নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ক’ভিডৰ দ্বিতীয় জোৱাৰে কঁপাইছে দেশ’

সংক্রমিতৰ সংখ্যাই ৰচিছে নিত্য–নতুন অবাঞ্ছিত অভিলেখ

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ অতি বিপজ্জনক ক’ভিডসৃষ্ট দেশৰ পৰিস্থিতি৷ প্রতিদিনেই আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ বিগত ৪ দিন ধৰি ক’ভিড আক্রান্তৰ সংখ্যা এদিনত ৩ লক্ষাধিক অতিক্রম কৰি আছে৷ আক্রান্তৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও প্রতিদিনে দ্রুতগতিত বর্ধিত হৈছে৷ যোৱা ২৪ ঘণ্টাত অর্থাৎ এদিনতে আক্রান্ত হৈছে ৩,৪৯,৬৯১৷ এদিনত আক্রান্ত হোৱাৰ ই এক নতুন অনাকাংক্ষিত অভিলেখ৷ ঠিক তেনেদৰে বিগত তিনি দিন ধৰি প্রতিদিনে ক’ভিড–১৯ত প্রাণ হেৰুৱাইছে দুই সহস্রাধিক লোকে৷ যোৱা ২৪ ঘণ্টাত অর্থাৎ এদিনত দেশত সর্বাধিক ২,৭৬৭জন লোকে প্রাণ হেৰুৱাইছে৷ আক্রান্ত আৰু মৃতকৰ সংখ্যা দ্রুতগতিত বর্ধিত হোৱাৰ ফলত দেশৰ ৰাজধানী দিল্লীৰ পৰা মহাৰাষ্ট্র, উত্তৰ প্রদেশ, দিল্লী, কর্ণাটক, কেৰালাকে ধৰি প্রায়বোৰ ৰাজ্যতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ স্বাস্থ্য ব্যৱস্থা প্রায় বিধ্বস্ত হোৱাৰ সমান্তৰালকৈ ক’ভিড ৰোগীক চিকিৎসাৰ বাবে অতি আৱশ্যকীয় অক্সিজেনৰ নাটনি হৈছে৷

ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে সমগ্র দেশবাসীক ত্রাসিত কৰাৰ সময়তে এই ক’ভিডসৃষ্ট পৰিস্থিতিক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রত্যক্ষভাৱে দেশৰ ভয়াৱহ ক’ভিড স্থিতিক লৈ উদ্বিগ্ণতা প্রকাশেৰে প্রধানমন্ত্রী মোদীয়ে অকপটে স্বীকাৰ কৰিছে– ‘ক’ভিডৰ দ্বিতীয় জোৱাৰে কঁপাইছে দেশ’৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ পূর্বৰ প্রথম জোৱাৰতকৈ অধিক প্রত্যাহ্বানমূলক বুলি দেশবাসীক সজাগ হ’বলৈ আহ্বান জনাই থকা প্রধানমন্ত্রী মোদীৰ আজি তেওঁৰ ৰেডি’ কার্যসূচী ‘মন কী বাত’তো ক’ভিডৰ প্রসংগই প্রাধান্য লাভ কৰিছে৷

মন কী বাতযোগে দেশবাসীক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশত কঁপনি তুলিছে৷ আমি এই সংকটৰ পৰা শীঘ্রেই উদ্ধাৰ পাম৷ আনপিনে ক’ভিড–১৯ৰ ভয়াৱহতাৰ ওপৰত মন্তব্য কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ জনতাৰ ধৈর্যৰ পৰীক্ষা আৰু বেদনা সহ্যৰ সীমা৷ প্রথম পর্যায়ৰ ক’ভিডক ভাৰতে সম্পূর্ণ উদ্যমেৰে সফলতাৰে মোকাবিলা কৰা হৈছে যদিও দ্বিতীয় জোৱাৰে কঁপাই তুলিছে৷ চলিত ক’ভিডৰ সংহাৰ সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে চিকিৎসক, নার্ছ আৰু অগ্রণী কর্মীৰ পৰা মহামাৰী ভাইৰাছটোক লৈ মত আৰু অভিজ্ঞতাক লৈ বার্তালাপ কৰে৷ মন কী বাতত প্রধানমন্ত্রী মোদীয়ে দেশৰ ক’ভিডসৃষ্ট পৰিস্থিতিৰ ভয়াৱহতাক উল্লেখ কৰি দেশৰ জনতাক এই মহামাৰীৰ বিৰুদ্ধে যুঁজত ঐক্যবদ্ধভাৱে অংশগ্রহণৰ আহ্বান জনায়৷

