ডায়েবেটিছ এটা দীর্ঘস্থায়ী ৰোগ যি আমাৰ দেশত মহামাৰীৰূপে দেখা দিছে৷ গোটেই বিশ্বৰ ভিতৰতে আমাৰ দেশত আটাইতকৈ সৰহসংখ্যক ডায়েবেটিছ ৰোগী আছে৷ অনিয়ন্ত্রিত ডায়েবেটিছৰ পৰা ভয়ংকৰ পৰিণতি যেনে– হূদৰোগ, বৃক্কৰোগ, অন্ধতা বা আন জটিল ৰোগ হ’ব পাৰে৷
ডায়েবেটিছৰ বাবে অপকাৰী খাদ্য গ্রহণ কৰাৰ ফলত ৰক্তত চেনিৰ পৰিমাণ বাঢ়ি যায়৷ কি কি খাদ্য ডায়েবেটিছৰ বাবে অপকাৰী সেই বিষয়ে ডায়েবেটিছ ৰোগীসকলৰ মাজত যথেষ্ট বিভ্রান্তি দেখা যায়৷ এনে অপকাৰী খাদ্য গ্রহণৰ ফলত চিকিৎসা কৰিও বহুতো ৰোগীয়ে ডায়েবেটিছ নিয়ন্ত্রণত আনিবলৈ সক্ষম নহয়৷ কি কি খাদ্য ডায়েবেটিছ ৰোগীয়ে খাব নালাগে তাৰ এখন তালিকা তলত উল্লেখ কৰা হ’ল–
১৷ চেনি মিহলোৱা পানীয়ঃ ডায়েবেটিছ ৰোগীৰ কাৰণে আটাইতকৈ বেয়া খাদ্য হৈছে চেনি মিশ্রণ কৰা পানীয়৷ কোকাকোলা, লিমকা, ফাণ্টা, পেপছি আদি শীতল পানীয় আদিৰ আজিকালি আমাৰ মাজত যথেষ্ট চাহিদা বৃদ্ধি পাইছে৷ বিশেষকৈ যুৱপ্রজন্মৰ মাজত এইবিলাক খুব জনপ্রিয়৷ এনেবোৰ শীতল পানীয়ত বহুত পৰিমাণে চেনি থাকে৷ তদুপৰি এনে পানীয়ত খুব বেছি পৰিমাণে ফ্রুক্টছ থাকে, যি ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে৷ এনে শীতল পানীয়ত থকা বেছি পৰিমাণৰ ফ্রুক্টছে পেটৰ চর্বী বৃদ্ধি কৰে আৰু লগতে কলেষ্টেৰ’ল আৰু ট্রাইগ্লিছাৰাইডো বৃদ্ধি কৰে৷ ফ্রুক্টছে শৰীৰে ইনচুলিন ভালকৈ ব্যৱহাৰ কৰাত বাধা দিয়ে (ইনচুলিন ৰেজিচটেন্স)৷
২৷ ময়দাৰে তৈয়াৰী খাদ্যবস্তুঃ ময়দাৰে তৈয়াৰী খাদ্য যেনে– লুচি, ৰুটী, পৰঠা, পিজ্জা, পাস্তা, নুড্লছ, বেকাৰীত তৈয়াৰ কৰা বিস্কুট, কেক বা আন আন খাদ্যত আঁহজাতীয় (ফাইবাৰ)ৰ পৰিমাণ খুব কম থাকে৷ সেই খাদ্য খোৱাৰ খুব কম সময়ৰ ভিতৰতে ৰক্তত চেনিৰ পৰিমাণ বহু মাত্রাত বৃদ্ধি পায়৷ এনেধৰণৰ খাদ্যই ৰক্তত ট্রাইগ্লিছাৰাইডৰ মাত্রা বৃদ্ধি কৰি শৰীৰত প্রদাহ (ইনফ্লেমেচন) সৃষ্টি কৰে৷ বগা ভাততো (মিলত তৈয়াৰ কৰা) ফাইবাৰ খুব কম পৰিমাণে থাকে৷ বগা ভাত খালেও চেনিৰ মাত্রা বৃদ্ধি পায়৷ সেইবাবে ডায়েবেটিছ ৰোগীয়ে ময়দাৰে তৈয়াৰ কৰা খাদ্যৰ সলনি আটা ব্যৱহাৰ কৰা আৱশ্যক৷ বগা ভাতৰ সলনি উখোৱা চাউলৰ ভাত বা ব্রাউন ৰাইচ খোৱা উচিত৷
৩৷ মিঠা দৈঃ ডায়েবেটিছ ৰোগীৰ বাবে দৈ এটা উৎকৃষ্ট খাদ্য৷ কিন্তু মিঠা দৈত যথেষ্ট পৰিমাণে চেনি থাকে৷ যিয়ে ৰক্তত চেনিৰ মাত্রা বৃদ্ধি কৰে৷ আজিকালি ফলৰ স্বাদ থকা দৈও বজাৰত বিক্রী হয়৷ এনে দৈ ডায়েবেটিছ ৰোগীয়ে খাব নালাগে৷ মিঠা নোহোৱা দৈয়ে ডায়েবেটিছ নিয়ন্ত্রণত সহায় কৰে৷
