নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ সমষ্টি পুনৰ বিজেপিৰ অতুল বৰাৰ দখললৈ যোৱাৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ  তৃতীয় পর্যায়ৰ নির্বাচন অন্ত পৰাৰ লগে লগে সমগ্র ৰাজ্যৰ লগতে কামৰূপ (মহানগৰ) জিলাৰ চাৰিটা সমষ্টিত কোনে শেষ হাঁহি মাৰিব এই লৈ জল্পনা–কল্পনা আৰম্ভ হৈছে৷ বিশেষকৈ সন্মানীয় দিছপুৰ সমষ্টি কাৰ দখললৈ আহিব সেই লৈ ভোটাৰ ৰাইজৰ মাজত ব্যাপক চর্চা চলিছে৷ দিছপুৰ সমষ্টিত মিত্রজোঁটৰ প্রার্থী অতুল বৰা আৰু মহাজোঁটৰ সমর্থিত কংগ্রেছ প্রার্থী মনজিৎ মহন্তৰ মাজত মূল যুঁজখন হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে অসম জাতীয় পৰিষদৰ প্রার্থী প্রিন্স ফাইজুল হকে মহাজোঁটৰ প্রার্থী মনজিৎ মহন্তৰ আশাত চেঁচাপানী ঢ়ালিছে বুলি একাংশ লোকৰ মুখে মুখে শুনা গৈছে৷ দিছপুৰ সমষ্টিৰ ৩২ শতাংশ ভোটাৰৰ লগতে বঙালী হিন্দু সম্প্রদায়ৰ ১৭ শতাংশ, অ’বিচি ২০ শতাংশ, মুছলমান ৭ শতাংশ, এছটি ১৫ শতাংশ আৰু এছচিৰ ৩ শতাংশ ভোটাৰৰ লগতে ৬ শতাংশ অন্যান্য ভোটাৰে প্রার্থীকেইগৰাকীৰ ভাগ্য নির্ণয় কৰাৰ ক্ষেত্রত মুখ্য ভূমিকা ল’ব৷ ইপিনে, ‘কা’বিৰোধী ভোটাৰৰ অধিকাংশই মনজিৎ মহন্তৰ বিপৰীতে অজাপৰ প্রিন্স ফাইজুল হকক সমর্থন কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ একেদৰে জনজাতীয় ভোটাৰৰ অধিকাংশই মনজিৎ মহন্তৰ বিপৰীতে বিজেপি প্রার্থী অতুল বৰাক সমর্থন কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ সেয়েহে এইবেলি বিজেপিবিৰোধী ভোট সম্পূর্ণৰূপে বিভক্ত হোৱাৰ ফলত সমষ্টিটোত মিত্রজোঁটৰ প্রার্থী অতুল বৰাই শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব বুলি সমষ্টিটোৰ একাংশ লোকৰ মাজত চর্চা চলিছে৷ অৱশ্যে অহা ২ মে’ৰ ভোটগণনা সম্পন্ন হোৱাৰ পিছতহে সকলো জল্পনা–কল্পনাৰ অন্ত পৰিব৷

You might also like