নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই লাখ টকা যৌতুক নাপাই মানকাচৰত গর্ভৱতীক বর্বৰোচিত হত্যা

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কঁঠালবাৰীত আজি পুৱা এগৰাকী গর্ভৱতী মহিলাৰ মৃতদেহ স্বামীগৃহত উদ্ধাৰ হোৱাৰ বিপৰীতে স্বামীসহ স্বামীৰ পৰিয়ালৰ সকলো সদস্যই ঘৰৰ পৰা প্রয়োজনীয় সামগ্রী লৈ পলায়ন কৰে৷ ঘটনাটোত অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ উল্লেখ্য যে প্রায় ৯ মাহ পূর্বে কঁঠালবাৰী গাঁৱৰ প্রয়াত ওচমান শ্বেখৰ কন্যা খালিদা বেগমক (২২) গাঁওখনৰে কমেজ উদ্দিনৰ পুত্র মেহেবুব আলমে (২৮) ঘৰৰ পৰা অপহৰণ কৰি নি বলপূর্বকভাৱে বিবাহ কৰে৷ বিবাহৰ পাছত প্রায় তিনি মাহ পলাই থাকি প্রায় ৬ মাহ পূর্বে মহিলাগৰাকীৰ পৰিয়ালৰ সৈতে বুজাপৰা কৰি নিজ ঘৰত উপস্থিত হয়৷ কিন্তু ইয়াৰ পাছৰে পৰা মহিলাগৰাকীক পৰিয়ালৰ পৰা যৌতুক বিচাৰি বিভিন্ন প্রকাৰে শাৰীৰিক তথা মানসিকভাৱে অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে স্বামী মেহেবুব আলম তথা তেওঁৰ পৰিয়ালৰ সদস্যসকলে৷ ইতিমধ্যে মহিলাগৰাকীৰ পৰিয়ালে কেইবা লাখ টকাৰ সোণৰ আ–লংকাৰ মহিলাগৰাকীক দিয়াৰ লগতে বিভিন্ন আচবাবো প্রদান কৰিছে৷ কিন্তু বিগত কিছুদিন ধৰি নগদ দুই লাখ টকা বিচাৰি বোৱাৰীগৰাকীক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে৷

এনে পৰিস্থিতিৰ মাজত যোৱানিশাও মহিলাগৰাকীৰ পৰা ২ লাখ টকা দাবী কৰাত ঘৰখনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ নিশা মহিলাগৰাকীয়ে কেনেকৈ দুই লাখ টকা আনি দিব বুলি কোৱাত স্বামী তথা স্বামীৰ পৰিয়ালে মহিলাগৰাকীক মাৰপিট কৰিবলৈ ধৰে৷ অভিযুক্ত পৰিয়ালটো ইমানতে ক্ষান্ত নাথাকি মুখত গাৰুৰ সোপা দি বোৱাৰীগৰাকীক হত্যা কৰি তেওঁৰ শৰীৰত থকা সোণ–ৰূপৰ সকলো আ–লংকাৰ খুলি নিয়ে৷ কেৱল এয়াই নহয়, পৰিয়ালটোৰ মুঠ সাতগৰাকী লোকে ঘৰখনত থকা প্রয়োজনীয় সকলো সমাগ্রী তথা গৰু–ছাগলী আদি গাডী এখন ভাৰা কৰি নিশাৰ ভিতৰতে পলায়ন কৰে৷ পুৱা বোৱাৰীগৰাকীৰ পিতৃগৃহই হত্যা কৰা বুলি স্থানীয় ৰাইজে অৱগত কৰাত ঘৰখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ লগে লগে মানকাচৰ থানাত খবৰ দিয়াৰ পাছতে আৰক্ষীৰ দল আহি উপস্থিত হয় ঘটনাস্থলীত৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ধুবুৰি অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷

লক্ষণীয় যে ঘটনাস্থলীত চাৰিটা হাঁহ মৃত অৱস্থাত উদ্ধাৰ হয়৷ তদুপৰি ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা ম’বাইল ফোন উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ ঘটনাৰ প্রকৃত ৰহস্য পোহৰলৈ অহা নাই৷ অভিযুক্তকেইজনক আৰক্ষীয়ে কৰায়ত্ত কৰিলে জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলি মানকাচৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াজনে সাংবাদিকৰ আগত মন্তব্য কৰে৷ মন কৰিবলগীয়া যে ইতিমধ্যে ভুক্তভোগী বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে মানকাচৰ থানাত কন্যাৰ স্বামীসহ মুঠ ১২জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷

You might also like