গুৱাহাটীত ১০ দিনত আক্রান্তৰ সংখ্যা দ্বিগুণ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ৰঙালী বিহুৰ মাজতে বৃদ্ধি পোৱা ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সংক্রমণে একপ্রকাৰ বিভীষিকাৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত৷ বিগত ১০টা দিনতে কামৰূপ (মহানগৰ) জিলাত ক’ৰোনাসৃষ্ট পৰিৱেশ জটিল হৈ উঠাই নহয়, মাৰাত্মক ভাইৰাছত আক্রান্তৰ সংখ্যাও দুগুণ হৈছেগৈ৷ যোৱা ৯ এপ্রিলত কামৰূপ (মহানগৰ) জিলাত আক্রান্তৰ সংখ্যা আছিল ১৫৩গৰাকী৷ ইয়াৰ বিপৰীতে সোমবাৰৰ দিনটোলৈ আক্রান্তৰ সংখ্যা ৪৮২জনলৈ বৃদ্ধি পাইছে৷ আক্রান্ত দুগুণ হোৱাৰ সমান্তৰালভাৱে ক’ৰোনাত মৃতকৰ সংখ্যাও বৃদ্ধি হৈছে ৭জনলৈ৷ ক’ৰোনাৰ দ্বিতীয় ঢৌৰ খুন্দাত পৰিৱেশ জটিল হৈ পৰা কামৰূপ (মহানগৰ) জিলাৰ ন ন অঞ্চললৈ সংক্রমিত হৈছে মাৰণ ভাইৰাছ৷
উল্লেখ্য যে যোৱা ৯ এপ্রিলত জিলাখনৰ ১৫৩গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে ১০ এপ্রিলত ১৪৫গৰাকী, ১১ এপ্রিলত ১৮৬গৰাকী, ১২ এপ্রিলত ১৯৩গৰাকী, ১৩ এপ্রিলত ২০১গৰাকী, ১৪ এপ্রিলত ২৪৯গৰাকী, ১৫ এপ্রিলত ২৫৫গৰাকী, ১৬ এপ্রিলত ২৪৫গৰাকী, ১৭ এপ্রিলত ৩৬০গৰাকী আৰু ১৮ এপ্রিলত ৩৫৪গৰাকী লোক পজিটিভ ৰূপে চিনাক্ত হয়৷
প্রাণহানিৰ ক্ষেত্রত যোৱা ১০ এপ্রিলত জিলাখনৰ এগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ এপ্রিলত ৪গৰাকীৰ মৃত্যু ঘটে৷ সেইদৰে ১৩ এপ্রিলৰ পৰা ১৮ এপ্রিললৈ এই ছটা দিনত প্রতিদিনে এজনকৈ ক’ৰোনা আক্রান্তৰ মৃত্যু হৈছে৷ ইয়াৰ পৰাই কার্যতঃ স্পষ্ট হয় গুৱাহাটী তথা কামৰূপ (মহানগৰ) জিলাত ক’ৰোনা ভাইৰাছে কেনে ধৰণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷
কামৰূপ (মহানগৰ)ৰ উপৰি আন চাৰিখন জিলাতো মাৰাত্মক ৰূপ লৈছে ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে৷ কামৰূপ, ডিব্রুগড়, যোৰহাট আৰু শোণিতপুৰ জিলাতো অধিক দ্রুতগতিত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটিছে৷ ডিব্রুগড় জিলাত যোৱা ২৪ ঘণ্টাত ১০৯গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে এসপ্তাহত পজিটিভ ৰূপে চিনাক্ত হৈছে ৪৩৩গৰাকী৷ সেইদৰে কামৰূপ জিলাত যোৱা ২৪ ঘণ্টাত ১০৬গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে এসপ্তাহত ভাইৰাছ সংক্রমিত লোকৰ সংখ্যা হৈছে ৫১১গৰাকী৷ শোণিতপুৰ জিলাত যোৱা ২৪ ঘণ্টাত ৬৭জন লোক আক্রান্ত হৈছে৷ জিলাখনত এসপ্তাহত আক্রান্ত হোৱা লোকৰ সংখ্যা হ’ল ২২৭গৰাকী৷
আনহাতে, যোৰহাট জিলাত যোৱা ২৪ ঘণ্টাত ৫০গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে এসপ্তাহত আক্রান্ত হৈছে ২১৮গৰাকী৷ কামৰূপ (মহানগৰ) জিলাত ক’ৰোনাই সংহাৰী ৰূপ লোৱাৰ পৰিপ্রেক্ষিতত স্বাস্থ্য বিভাগে মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়খনক সম্পূর্ণৰূপে ক’ভিড হাস্পতাল ৰূপে প্রস্তুত কৰি তুলিছে৷ চিকিৎসালয়খনত সাজু কৰি তোলা হৈছে ২১২খন বিছনা৷ একেদৰে সৰুসজাই ষ্টেডিয়ামত আন ৪০০খন বিছনা সাজু কৰি তোলা হৈছে৷ সমান্তৰালভাৱে কালাপাহাৰ ক’ভিড হাস্পতাল, আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয় হাস্পতাল, সোণাপুৰ অসামৰিক চিকিৎসালয় আৰু শিঙিমাৰী আদর্শ চিকিৎসালয়ত মুঠ ৮২৬খন বিছনাও ক’ভিড ৰোগীৰ বাবে সাজু কৰি তোলা হৈছে৷