নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোম কোৱাৰেণ্টাইনৰ নিয়মাৱলী উলংঘা কৰিলে কঠোৰ শাস্তি

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ কামৰূপ মহানগৰ জিলাত ক’ভিড ১৯ৰ সংক্রমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি এই সংক্রমণ ৰোধৰ অর্থে হোম কোৱাৰেণ্টাইন সম্পর্কত কিছুমান নতুন নির্দেশনা জাৰি কৰা হৈছে৷ এই নির্দেশনাসমূহ কার্যকৰী কৰাৰ উদ্দেশ্যে গঠন কৰা হোম কোৱাৰেণ্টাইন তদাৰকী সমিতিসমূহৰ দায়িত্ব আৰু কর্তব্য সম্পর্কত জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত আজি এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু চক্র বিষয়াসকলৰ উপৰি স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

জিলাৰ চহৰাঞ্চল আৰু গ্রামাঞ্চলৰ প্রতিটো এলেকাতে গাঁও পঞ্চায়ত আৰু স্থানীয় এলেকাৰ নাগৰিক সমিতিসমূহৰ লগতে অৱসৰপ্রাপ্ত শিক্ষক, সচেতন নাগৰিক, সংঘ, ক্লাব, বেচৰকাৰী সংস্থা আদিক অন্তর্ভুক্ত কৰি গঠন কৰা হোম কোৱাৰেণ্টাইন সমিতিসমূহে ক’ভিড ১৯ আক্রান্তসকলৰ হোম কোৱাৰেণ্টাইন সম্পর্কীয় সকলো দিশ চোৱাচিতা কৰিব, যাতে কোনো কাৰণতে হোম কোৱাৰেণ্টাইনৰ নীতি–নিয়ম ভংগ কৰা নহয়৷ কোনো ব্যক্তিয়ে হোম কোৱাৰেণ্টাইনৰ নিয়ম ভংগ কৰিলে সমিতিসমূহে ততালিকে স্থানীয় আৰক্ষী–প্রশাসনক অৱগত কৰিব আৰু আৰক্ষীয়ে লগে লগে বিহিত ব্যৱস্থা গ্রহণ কৰিব৷

উল্লেখনীয় যে মহানগৰীৰ এপার্টমেণ্টসমূহতো এনে ধৰণৰ হোম কোৱাৰেণ্টাইন তদাৰকী সমিতি থাকিব৷ কোনো চৰকাৰী বিষয়া অথবা কর্মচাৰীয়ে ক’ভিড ১৯ৰ হোম কোৱাৰেণ্টাইনৰ নিয়ম ভংগ কৰিলে সংশ্লিষ্ট সমিতিয়ে জিলা প্রশাসনক ততালিকে অৱগত কৰিব আৰু পৰৱর্তী পর্যায়ত চাকৰিয়ালজনৰ সংশ্লিষ্ট বিভাগে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিব৷ চক্র বিষয়াসকলে এই সমগ্র প্রক্রিয়াটো তদাৰক কৰিব৷

You might also like