স্থায়ী শান্তি ঘূৰি আহিছে৷ সভাত সাংসদ বিশ্বজিৎ দৈমাৰীয়েও ভাষণ প্রদান কৰে৷ আনহাতে, এই সভাত উপস্থিত থাকে কেন্দ্রীয় ড’নাৰ মন্ত্রী জিতেন্দ্র সিং, বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডা, দলৰ জ্যেষ্ঠ নেতা ৰাম দাহাল, ৰাজেশ বড়ো আদিৰ লগতে কেইবাজনো নেতা৷

You might also like