নৱজাতকৰ শাৰীৰিক বিকৃতি
অধিকাংশ শিশুৱেই স্বাভাৱিক গঢ়ৰ হয়৷ কিন্তু তাৰ মাজতে কিছুমান শিশুৰ দেহত খুঁত থাকে৷ ক্রম’জমৰ অস্বাভাৱিকতাৰ কাৰণে কিছুমান শিশুৰ ওঁঠত খুঁত থকা দেখা যায়৷ জন্মৰ বাসত্তৰ ঘণ্টাৰ ভিতৰত চিকিৎসা কৰি এই ওঁঠ ঠিক কৰা হয়৷ এইখিনি সময়ত শিশুৰ দেহৰ দুখ–বেদনাৰ অনুভূতি কম থাকে বাবে চিকিৎসা কৰিবলৈ সহজ হয়৷ এনেধৰণে শিশুৰ অনেক সমস্যা থাকিব পাৰে৷ অভিভাৱকসকলে কোনোধৰণৰ বিসংগতি চকুত পৰিলে লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে৷ কেতিয়াবা ভৰি দুখনৰ বিসংগতি দেখা যায়৷ ভৰিৰ বিষ হ’ব পাৰে৷ দেহৰ ওজন বেছি হোৱাটোও এক ধৰণৰ সমস্যা৷ এনেধৰণৰ একাধিক সমস্যা জন্মতেই লৈ আহিব পাৰে৷ এই সকলোবোৰ কথা চিকিৎসকৰ লগত আলোচনা কৰিব লাগে৷