নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত সম্পত্তি বাঢ়িছে বাবুলৰ

চাৰিটা প্রাসাদ, ভিন্ন ৰাজ্যত ভূমি

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ টালিগঞ্জ সমষ্টিৰ বিজেপি প্রার্থী তথা কেন্দ্রীয় মন্ত্রী বাবুল সুপ্রিয়ই বিগত কেইবছৰমানৰ ভিতৰতে অভাৱনীয়ভাৱে সম্পত্তি গঢ়িবলৈ সক্ষম হৈছে৷ নির্বাচনৰ পূর্বে মনোনয়ন দাখিলৰ সময়ত গাঁঠি দিয়া শপতনামাত উল্লেখ কৰা অনুসৰি ২০১৯–২০ বর্ষটোত বাবুল সুপ্রিয়ৰ মুঠ উপার্জন ৩,৩২,৯৪০ টকা৷ কিন্তু এই শপতনামাত বাবুল সুপ্রিয়ই উল্লেখ কৰা অনুসৰি গায়ক তথা ৰাজনীতিকগৰাকীয়ে চাৰিখন বিলাসী গাড়ী, চাৰিটা প্রাসাদ আৰু কেইবাখনো ৰাজ্যত ভূমি ক্রয় কৰিছে৷ লক্ষণীয়ভাৱে বাবুল সুপ্রিয়ৰ পত্নী–কন্যাৰ নামতো আছে বিভিন্ন স্থানত সম্পত্তি৷ বাবুলৰ এই সম্পত্তিৰ তালিকাক লৈ চর্চা চলিছে পশ্চিমবংগত৷ অকল বাবুল সুপ্রিয়ই নহয়, পশ্চিমবংগত এইবাৰ বহু বিত্তশালী লোকে লাভ কৰিছে বিজেপিৰ প্রার্থিত্ব৷

You might also like