নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়চুকৰ লালুংগাঁৱত পিষ্টলসহ এজনক আটক, ৫জাঁই সক্রিয় গুলী জব্দ

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে অবৈধ মাৰণাস্ত্রৰ সৰবৰাহ৷ ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতে আৰক্ষী প্রশাসনৰ নিৰাপত্তাৰ সুৰুঙাৰ সুযোগ গ্রহণ কৰি দুষ্ট চক্রই অবৈধ মাৰণাস্ত্র সৰবৰাহ কৰাৰ এক তথ্য পোহৰলৈ আহিছে৷ আজি গুৱাহাটী মহানগৰীৰ গড়চুক থানাৰ অন্তর্গত লখৰাৰ লালুং গাঁৱৰ পৰা এটা ৭.৬৫ এম এম পিষ্টলসহ স্পেচিয়েল টাস্ক ফ’ৰ্চ (এছটিএফ)ৰ এটা দলে অভিযান চলাই এজন সৰবৰাহকাৰীক আটক কৰে৷ আটকাধীন অবৈধ মাৰণাস্ত্র সৰবৰাহকাৰীজন চিৰাং জিলাৰ বালাহজাৰৰ সিবিলন বসুমতাৰী বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোৰ পৰা পিষ্টলৰ লগতে ৫ জাঁই সক্রিয় গুলী উদ্ধাৰ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে, অবৈধ মাৰণাস্ত্র সৰবৰাহকাৰীজনে চিৰাঙৰ পৰা লালুং গাঁৱলৈ বিক্রীৰ বাবে মাৰণাস্ত্র লৈ আহিছিল৷ গোপন সূত্রৰ পম খেদি এছটিএফৰ অভিযানকাৰী দলে লালুং গাঁওস্থিত এটা শ্ব’ৰুমৰ সমীপৰ পৰা দিনৰ প্রায় ১ বজাত সৰবৰাহকাৰীজনক আটক কৰাৰ লগতে পিষ্টলসহ পাঁচ জাঁই সক্রিয় গুলী জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত পিষ্টলটো তেওঁ কোনো লোকক বিক্রী কৰিবলৈ অনা বুলি স্বীকাৰোক্তি দিয়ে৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে অবৈধ মাৰণাস্ত্র ক্রয় কৰিব বিচৰা লোকজনৰ পৰিচয় প্রকাশ কৰাৰ পৰা বিৰত থাকে৷

You might also like