নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ক’ভিড মৃতকক সমাধিস্থ কৰিবলৈ নাই ঠাই

দেশৰ ৰাজধানীত মৃত্যুৰ কিৰীলিঃ২৪ ঘণ্টাত ৩৮০জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ প্রাণঘাতী ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সংহাৰত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে দেশৰ ৰাজধানী দিল্লীত৷ কেন্দ্রীয়শাসিত ৰাজ্যখনৰ হাস্পতালসমূহত অক্সিজেন, আই চি ইউ বিছনা তথা জীৱনদায়িনী দৰবৰ যোগান কমি অহাৰ লগে লগে মহামাৰীৰ তাণ্ডৱ অধিক ভয়ংকৰ হৈছে৷ শেহতীয়াকৈ দিল্লীত সমাধিক্ষেত্রত ক’ভিডত প্রাণ হেৰুওৱা লোকক সমাধিস্থ কৰা স্থানৰ অভাৱ ঘটিছে৷ ৰাজধানী চহৰখনত অস্থায়ীভাৱে গঢ়ি তোলা হৈছে সমাধিক্ষেত্র৷ বিভিন্ন স্থানত ক’ভিডত মৃত্যু হোৱা লোকক সমাধিস্থ কৰিবলৈ ঘণ্টাৰ পাছত ঘণ্টা ধৰি প্রতীক্ষা কৰিবলগীয়া হৈছে আত্মীয়সকল৷ কালিৰ দিনটোত দিল্লীত ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে ৩৮০গৰাকী লোকে৷ অৱশ্যে সমগ্র দেশত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা যোৱা ২৪ ঘণ্টাত কিছু হ্রাস পাইছে৷ এদিন পূর্বে দেশত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা আছিল ৩,৫২,৯৯১গৰাকী৷ বিগত ২৪ ঘণ্টাত দেশখনত আক্রান্তৰ সংখ্যা ৩,২৩,১৪৪গৰাকীলৈ হ্রাস পাইছে৷ তথাপি বিশ্বৰ ভিতৰতে শেহতীয়াকৈ ভাৰতত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ লক্ষণীয়ভাৱে যোৱা সপ্তাহত এন ডি টিভিয়ে চলোৱা এক অনুসন্ধানত দিল্লীত অতিৰিক্তভাৱে ১,১৫০গৰাকী লোক ক’ভিডত মৃত্যুমুখত পৰা বুলি তথ্য পোহৰলৈ আহিছিল৷ দিল্লীৰ স্বাস্থ্য বিভাগৰ হিচাপত এই লোকসকলৰ নাম অন্তর্ভুক্ত হোৱা নাছিল৷ অনুৰূপ কেইবাটাও ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী মহানগৰখনত৷ উল্লেখনীয় যে শেহতীয়াকৈ দিল্লীত বিভিন্ন স্থানত থকা উদ্যান তথা মুকলি স্থান সমাধিক্ষেত্র হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে৷ ছৰাই কালে খান সমাধিক্ষেত্রত নতুনকৈ ২৭টা অন্ত্যেষ্টিক্রিয়া স্থান গঢ়ি তোলা হৈছে৷ সেইদৰে যমুনা নদীৰ পাৰত নতুন নতুন স্থানত গঢ়ি তোলা হৈছে ক’ভিডত মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে সমাধিক্ষেত্র৷ বর্তমান সময়ত দিল্লীৰ ক’ভিড পৰিস্থিতি যে অতি শোচনীয় এই সমাধিক্ষেত্রসমূহৰ পৰাই স্পষ্ট হৈ পৰিছে৷ ইফালে দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যখনৰ আপ চৰকাৰক ৰেমডেছিভিৰ দৰবৰ কিয় নাটনি হৈছে, সেই সন্দর্ভত