বেলতলা তিনিআলিত ৰক্তাক্ত অৱস্থাত যুৱতীক উদ্ধাৰক লৈ চাঞ্চল্য
নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ বেলতলা তিনিআলিত যোৱানিশা এগৰাকী যুৱতীক হত্যাৰ অপচেষ্টা চলোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে, কালি নিশা প্রায় ১১.৩০ বজাত বেলতলা তিনিআলিত এগৰাকী অচিনাক্ত যুৱতীক ৰাজপথত পৰি থকা অৱস্থাত প্রত্যক্ষ কৰে৷ ইয়াৰ পিছতে স্থানীয় ৰাইজ তথা একাংশ পথচাৰীয়ে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে৷ ৰাজপথত তেজেৰে তুমৰলি হৈ পৰি থকা যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ কিন্তু আৰক্ষীয়ে মহিলা আৰক্ষী নথকাৰ বাবে যুৱতীগৰাকীক হাস্পতাললৈ নিবলৈ অমান্তি হয়৷ ইয়াৰ পিছতে স্থানীয় ৰাইজৰ সৈতে আৰক্ষীৰ বাক–বিতণ্ডাৰ সৃষ্টি হয়৷ সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা দুগৰাকী মহিলাই আমি লগত যাম বুলি আৰক্ষীক কোৱাত অৱশেষত উপায়ান্তৰ হৈ আৰক্ষীয়ে ৰাইজৰ সহযোগত অচিনাক্ত যুৱতীগৰাকীক এজাইল হাস্পতালত ভর্তি কৰায়৷ ইফালে যোৱানিশা সংঘটিত এই চাঞ্চল্যকৰ ঘটনা সন্দর্ভত বশিষ্ঠ আৰু দিছপুৰ আৰক্ষীয়ে কোনো তথ্য ৰাজহুৱা কৰা নাই৷