৪৷ শুকান ফলঃ ফল–মূলত যথেষ্ট ভিটামিন আৰু খনিজ দ্রব্য থাকে৷ ফলত চেনিও থাকে৷ ফল শুকোৱাৰ বাবে পানীৰ পৰিমাণ হ্রাস হোৱাৰ ফলত চেনিৰ পৰিমাণ বেছি ঘনীভূত হয়৷ উদাহৰণস্বৰূপে কেঁচা আঙুৰ শুকুৱাই তৈয়াৰ কৰা খিচমিচত চেনিৰ পৰিমাণ কেঁচা আঙুৰতকৈ তিনিগুণ বেছি থাকে৷ সেইবাবে ডায়েবেটিছ ৰোগীয়ে শুকান ফল খাব নালাগে৷ কম পৰিমাণৰ চেনি আৰু বেছিকৈ আঁহ থকা ফল যেনে– আপেল, নাচপতি আদি খোৱা উচিত৷ খিচমিচ, খেজুৰ, খুবানী (এপ্রিকট) আদি খাব নালাগে৷
৫৷ ফলৰ ৰস (ফ্রুইট জুইচ)ঃ ফলৰ ৰস এটা স্বাস্থ্যকৰ পানীয় বুলি সকলোৱে জানে৷ আজিকালি বজাৰত আকর্ষণীয় পেকেট বা টিনত বিভিন্ন ফলৰ ৰস বিক্রী হয়৷ কিছুমান ফলৰ ৰসত চেনি মিহলোৱা নাই বুলি আৰু কিছুমানত চেনি দিয়া বুলি লিখা থাকে৷ চেনি নিদিয়া প্রকৃত ফলৰ ৰস (ৰিয়েল জুইচ) আৰু চেনি যোগ কৰা (এডেড ছুগাৰ) ফলৰ ৰসে ৰক্তত চেনিৰ মাত্রা বৃদ্ধি কৰে৷ তদুপৰি এনে ফলৰ ৰসত অধিক পৰিমাণে ফ্রুক্টছ থকা বাবে ইনচুলিন ৰেজিচটেন্স বৃদ্ধি কৰে, দেহৰ ওজন বৃদ্ধি কৰে আৰু হূদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে৷
৬৷ ট্রেন্স ফেটঃ ট্রেন্স ফেট (চর্বী) সাধাৰণতে দুই প্রকাৰৰ৷ প্রাকৃতিকভাৱে উৎপন্ন হোৱা ট্রেন্স ফেট গাখীৰ, মাংস আদিত কম পৰিমাণে পোৱা যায়৷ কৃত্রিমভাৱেও ভেজিটেবল অইলৰ পৰা ট্রেন্স ফেট তৈয়াৰ কৰিব পাৰি৷ এনে ট্রেন্স ফেটসমূহ হৈছে– মাখন, ঘিউ, মাৰজাৰিণ আদি খাদ্য৷ সাধাৰণতে বেকাৰীত তৈয়াৰ কৰা খাদ্যসমূহত ট্রেন্স ফেট ব্যৱহাৰ কৰা হয়৷ ফাষ্ট ফুড তৈয়াৰ কৰোঁতেও ইয়াক যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰে৷ ট্রেন্স ফেটে শৰীৰত হূদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে৷ যিহেতু ডায়েবেটিছ ৰোগীৰ হূদৰোগ হোৱাৰ সম্ভাৱনা বেছি, এনে ৰোগীয়ে ট্রেন্স ফেট দি তৈয়াৰ কৰা খাদ্য খালে হূদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব৷
৭৷ মৌজোলঃ প্রত্যেকজন ডায়েবেটিছ ৰোগীয়ে চেনি ডায়েবেটিছৰ বাবে অপকাৰী বুলি জানে৷ চেনিৰ দৰে মৌজোলেও ৰক্তত চেনিৰ মাত্রা বৃদ্ধি কৰে৷ সেইবাবে ডায়েবেটিছ ৰোগীয়ে মৌজোল বা আন যিকোনো ছিৰাপ জাতীয় খাদ্য খাব নালাগে৷
সজাগতাঃ ডায়েবেটিছ ৰোগীয়ে কি কি খাব নালাগে সেই বিষয়ে সবিশেষ জনাটো যথেষ্ট কষ্টকৰ৷ প্রত্যেকজন ডায়েবেটিছ ৰোগীয়ে ট্রেন্স ফেট ব্যৱহাৰ কৰা খাদ্য, চেনি মিহলোৱা পানীয়, ময়দাৰে তৈয়াৰী খাদ্য, মিলত কৰা বগা ভাত, ফলৰ ৰস, শুকান ফল আদি খাব নালাগে৷ যিবোৰ খাদ্যই ৰক্তত চেনিৰ মাত্রা বৃদ্ধি কৰে, তেনেবোৰ খাদ্য গ্রহণ নকৰিলে ডায়েবেটিছ নিয়ন্ত্রণত ৰাখিবলৈ সক্ষম হ’ব আৰু এই ৰোগৰ পৰা উদ্ভৱ হ’ব পৰা ভয়ংকৰ জটিলতাসমূহৰ পৰা হাত সাৰিব৷