সবিশেষ তথ্য দাখিল কৰিবলৈ নির্দেশ দিছে৷ উল্লেখনীয় যে ৰেমডেছিভিৰ হৈছে ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ বাবে এক প্রয়োজনীয় দৰব৷ কিন্তু দিল্লীৰ হাস্পতালবোৰত অক্সিজেন তথা আই চি ইউ বিছনাৰ অভাৱৰ মাজত কেনেদৰে ৰোগীয়ে এই দৰববিধ লাভ কৰিবলৈ সক্ষম হ’ব, সেই সন্দর্ভতো ন্যায়ালয়ে উত্তৰ বিচাৰিছে চৰকাৰৰ পৰা৷ একে সময়তে উচ্চ ন্যায়ালয়ে বর্তমান ৰাজ্যখনৰ শোচনীয় ক’ভিড পৰিস্থিতিৰ বাবে কেন্দ্র আৰু ৰাজ্য উভয় চৰকাৰকে সমালোচনাও কৰিছে৷
অক্সিজেন যোগানৰ পর্যালোচনা মোদী–শ্বাহৰ, উচ্চতম ন্যায়ালয়ত কেন্দ্রৰ শপতনামা
দেশৰ ৰাষ্ট্রীয় ৰাজধানী দিল্লীৰ হাস্পতালসমূহত অক্সিজেন আৰু আই চি ইউ বিছনাৰ অভাৱ হোৱা বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ সময়তে কেন্দ্রীয় চৰকাৰে আজি উচ্চতম ন্যায়ালয়ত এক শপতনামা দাখিল কৰি কৈছে যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে অক্সিজেন যোগান পৰিস্থিতি প্রত্যক্ষভাৱে যুদ্ধকালীন তৎপৰতাৰে নিৰীক্ষণ কৰি আছে৷ দেশৰ ক’ভিড পৰিস্থিতি সন্দর্ভত আজি কেন্দ্রীয় চৰকাৰে ন্যায়ালয়ত দাখিল কৰে ১০৬ পৃষ্ঠাৰ এক শপতনামা৷ এই শপতনামাত উল্লেখ কৰা হৈছে যে অক্সিজেনৰ যোগান নিশ্চিত কৰিবলৈ প্রধানমন্ত্রী আৰু গৃহমন্ত্রীয়ে পৰিস্থিতি প্রত্যক্ষভাৱে নিৰীক্ষণ কৰিছে৷ শপতনামাত কেন্দ্রীয় চৰকাৰে মহামাৰীৰ মোকাবিলাৰ ক্ষেত্রত কি কি ব্যৱস্থা গ্রহণ কৰিছে, সেই সন্দর্ভতো সবিশেষ তথ্য উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে দেশৰ ভিতৰতে অক্সিজেন যোগানৰ উৎস গঢ়ি তোলা আৰু বিদেশৰ পৰাও অক্সিজেন আমদানি কৰাৰ ব্যৱস্থা চৰকাৰে গ্রহণ কৰা বুলি শপতনামাত স্পষ্ট কৰি দিয়া হৈছে৷
মোদীৰ খুৰীয়েক নর্মদাবেনৰ ক’ভিডত মৃত্যু
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ খুৰীয়েক নর্মদাবেন মোদীৰ আজি ক’ভিড মহামাৰীত মৃত্যু হৈছে৷ আহমেদাবাদৰ চৰকাৰী হাস্পতালত ক’ভিড আক্রান্ত নর্মদাবেনক চিকিৎসা প্রদান কৰি থকা হৈছে৷ উল্লেখনীয় যে ৮০ বছৰীয়া নর্মদাবেনে নিউ ৰাণিপ অঞ্চলত বাস কৰিছিল৷ ১০ দিন পূর্বে নর্মদাবেনক হাস্পতালত ভর্তি কৰোৱা হৈছিল বুলি প্রধানমন্ত্রীৰ ভাতৃ প্রহ্লাদ মোদীয়ে উল্লেখ কৰিছে৷ উল্লেখনীয় যে প্রধানমন্ত্রীৰ পিতৃ দামোদৰ দাসৰ ভাতৃ জগজীৱন দাসৰ পত্নী আছিল নর্মাদবেন মোদী৷
নাগালেণ্ডত লকডাউন, গুজৰাটত নৈশ সান্ধ্য আইন
