নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ১৮ বছৰ বয়সৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়া ক’ভিড টীকাকৰণৰ কথা ঘোষণা কৰিছে ৷ ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যবাসীক সম্বোধন কৰি কয় যে, ১৮-৪৫ বছৰ বয়সৰ লোকসকলৰ বাবে বিনামূলীয়া টিকাকৰণৰ ব্যয় বহন কৰিবলৈ ৰাজকোষৰ পৰা ২ হাজাৰ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে।
ইয়াৰোপৰি ৰাজ্যখনৰ সকলোকে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলিবলৈ ভাষণযোগে অনুৰোধ জনায় ৷