নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত ভয়ংকৰ কাণ্ডঃ নিশা ঘৰত এচিড আক্ৰমণ কৰি মাতৃ কন্যাক হত্যা

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ নিশাৰ আন্ধাৰৰ সুযােগ লৈ বাসগৃহতে এচিড আক্রমণ কৰি মাতৃ আৰু শিশু কন্যাক হত্যাৰ ঘটনাই শিলচৰ চহৰৰ সমীপৱৰ্তী বেৰেংগাত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে। প্রাপ্ত বাতৰি মতে, কালি নিশা বেৰেংগা দ্বিতীয় খণ্ডৰ ৰবিদাস পাৰাৰ বাসিন্দা ৰাজু ৰবিদাসৰ ঘৰত প্ৰৱেশ কৰি এচিড আক্ৰমণ কৰে দুৰ্বত্তই। নিশা ঘৰত এচিড আক্রমণ কৰি ৰবিদাস, পত্নী দুলীয়া ৰবিদাস আৰু কন্যা অঞ্জলি ৰবিদাস (১০) গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত তেওঁলােকক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ নি ভর্তি কৰােৱা হয় যদিও ৰাজু ৰবিদাসৰ পত্নী আৰু কন্যা দুয়ােৰে মৃত্যু হয়। বর্তমান সংকটজনক অৱস্থাত ৰাজু ৰবিদাস চিকিৎসাধীন হৈ আছে। প্রত্যক্ষদর্শীৰ মতে এচিড আক্রমণ কৰাৰ পাছত ঘৰৰ ভিতৰৰ পৰা দুজন লােক ওলাই আহিছিল। এই ঘটনাৰ আঁৰত ভূ-মাফিয়া জড়িত থকাৰ সন্দেহ কৰা হৈছে। ইপিনে, খবৰ পােৱাৰ পাছতেই শিলচৰ সদৰ থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনা সন্দৰ্ভত শিলচৰ আৰক্ষী থানাত এটা গােচৰ ৰুজু হৈছে। বর্তমান পর্যন্ত কাকো গ্রেপ্তাৰ কৰিব পৰা নাই।

You might also like