উত্তৰ–পূবৰ ৰাজ্য নাগালেণ্ডত শেহতীয়াকৈ ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোক লৈ উদ্বিগ্ণ হৈ পৰিছে চৰকাৰ৷ ৰাজ্য চৰকাৰে আগন্তুক ৩০ এপ্রিলৰ পৰা বলৱৎ হোৱাকৈ ৰাজ্যখনত দুই সপ্তাহৰ বাবে লকডাউন জাৰি কৰাৰ সিদ্ধান্ত লৈছে৷ অৱশ্যে এই লকডাউনত বিভিন্ন ক্ষেত্রত শিথিলতা ৰখা হ’ব বুলি স্পষ্ট কৰি দিছে চৰকাৰে৷ আজি ৰাজ্যখনত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ২০৭গৰাকী লোক৷ এতিয়ালৈকে নাগালেণ্ডত ১৩,৪৪৫গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে যদিও ইয়াৰে ৮৪৭গৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে৷ স্মর্তব্য যে আজি ডিমাপুৰত ১৭৭গৰাকী লোক ক’ভিডত নতুনকৈ আক্রান্ত হোৱা বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ গুজৰাটত ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যখনৰ বিজয় ৰূপানী চৰকাৰে নতুন নতুন চহৰলৈ সম্প্রসাৰণ কৰিছে নৈশ সান্ধ্য আইন৷ শেহতীয়াকৈ ৰাজ্যখনত মুঠ ২৯খন মহানগৰত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে৷ নৈশ সান্ধ্য আইন জাৰি কৰা এই মহানগৰসমূহত সকলো ৰেষ্টুৰেণ্ট, ছুইমিং পুল, চলচ্চিত্র প্রেক্ষাগৃহ, শ্ব’পিং মল, জল উদ্যান ৫ মে’লৈকে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

৫ টন অক্সিজেন ভাৰতলৈ প্রেৰণ কৰাৰ পাছতে আমেৰিকাই ক’ভিড মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত দেশখনত যুদ্ধকালীন তৎপৰতাৰে ভেকচিন প্রস্তুতৰ কেঁচামাল প্রদান কৰাৰ সিদ্ধান্ত লৈছে৷ উল্লেখনীয় যে হোৱাইট হাউছ আৰু নতুন দিল্লী প্রশাসনৰ মাজত শেহতীয়াকৈ চলা যোগাযোগৰ উপৰি প্রধানমন্ত্রী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত সহমত পোষণ কৰাৰ লগে লগে আমেৰিকাৰ পৰা ভাৰতে বিভিন্ন সাহায্য লাভ কৰিবলৈ লৈছে৷ বাইডেন প্রশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি অক্সফ’ড–এষ্ট্রাজেনেকাৰ ক’ভিশ্বিল্ড ভেকচিন প্রস্তুতৰ বাবে ভাৰতৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছ আই আই)লৈ বিভিন্ন কেঁচামাল প্রেৰণ কৰা হৈছে৷ মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত আমেৰিকাই ভাৰতক সকলো ধৰণে সহায় কৰিব বুলিও প্রতিশ্রুতি দিছে বাইডেন প্রশাসনে৷ ইফালে মার্কিন প্রতিৰক্ষা দপ্তৰ পেণ্টাগনৰ তৰফৰ পৰাও এই কথা স্পষ্ট কৰা হৈছে যে ভাৰতলৈ আগন্তুক কেইটামান দিনৰ ভিতৰতে মহামাৰীৰ মোকাবিলাৰ বাবে বিভিন্ন সামগ্রী প্রেৰণ কৰা হ’ব৷ পেণ্টাগনৰ প্রেছ সচিব জন কিৰবিয়ে উল্লেখ কৰা অনুসৰি ভাৰতক এই দুর্যোগৰ সময়ত ভেকচিন প্রস্তুতৰ সামগ্রীৰ পৰা আৰম্ভ কৰি মহামাৰীৰ মোকাবিলাৰ বাবে যাৱতীয় সকলো