মন কৰিবলগীয়া যে যোৱা ২৪ ঘণ্টাত ৩.৪৯ লক্ষাধিক লোক আক্রান্ত হোৱাত দেশত আক্রান্তৰ সংখ্যা ১.৬৯ কোটিৰ অধিক হৈছে৷ তেনেদৰে ২৪ ঘণ্টাত এদিনত সর্বাধিক ২,৭৬৭জন লোকে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা ১,৯২,৩১১জনলৈ বৃদ্ধি পাইছে৷ প্রথম জোৱাৰৰ লেখীয়াই দ্বিতীয় জোৱাৰত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত আছে মহাৰাষ্ট্র৷ মহাৰাষ্ট্রত যোৱা ২৪ ঘণ্টাত ৬৭,১৬০জন আক্রান্ত হোৱাৰ বিপৰীতে উত্তৰ প্রদেশত ৩৭,৯৪৪, কর্ণাটকত ২৯,৪৩৮, কেৰালাত ২৬,৬৮৫ আৰু দিল্লীত ২৪,১০৩জন আক্রান্ত হৈছে৷ আক্রান্তৰ শীর্ষত থকা এই পাঁচখন ৰাজ্যত সম্প্রতি দেশত আক্রান্ত হৈ থকা লোকৰ ৫৩ শতাংশ৷ মহাৰাষ্ট্রত অকলেই ১৯.২১ শতাংশ৷ ৰাজ্যখনত মৃতকৰ সংখ্যাও দ্রুতগতিত বর্ধিত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৬৭৬জনে প্রাণ হেৰুৱাইছে৷ ৰাজধানী দিল্লীতো আক্রান্তৰ সমান্তৰালকৈ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত দিল্লীত ৩৫৭জনৰ মৃত্যু ঘটিছে৷

আনপিনে কেন্দ্রীয় মন্ত্রী বাবুল সুপ্রিয় দ্বিতীয়বাৰৰ বাবে ক’ভিড–১৯ত আক্রান্ত হৈছে৷ পশ্চিমবংগৰ আছানলৰ দুবাৰৰ বিজেপি সাংসদ বাবুল সুপ্রিয়ই এইবাৰ তালিগঞ্জ বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ কাইলৈ হ’বলগীয়া বিধানসভা নির্বাচনৰ ভোটগ্রহণত ভোটদান কৰাৰ সম্ভাৱনা ক্ষীণ৷ কেন্দ্রীয় মন্ত্রী সুপ্রিয়ৰ লগতে তেওঁৰ পত্নীও ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ ইপিনে, দ্রুতগতিত ক’ভিড–১৯ৰ সংক্রমণ বর্ধিত হৈ থকা উত্তৰাখণ্ডত চৰকাৰী নার্ছিং কলেজত ৯৩ শিক্ষার্থী ক’ৰোনাত আক্রান্ত হৈছে৷ ইপিনে, পশ্চিমবংগত বিধানসভা নির্বাচনত তৃণমূল কংগ্রেছৰ প্রার্থী কাজল সিনহাৰ ক’ভিড–১৯ত মৃত্যু ঘটিছে৷ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে আজি টুইটযোগে দলটোৰ খাৰদহা সমষ্টিৰ প্রার্থী কাজল সিনহাৰ ক’ৰোনাত মৃত্যু হোৱা বুলি ঘোষণা কৰি দুখ প্রকাশ কৰে৷

You might also like