এজাক বৰষুণতে কৃত্রিম বানত জলমগ্ন পাথৰকোৱেৰী–মেগজিন সংযোগী পথ
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ পাথৰকোৱেৰী–মেগজিন সংযোগী পুৰণি পথটোৰ জৰাজীর্ণ অৱস্থাই জ্বলাকলা খুৱাইছে অঞ্চলবাসীক৷ কোনো এগৰাকী জনপ্রতিনিধিৰ দৃষ্টিগোচৰ নোহোৱা পথটোক লৈ শেহতীয়াকৈ আগন্তুক বাৰিষা কালৰ দুর্ভোগৰ বাবে বিশেষভাৱে চিন্তিত হৈ পৰিছে বাসিন্দাসকল৷ উল্লেখ্য যে পাথৰকোৱেৰীৰ পৰা মেগজিন ওলাব পৰাকৈ প্রায় দুই কিলোমিটাৰ দৈর্ঘ্যৰ পুৰণি পথটোৰে কেইবা সহস্র লোকৰ উপৰি বহু সৰু–বৰ বাহন চলাচল কৰে৷ কেইবাবছৰ পূর্বে পথটো পকীকৰণ কৰিছিল যদিও নিম্নমানৰ কামৰ বাবে ভালেমান দিনৰ পৰা জৰাজীর্ণ হৈ পৰিছে পথটোৰ বহু অংশ৷ সম্প্রতি ঠায়ে ঠায়ে দ’ গাঁতৰ সৃষ্টি হোৱা পথটো এতিয়া এজাক বৰষুণৰ পিছতে পুখুৰীসদৃশ হৈ পৰে৷
বিশেষভাৱে মাডাৰ বৃদ্ধাশ্রমৰ সন্মুখভাগত ইমানেই জৰীজীর্ণ হৈ পৰিছে যে এজাক বৰষুণৰ পিছত একপ্রকাৰ অচল হৈ পৰে অঞ্চলটো৷ শেহতীয়াকৈ প্রত্যক্ষ কৰা অনুসৰি দুদিন পূর্বে দিয়া ধাৰাষাৰ বৰষুণৰ পিছত আজিপর্যন্ত পথছোৱাত থকা বৃহৎ বৃহৎ পুখুৰীসদৃশ গাঁতকেইটাত পানী জমা হৈ আছে৷ ফলত পথচাৰীসকলে চলাচল কৰাত দুর্ভোগ ভোগা পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে দুর্ঘটনাপ্রৱণ হৈ পৰিছে পথছোৱা৷ আচৰিত কথা যে বিগত দুবছৰতকৈ অধিক কাল ধৰি এই পথটো এনেদৰে জৰাজীর্ণ হৈ থকাৰ পিছতো বিধায়ক তথা কোনো জনপ্রতিনিধি আৰু বিভাগীয় কর্তৃপক্ষই গুৰুত্ব প্রদান কৰা নাই৷ ফলস্বৰূপে আগন্তুক বাৰিষা কালত ভুগিবলগীয়া দুর্ভোগক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী৷ সেয়ে পথটো শীঘ্রে মেৰামতি কৰাৰ দাবী জনাইছে সংশ্লিষ্ট বিভাগক৷