সামগ্রী যোগান ধৰিবলৈ আমেৰিকা সাজু হৈ আছে৷ লক্ষণীয়ভাৱে এসপ্তাহ পূর্বে দেশখনৰ প্রতিৰক্ষা সচিব লয়ড অষ্টিনে উল্লেখ কৰিছিল যে অক্সিজেনৰ উপৰি বিভিন্ন টেষ্টিং কিট, পি পি ই তথা অন্যান্য সামগ্রী ভাৰতক আমেৰিকাই যোগান ধৰিব৷ ভাৰতৰ সৈতে এইক্ষেত্রত সঘনে যোগাযোগ চলাই থকা বুলিও লয়ডে উল্লেখ কৰিছে৷ স্মর্তব্য যে ভেকচিন প্রস্তুতৰ বাবে আমেৰিকাই ভাৰতক কেঁচামাল যোগান নধৰে বুলি সিদ্ধান্ত লোৱাৰ পাছতে নতুন দিল্লী প্রশাসনে হোৱাইট হাউছৰ সৈতে যোগাযোগ চলায়৷ ইয়াৰ পাছতে আমেৰিকাৰ বাইডেন প্রশাসনে বন্ধু ৰাষ্ট্র ভাৰতক এই মহামাৰীৰ দুর্যোগৰ সময়ত সকলো সহায় আগবঢ়োৱা হ’ব বুলি প্রতিশ্রুতি দিছে৷

দুর্যোগৰ সময়ত ভাৰতক সহায়ৰ প্রতিশ্রুতি ফ্রান্সৰ
আমেৰিকা, ব্রিটেইন তথা অন্যান্য দেশে ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণৰ কবলত পৰা ভাৰতক বিভিন্ন ধৰণে সাহায্য আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়াৰ সময়তে ইউৰোপীয় ৰাষ্ট্র ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নে আজি হিন্দীতে এক বার্তা ছ’চিয়েল মিডিয়াযোগে বিনিময় কৰি ভাৰত আৰু ফ্রান্সৰ বন্ধুত্বত একতা থকা বুলি উল্লেখ কৰিছে৷ মহামাৰীয়ে কাকো স্পর্শ নকৰাকৈ নেৰে বুলি উল্লেখ কৰি মেক্র’নে মন্তব্য কৰিছে যে ভাৰত এতিয়া অতি ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ ফ্রান্স আৰু ভাৰত সদায় ঐক্যবদ্ধ হৈ থকা বুলি উল্লেখ কৰি এই দুর্যোগৰ সময়ত ভাৰতে ফ্রান্সৰ পৰা সকলো সাহায্য লাভ কৰিব বুলিও ঘোষণা কৰিছে মেক্র’নে৷ লক্ষণীয়ভাৱে ক’ভিড মহামাৰীৰ মোকাবিলাৰ বাবে ফ্রান্সে প্রথম পর্যায়ত ভাৰতলৈ চিকিৎসা সঁজুলি, ভেণ্টিলেটৰ, অক্সিজেন তথা ৮টাকৈ অক্সিজেন জেনেৰেটৰ প্রেৰণৰ সিদ্ধান্ত লৈছে৷ প্রতিটো অক্সিজেন জেনেৰেটৰে একোখন হাস্পতালক ১০ বছৰৰ বাবে অক্সিজেনৰ ক্ষেত্রত আত্মনির্ভৰ কৰি তুলিব বুলিও মেক্র’নে উল্লেখ কৰিছে৷ মেক্র’নে এই কথাও উল্লেখ কৰিছে যে মহামাৰীৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে জয়লাভ কৰিব লাগিব৷ লক্ষণীয়ভাৱে ফৰাছী ৰাষ্ট্রদূত ইমানুৱেল লেনেইনে ইয়াৰ পূর্বেই ভাৰতক বিভিন্ন ধৰণে মহামাৰীৰ মোকাবিলাৰ বাবে সাহায্য আগবঢ়াব বুলি প্রতিশ্রুতি দিছিল৷ স্মর্তব্য যে ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,২৩,১৪৪গৰাকী লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈছে৷ দেশখনত এতিয়ালৈকে মুঠ ক’ভিড আক্রান্তৰ সংখ্যা হৈছে ১ কোটি ৭৬ লাখ৷

You might also like