বিজেপি প্রার্থী শুভেন্দুলৈ নির্বাচন আয়োগৰ জাননী
নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ মমতা বেনার্জীৰ পাছত নির্বাচন আয়োগে পশ্চিমবংগৰ নন্দীগ্রাম সমষ্টিৰ বিজেপি প্রার্থী শুভেন্দু অধিকাৰীলৈ জাৰি কৰিছে জাননী৷ যোৱা মাহত শুভেন্দু অধিকাৰীয়ে প্রচাৰৰ সময়ত ঘৃণাজনিত বক্তব্য প্রদান কৰাৰ অভিযোগত আয়োগে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে প্রার্থীগৰাকীলৈ৷ যোৱা ২৯ মার্চত নন্দীগ্রামত এক প্রচাৰ সমাৱেশত অংশগ্রহণ কৰাৰ সময়ত অধিকাৰীয়ে ঘৃণা বিয়পোৱা ভাষণ দিয়া বুলি আয়োগত অভিযোগ দাখিল কৰিছিল চি পি আই–এম এলৰ কেন্দ্রীয় কমিটীৰ নেত্রী কবিতা কৃষ্ণনে৷ কবিতা কৃষ্ণনৰ অভিযোগৰ ভিত্তিত আয়োগে ২৪ ঘণ্টাৰ ভিতৰত শুভেন্দু অধিকাৰীক কাৰণ দর্শাবলৈ জাননী জাৰি কৰিছে৷