নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৩সংখ্যক অস্কাৰৰ শ্রেষ্ঠ পৰিচালিকাৰ বঁটাৰে অভিলেখ ক্ল’য়ি ঝাওৰ

ইৰফান খান, সুশান্ত সিং ৰাজপুত, ঋষি কাপুৰ, শশীকলাক স্মৰণ

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ অস্কাৰ বঁটাৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি প্রথমবাৰৰ বাবে শ্রেষ্ঠ পৰিচালিকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে চীনা মূলৰ চলচ্চিত্রকাৰ ক্ল’য়ি ঝাৱে৷ এছিয়া বংশোদ্ভৱ প্রথম মহিলা হিচাপে শ্রেষ্ঠ ছবিৰ পৰিচালকৰ বঁটা লাভ কৰিছে ঝাৱে৷ অকল সেয়াই নহয়, ঝাওৰ দ্বাৰা নির্দেশিত ছবি ন’মাণ্ডলেণ্ডে লাভ কৰিছে শ্রেষ্ঠ চলচ্চিত্রৰ বঁটা৷ ৯৩সংখ্যক এই একাডেমী বঁটা প্রদান অনুষ্ঠান কালি অনুষ্ঠিত হয় ভার্চুৱেলী৷ লক্ষণীয়ভাৱে এই বঁটা প্রদান অনুষ্ঠান বিভিন্ন দেশত কালি আৰু আজি পুৱাৰ ভাগত লাইভ–ষ্ট্রিমড ব্যৱস্থাৰে প্রদর্শন কৰা হয়৷ শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ব্রিটিছ অভিনেতা এণ্টনী হপকিনছে৷ ৮৩ বছৰ বয়সত ‘দ্য ফাদাৰ’ শীর্ষক ছবিখনত এগৰাকী ডিমেনছিয়া ৰোগীৰ চৰিত্রত অভিনয় কৰি এই বঁটা লাভ কৰিছে হপকিনছে৷ অস্কাৰৰ ইতিহাসত ৮৩ বছৰ বয়সত শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰাটো এক অভিলেখ হিচাপে চিহ্ণিত হৈছে৷

ইফালে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা লাভ কৰিছে হলীউডৰ মোহময়ী অভিনেত্রী ফ্রান্সেছ মেকড’মাণ্ডে৷ তৃতীয়বাৰলৈ একাডেমী বঁটা লাভ কৰিছে অভিনেত্রীগৰাকীয়ে৷ ন’মাণ্ডলেণ্ডত কৰা মর্মস্পর্শী অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা আগবঢ়োৱা হৈছে ড’মাণ্ডলৈ৷ স্মর্তব্য যে ১৯৯৭ আৰু ২০১৮ চনতো অস্কাৰ বঁটা লাভ কৰিছিল অভিনেত্রীগৰাকীয়ে৷ ন’মাণ্ডলেণ্ডৰ বাবেই ক্ল’য়ি ঝাৱে শ্রেষ্ঠ পৰিচালিকাৰ বঁটা লাভ কৰি অস্কাৰৰ ইতিহাসত প্রথমগৰাকী এছীয় মূলৰ শ্রেষ্ঠ পৰিচালিকা হিচাপে চিহ্ণিত হৈছে৷ লক্ষণীয়ভাৱে শ্রেষ্ঠ ছবিৰ বঁটাও লাভ কৰিছে ন’মাণ্ডলেণ্ডে৷ ইফালে ২০২১ বর্ষত শ্রেষ্ঠ তথ্যচিত্রৰ বঁটা আগবঢ়োৱা হৈছে ‘মাই অক্টোপাছ টিচাৰ’লৈ৷ পিপা এৰলিছ আৰু জেমছ ৰিডৰ দ্বাৰা পৰিচালিত এই তথ্যচিত্রখনলৈ অকাডেমি বঁটা আগবঢ়োৱাৰ পূর্বে চলচ্চিত্র সমালোচকসকলৰ আলোচনালৈ আহিছিল তথ্যচিত্রখন৷ ইফালে অস্কাৰ বঁটা ঘোষণা কৰাৰ পূর্বে বলীউডৰ কেইবাগৰাকীও প্রয়াত অভিনেতা–ভিনেত্রীক সশ্রদ্ধ স্মৰণ কৰা হয়৷ প্রয়াত অভিনেতা ইৰফান খান, ভানু আথাইয়া, সুশান্ত সিং ৰাজপুত, ঋষি কাপুৰ আৰু শশীকলাক ৯৩সংখ্যক অস্কাৰ বঁটাৰ স্মাৰক শাখাত সশ্রদ্ধ স্মৰণ কৰে বঁটা প্রদান কমিটীয়ে৷

You might also like